ETV Bharat / city

বিজেপিৰ কাৰ্যকালত ভালুকৰ সাঙীত পৰিণত হৈছে নেকি GMDA !

author img

By

Published : May 4, 2022, 9:53 PM IST

টাউন এণ্ড কান্ট্ৰি প্লেনিং (Town and country planning) আইন, 1959 (সংশোধিত)ৰ অধীনত 1962 চনত গঠন কৰা হৈছিল গুৱাহাটী উন্নয়ন কৰ্তৃপক্ষ । 2001 চনৰ পিছত তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ শাসনত গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষক বেছ শক্তিশালী কৰি গঢ়ি তোলা হৈছিল । কিন্তু বি জে পি চৰকাৰৰ প্ৰায় ছয়বছৰীয়া কাৰ্যকালত গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই কোনো নতুন প্ৰকল্প ৰূপায়ণ কৰা দূৰৈৰ কথা কোনো পৰিকল্পনা কৰিব নোৱাৰিলে(GMDA has not been able to start any new project) ৷

GMDA has not been able to start any new project for 8-9 years
বিজেপিৰ কাৰ্যকালত ভালুকৰ সাঙীত পৰিণত জিএমডিএ

গুৱাহাটী, 4 মে’ : গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই (Guwahati Metropolitan Development Authority) বছৰ 30 বছৰ সম্পূৰ্ণ কৰিছে । গুৱাহাটীৰ উন্নয়নৰ উদ্দেশ্যেৰে গঠন কৰা গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই যোৱা 8-9 বছৰ ধৰি কোনো নতুন প্ৰকল্প আৰম্ভ কৰিব পৰা নাই । অৰ্থাৎ বি জে পি চৰকাৰৰ প্ৰায় ছয়বছৰীয়া কাৰ্যকালত গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই কোনো নতুন প্ৰকল্প ৰূপায়ণ কৰা দূৰৈৰ কথা কোনো পৰিকল্পনা কৰিব নোৱাৰিলে(BJP govt has no plan to develop in Guwahati city) ।

2001 চনৰ পিছত তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ শাসনত গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষক বেছ শক্তিশালী কৰি গঢ়ি তোলা হৈছিল । উল্লেখ্য যে, টাউন এণ্ড কান্ট্ৰি প্লেনিং (Town and country planning) আইন, 1959 (সংশোধিত)ৰ অধীনত 1962 চনত গঠন কৰা হৈছিল গুৱাহাটী উন্নয়ন কৰ্তৃপক্ষ । তাৰ পিছত গুৱাহাটী মেট্ৰ'পলিটান ডেভেলপমেণ্ট অৰ্থৰিটি এক্ট 1985 (সংশোধিত) অনুসৰি, গুৱাহাটী উন্নয়ন কৰ্তৃপক্ষৰ নাম সলনি কৰি 1992 চনৰ 1 এপ্ৰিলত গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ (জিএমডিএ) প্ৰতিষ্ঠা কৰা হৈছিল ।

মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শাসনকালতে গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই কেইবাখনো গুৱাহাটীৰ অভিলাষী আঁচনি গ্ৰহণ কৰিছিল । গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই 2009 চনত 2025 চনক নিৰ্দ্ধাৰণ কৰি গুৱাহাটী মাষ্টাৰ প্লেন, 2025 প্ৰস্তুত কৰিছিল । তাৰ পিছত আকৌ 2035 চনক সময়সীমা নিৰ্দ্ধাৰণ কৰি গুৱাহাটীৰ বাবে গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই গুৱাহাটী মাষ্টাৰ প্লেন, 2035 প্ৰস্তুত কৰিছিল যদিও ৰাজ্যিক কেবিনেটৰ অনুমোদন নোহোৱাৰ বাবে এই মাষ্টাৰ প্লেনখন কাৰ্যকৰী নহ'ল ।

গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই 2009 চনত গুৱাহাটীৰ ভৰলুমুখত পদদলং নিৰ্মাণ কৰে । তাৰ পিছত 2013-14 চনত গুৱাহাটীৰ মালিগাঁৱত আৰু লাচিত নগৰত দুখন পদদলং নিৰ্মাণ কৰে । আকৌ 2013-14 চনত গুৱাহাটীৰ পান বজাৰৰ ওচৰত মহাবাহু ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ চেন্টাৰ, গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী ৰোপৱে, ব্ৰহ্মপুত্ৰ নদীৰ পাৰ উন্নয়ন, পানবজাৰ আৰু জুৰোডৰ ওচৰত মাল্টিকাৰ পাৰ্কিং, গেম ভিজেল নিৰ্মাণ, গুৱাহাটী মেট্ৰ’ ৰেল প্ৰকল্পৰ পৰিকল্পনা কৰা হৈছিল ।

ইয়াৰে গুৱাহাটী মেট্ৰ’ ৰেল প্ৰকল্প আৰু ব্ৰহ্মপুত্ৰ নদীৰ পাৰ উন্নয়ন প্ৰকল্প ৰূপায়ন হোৱা নাই । মন কৰিবলগীয়া যে বি জে পি 2016-17 চনত বি জে পি ৰাজ্যৰ শাসন ক্ষমতা দখল কৰাৰ পিছৰে পৰা গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই গুৱাহাটীৰ উন্নয়নৰ বাবে কোনো নতুন প্ৰকল্প ৰূপায়ন কৰা দূৰৈৰ কথা কোনো নতুন প্ৰকল্পৰ পৰিকল্পনা কৰা নাই । বি জে পি চৰকাৰৰ 6 বছৰীয়া শাসনকালত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত উত্তৰ গুৱাহাটী আৰু গুৱাহাটী সংযোগী দলং নিৰ্মাণ, গুৱাহাটীত পাঁচখন এক্সেলেটৰযুক্ত পদদলং নিৰ্মাণ, চাৰিখন উৰণসেতু নিৰ্মাণ আৰু গুৱাহাটীৰ নলা নৰ্দমা নিৰ্মাণৰ কামৰ দায়িত্ব লোক নিৰ্মাণ বিভাগক দিয়া হৈছে ।

গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ এক উচ্চস্তৰীয় সূত্ৰই জনায় যে, গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ ধনৰ অভাৱৰ বাবে যোৱা সময়ছোৱাত কোনো নতুন প্ৰকল্প ৰূপায়ন কৰা হোৱা নাই । তদুপৰি গুৱাহাটীৰ উন্নয়নৰ বাবে নতুন প্ৰকল্প ৰূপায়ন কৰাৰ বাবে গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ কাৰ্যালয়ত কোনো কনচালন্টেট( Consultant) নাই । এতিয়া মাত্ৰ গুৱাহাটীত গৃহ নিৰ্মাণৰ অনুমতি দিয়াৰ বাহিৰে গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ কোনো কাম নাই ।

লগতে পঢ়ক : African Swine Flu: বিশ্বনাথত ৬৬ খন গাঁৱক সামৰি জিলা প্ৰশাসনৰ নিষেধাজ্ঞা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.