ETV Bharat / city

জনতা ভৱনৰ খালী পদেই পূৰণ কৰিব পৰা নাই চৰকাৰে

author img

By

Published : Jan 7, 2022, 8:26 PM IST

চৰকাৰ গঠন কৰাৰ পিছতেই তাৎক্ষণিকভাৱে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে চলিত বৰ্ষতেই এক লাখ চৰকাৰী পদত নতুন নিযুক্তি দিয়া হ'ব (Assam CM assures one lakh govt jobs)। সেই পদসমূহৰ ভিতৰত অন্তৰ্ভুক্ত হৈ আছিল খালী হৈ থকা পদৰ উপৰি নতুনকৈ সৃষ্টি কৰিবলগীয়া পদ । বিত্তমন্ত্ৰী অজন্তা নেওগে বাজেটতো প্ৰকাশ কৰিছিল এই কথা ৷ এই পৰ্যন্ত ৰাজ্যৰ প্ৰশাসনীয় ব্যৱস্থাৰ হৃৎ পিণ্ডস্বৰূপ জনতা ভৱনৰে মুঠ ৯৯৩ টাকৈ পদ পূৰণ কৰিব পৰা নাই ৷

1 lakh govt jobs
জনতা ভৱনৰ খালী পদেই পূৰণ কৰিব পৰা নাই চৰকাৰে

গুৱাহাটী, ৭ জানুৱাৰী : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে এক লাখ চৰকাৰী চাকৰি দিয়াৰ বাবে তৎপৰতা চলালেও (Assam CM assures one lakh govt jobs) জনতা ভৱনত খালী হৈ থকা পদসমূহেই পূৰণ কৰিব পৰা নাই এই পৰ্যন্ত (Vacancy at Assam Secretariat)। ৰাজ্যৰ প্ৰশাসনীয় ব্যৱস্থাৰ হৃৎপিণ্ডস্বৰূপ জনতা ভৱনতেই আছে মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি সকলো মন্ত্ৰীৰে কার্যালয় ।

এক অৰ্থত জনতা ভৱনৰ পৰাই পৰিচালিত হয় ৰ‍াজ্যখন । কিন্তু জনতা ভৱন অর্থাৎ অসম সচিবালয়তে এতিয়া অভাৱ ঘটিছে বিষয়া-কৰ্মচাৰীৰ । যি সময়ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী বিভাগসমূহৰ কাম-কাজ অনলাইন কৰাৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে সেই সময়তে জনতা ভৱনত থকা বিভিন্ন বিভাগত মুঠ ৯৯৩ টাকৈ পদ খালী হৈ থকাৰ কথা পোহৰলৈ আহিছে ।

আনকি উপ-সচিব, অধীক্ষক, জ্যেষ্ঠ প্ৰশাসনীয় সহায়ক, কনিষ্ঠ প্ৰশাসনীয় সহায়ক আদিৰ দৰে অতি গুৰুত্বপূর্ণ বহুসংখ্যক পদো দীর্ঘদিন ধৰি খালী হৈ আছে । যাৰ ফলত এতিয়া কোনো এটা কামৰ বাবে জনতা ভৱনলৈ যোৱা সাধাৰণ লোকসকল ভীষণ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে ।

তথ্য অনুসৰি অসম সচিবালয় জনতা ভৱনৰ প্ৰশাসন বিভাগৰ বিভিন্ন পর্যায়ৰ অনুমোদিত পদৰ সংখ্যা হৈছে ২,৯৮৮ টা । কিন্তু এই বৃহৎসংখ্যক পদৰ ভিতৰত ১,৯৯৫ টা পদহে পূৰণ হৈ আছে । অর্থাৎ খালী হৈ থকা পদৰ সংখ্যা হৈছে ৯৯৩ টা । তথ্য অনুসৰি বৰ্ত্তমান উপ-সচিবৰ ৫ টা পদ খালী হৈ থকাৰ বিপৰীতে অধীক্ষকৰ অনুমোদিত ১৫৩ টা পদৰ ভিতৰত ৪২টা পদ, জ্যেষ্ঠ প্ৰশাসনীয় সহায়কৰ ৬২৩টা পদৰ ভিতৰত ৯৬ টা পদ, কনিষ্ঠ প্ৰশাসনীয় সহায়কৰ ৬৫৯ টা পদৰ ভিতৰত ৩৫৪ টা পদ খালী হৈ আছে ৷

তাৰোপৰি জ্যেষ্ঠ কম্পিউটাৰ অপাৰেটৰৰ ৮৮ টা পদৰ ভিতৰত ৪৫ টা পদ, কম্পিউটাৰ অপাৰেটৰৰ ২৬৪টা পদৰ ভিতৰত ১১০টা পদ, ষ্টেনোগ্ৰাফাৰ গ্ৰেড-১ৰ ৮৭ টা পদৰ ভিতৰত ৬০ টা পদ, ষ্টেনোগ্ৰাফাৰ গ্ৰেড-২ ৰ ৬৭ টা পদৰ ভিতৰত ৩৮ টা পদ, ষ্টেনোগ্ৰাফাৰ গ্ৰেড-৩৯৬ টা পদৰ ভিতৰত ৭৩ টা পদ, গাড়ী চালকৰ ৮৬ টা পদৰ ভিতৰত ২৫ টা পদ আৰু চতুর্থ শ্ৰেণীৰ কর্মচাৰীৰ ৬৫৯ টা পদৰ ভিতৰত ১৩৮ টা পদ খালী হৈ আছে ।

ইফালে এই বৃহৎসংখ্যক পদ খালী হৈ থকাৰ পাছতো চৰকাৰে মাত্ৰ কনিষ্ঠ প্ৰশাসনীয় সহায়কৰ ১৭৩টা পদ আৰু কম্পিউটাৰ অপাৰেটৰৰ ৮৬ টা পদ পূৰণৰ ক্ষেত্ৰতহে প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।

মন কৰিবলগীয়া যে, বৃহৎ সংখ্যক পদ খালী হৈ থকাৰ ফলত জনতা ভৱনৰ সকলো কাম-কাজ অত্যন্ত লেহেমীয়া হৈ পৰিছে । কামৰ বোজাৰ দোহাই দি কৰ্মচাৰীসকলে সাধাৰণ কাম এটাৰ ক্ষেত্ৰতে পষেক বা এটা মাহ পর্যন্ত সময় ল’বলৈ ধৰিছে । যাৰ ফলত ৰাজ্যৰ ভিন ভিন প্ৰান্তৰ পৰা বিভিন্ন কাম লৈ জনতা ভৱনলৈ অহা লোকসকলে তাঁত-বাতি কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ।

কিন্তু চৰকাৰী কাম-কাজ ডিজিটেল কৰা হ'ব বুলি ঘোষণা কৰা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে এনেবোৰ কথাত মুঠেই গুৰুত্ব প্ৰদান কৰা নাই । ফলত দুৰ্ভোগ ভুগিবলগীয়া হৈছে সাধাৰণ জনতাই । লক্ষণীয় বিষয় যে, এক লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰখনে বৰ্তমানলৈতকে জনতা ভৱনতে খালী হৈ থকা পদসমূহ পূৰণ কৰিব পৰা নাই ।

লগতে পঢ়ক: নিটি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল অসমৰ স্বাস্থ্য খণ্ডৰ প্ৰকৃত চেহেৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.