ETV Bharat / city

ভুৱা এনকাউণ্টাৰৰ বিস্তৃত শপতনামা দাখিলৰ বাবে ৰাজ্যৰ গৃহ বিভাগক দুসপ্তাহৰ সময় উচ্চ ন্যায়ালয়ৰ

author img

By

Published : Jan 11, 2022, 8:38 PM IST

গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যত শেহতীয়াকৈ সংঘটিত হোৱা ভুৱা এনকাউণ্টাৰৰ অভিযোগ সন্দৰ্ভত অহা দুসপ্তাহৰ ভিতৰত ৰাজ্য চৰকাৰৰ গৃহ বিভাগক ভুৱা এনকাউণ্টাৰৰ সম্পৰ্কত উচ্চ ন্যায়ালয়ত বিস্তৃত শপতনামা দাখিল কৰাৰ নিৰ্দেশ দিছে (Gauhati HC asked detailed affidavit on fake encounters) ।

gauhati-hc-asked-detailed-affidavit-on-fake-encounters-from-state-governments-home-department
ভুৱা এনকাউণ্টাৰৰ বিস্তৃত শপতনামা দাখিল

গুৱাহাটী, 11 জানুৱাৰী : উচ্চ ন্যায়ালয়ে ৰাজ্যত শেহতীয়াকৈ সংঘটিত হোৱা ভুৱা এনকাউণ্টাৰৰ অভিযোগ সন্দৰ্ভত অহা দুই সপ্তাহৰ ভিতৰত ৰাজ্য চৰকাৰৰ গৃহ বিভাগক উচ্চ ন্যায়ালয়ত বিস্তৃত শপতনামা দাখিল কৰাৰ নিৰ্দেশ দিছে (Gauhati HC asked detailed affidavit on fake encounters) । গুৱাহাটী ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু ন্যায়াধীশ সুমিত্ৰ শইকীয়াৰ বিচাৰপীঠে ভুৱা এনকাউণ্টাৰৰ অভিযোগ সন্দৰ্ভত মঙলবাৰে শুনানী গ্ৰহণ কৰে ৷

ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ সচিব আৰু প্ৰধান সচিবক দুসপ্তাহৰ ভিতৰত ভুৱা এনকাউণ্টাৰৰ সম্পৰ্কত উচ্চ ন্যায়ালয়ত বিস্তৃত শপতনামা দাখিল কৰাৰ নিৰ্দেশ দিছে ন্যায়াধীশ সুমিত্ৰ শইকীয়াৰ বিচাৰপীঠে (Gauhati HC orders Assam government on fake encounters) । উচ্চ ন্যায়ালয়ে যোৱা ৩ জানুৱাৰীত ন্যায়ালয়ত বিষয়টোক গুৰুত্ব সহকাৰে বিবেচনা কৰি ১১ জানুৱাৰী তাৰিখে বিষয়টোৰ বাবে শুনানি ধাৰ্য কৰিছিল ।

নতুন দিল্লীস্থিত জ্যেষ্ঠ অধিবক্তা আৰিফ জোৱাদ্দাৰৰ এক জনস্বার্থজনিত আবেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ে এই আদেশ জাৰি কৰে । জ্যেষ্ঠ অধিবক্তা আৰু ভাৰত চৰকাৰৰ প্ৰাক্তন অতিৰিক্ত মহাধিবক্তা ইন্দিৰা জয়সিঙে আবেদনকাৰী জোৱাদ্দাৰৰ হৈ যুক্তি আগবঢ়ায় ৷

জোৱাদ্দাৰে এই ভুৱা এনকাউণ্টাৰৰ অভিযোগ সন্দৰ্ভত এক নিৰপেক্ষ তদন্ত বিচাৰিছে (Inquiry on alleged fake encounters in Assam) । অধিবক্তা আৰিফ জোৱাদ্দাৰে এই জনস্বার্থজনিত আবেদন (নং ৮৬/২০২১) দাখিল কৰিছিল ৷ তেওঁৰ মতে ২০২১ চনৰ মে’ মাহৰ পৰা ৮০ টা এনে ভুৱা এনকাউণ্টাৰ সংঘটিত হৈছিল ৷

ইয়াৰ ফলত, ২৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৪৮ জন লোক আহত হৈছিল । নিজৰ আবেদনত জোৱাদ্দাৰে এইসমূহ ঘটনাৰ নিৰপেক্ষ তদন্তৰ লগতে চি বি আই তদন্ত আৰু ন্যায়ালয়ৰ পর্যবেক্ষণত আৰক্ষীৰ বিশেষ গোটৰ দ্বাৰাও এক তদন্তৰ দাবী কৰিছিল । তেওঁ লগতে তদন্তৰ পাছত নিহত লোকসকলৰ পৰিয়ালৰ বাবে ক্ষতিপূৰণৰ বাবেও দাবী উত্থাপন কৰা হৈছিল । উচ্চ ন্যায়ালয়ৰ মঙলবাৰৰ শুনানীত গৃহ বিভাগৰ মহাধিবক্তা (Advocate general of Gauhati HC) ডি শইকীয়া উপস্থিত আছিল ।

লগতে পঢ়ক : অসম-মণিপুৰ সীমান্তত দুৰ্বৃত্তৰ গুলী চালনা : আহত এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.