ETV Bharat / city

Nirmala Sitharaman to visit Assam: ৰাজ্যৰ বাজেট দাখিলৰ পূৰ্বেই অসমলৈ আহিব নিৰ্মলা সীতাৰমণ

author img

By

Published : Mar 5, 2022, 3:49 PM IST

union-finance-minister-nirmala-sitharaman-to-visit-guwahati-to-hold-discussions-on-union-budget-2022-23
ৰাজ্যৰ বাজেট দাখিলৰ পূৰ্বেই অসমলৈ আহিব নিৰ্মলা সীতাৰমণ

9 মাৰ্চত গুৱাহাটীত আহি উপস্থিত হ’ব বিত্ত মন্ত্ৰী সীতাৰমণ (Union Finance Minister Nirmala Sitharaman) । ৰাজ্যৰ বিত্ত বিভাগৰ প্ৰধান সচিব সমীৰ সিনহাই শণিবাৰে ই টিভি ভাৰতক জানিবলৈ দিয়া মতে, চৰকাৰে সদনত আগন্তুক বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰাৰ আগতেই অসমলৈ আহিব দেশৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ (FM Nirmala Sitharaman to visit Assam) ।

গুৱাহাটী, 5 মাৰ্চ : আগন্তুক 14 মাৰ্চৰ পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ বাজেট অধিৱেশন (Assam Assembly budget session to begin from March 14) । ৰাজ্যৰ বিত্ত মন্ত্ৰী অজন্তা নেওগে বিধানসভাত 16 মাৰ্চত দাখিল কৰিব 2022-23 বিত্তীয় বৰ্ষৰ বাজেট ( Union Budget 2022-23) । ৰাজ্যৰ বিত্ত বিভাগৰ প্ৰধান সচিব সমীৰ সিনহাই শণিবাৰে ই টিভি ভাৰতক জানিবলৈ দিয়া মতে, চৰকাৰে সদনত আগন্তুক বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰাৰ আগতেই অসমলৈ আহিব দেশৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ (FM Nirmala Sitharaman to visit Assam) ।

লগতে প্ৰধান সচিব গৰাকীয়ে প্ৰকাশ কৰা মতে, দেশৰ বিত্ত মন্ত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মা ( CM Himanta Biswa Sarma) আৰু বিত্ত মন্ত্ৰী অজন্তা নেওগৰ সৈতে এখন বৈঠকত মিলিত হ’ব । এই বৈঠকত 16 মাৰ্চত বিধানসভাত বিত্ত মন্ত্ৰী অজন্তা নেওগে (Assam Finance Minister Ajanta Neog) দাখিল কৰিবলগীয়া 2022-23 বৰ্ষৰ বাজেটত উত্থাপন হ’বলগীয়া বিশেষ দিশসমূহ কেন্দ্ৰীয় বিত্ত মন্ত্ৰী গৰাকীয়ে পৰ্যালোচনা কৰিব (Special aspects will be reviewed by Union Finance Minister) ।

ইপিনে, বিত্ত বিভাগৰ এক শীৰ্ষ সুত্ৰই প্ৰকাশ কৰা মতে, 2022-23 বৰ্ষৰ বাজেটত হিতাধিকাৰী সৃষ্টি কৰা কোনো নতুন আঁচনি সন্নিবিষ্ট নোহোৱাৰ সম্ভাৱনাই অধিক । কিয়নো 2021-22 বৰ্ষৰ বাজেটত ৰাজ্যৰ জনতাক চমক দিবলৈ গৈ চৰকাৰে অনেক হিতাধিকাৰী সৃষ্টিৰ আঁচনি ঘোষণা কৰিছিল । মহিলাক মাইক্ৰ'ফাইনাঞ্চৰ ঋণ ৰেহাই দিয়াৰ পৰা আৰম্ভ কৰি অৰুণোদয়, অৰুন্ধতী, স্বয়ম আদি বিভিন্ন আঁচনি বিগত বৰ্ষৰ বাজেটত চৰকাৰে ঘোষণা কৰিছিল । যিবিলাক মূলতঃ আছিল লাখ লাখ হিতাধিকাৰী সৃষ্টি কৰা আঁচনি ।

যাৰ ফলস্বৰূপে এটা বছৰ সম্পূৰ্ণ নৌহওঁতেই ৰাজ্য চৰকাৰখনে বিভিন্ন উৎসৰ পৰা প্ৰায় 18 হাজাৰ কোটি টকা ঋণ ল’বলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ল । সেয়েহে 2022-23 ৰ বাজেটত হিতাধিকাৰী সৃষ্টি কৰিব খোজা তেনে কোনো আঁচনি এইবাৰ ঘোষণা কৰিব খোজা নাই ৰাজ্য চৰকাৰে । ইতিমধ্যে বিভাগ সমূহৰ পৰা বাজেটত ধাৰ্য কৰিবলগীয়া প্ৰয়োজনীয় পূঁজিৰ হিচাপ বিত্ত বিভাগে সংগ্ৰহ কৰিছে ।

ইফালে বিত্ত মন্ত্ৰী অজন্তা নেওগ ব্যস্ত হৈ পৰিছে এই নতুন বাজেটৰ প্ৰস্তুতিত । কিয়নো কেন্দ্ৰীয় বিত্ত মন্ত্ৰী গৰাকীৰ এই দুদিনীয়া ভ্ৰমণৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটোৱেই হ'ল ৰাজ্য চৰকাৰে দাখিল কৰিব লগীয়া আগন্তুক বিত্তীয় বৰ্ষৰ বাজেটখন পৰ্যালোচনা কৰা । আনহাতে, 9 মাৰ্চত গুৱাহাটীত আহি উপস্থিত হ’ব বিত্ত মন্ত্ৰী সীতাৰমণ (Union Finance Minister Nirmala Sitharaman) । সেইদিনা বিত্তমন্ত্ৰীগৰাকী গুৱাহাটীতে কটাই 10 মাৰ্চত দিল্লীলৈ উভতি যাব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : Manipur election 2022 : মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অ'ক্ৰাম ইববি সিঙে সাব্যস্ত কৰিলে ভোটাধিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.