ETV Bharat / bharat

Manipur election 2022 : মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অ'ক্ৰাম ইববি সিঙে সাব্যস্ত কৰিলে ভোটাধিকাৰ

author img

By

Published : Mar 5, 2022, 1:21 PM IST

Updated : Mar 5, 2022, 2:17 PM IST

মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অ'ক্ৰাম ইববি সিং শনিবাৰে পুৱা আথোকপাম বিদ্যালয়ত সপৰিবাৰে ভোটদান সাব্যস্ত কৰে(Former Manipur CM Okram Ibobi Singh casts vote) । ভোটদান কেন্দ্ৰত কাৰিকৰী বিসংগতিৰ বাবে প্ৰায় ২৫ মিনিত সময় অপেক্ষা কৰিবলগীয়া হয় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী । ইববি সিঙে এইবাৰ থাওৱল সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিছে ।

Former Manipur CM Okram Ibobi Singh casts vote
মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অ'ক্ৰাম ইববি সিং সাব্যস্ত কৰিলে ভোটাধিকাৰ

ইম্ফল, ৫ মাৰ্চ : মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অ'ক্ৰাম ইববি সিঙে(Former Manipur Chief Minister Okram Ibobi SinghFormer Manipur Chief Minister Okram Ibobi Singh) শনিবাৰে পুৱা আথোকপাম বিদ্যালয়ত সপৰিবাৰে ভোটদান সাব্যস্ত কৰে । ভোটদান কৰি সিঙে কয় যে কংগ্ৰেছ দলে এইবাৰ বিশেষকৈ দ্বিতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হোৱা সমষ্টিসমূহত ২০১৭ত কৈ ভাল ফল লাভ কৰিব ।

ভোটধিকাৰৰ বাবে অহা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভোটদান কেন্দ্ৰত কাৰিকৰী বিসংগতিৰ বাবে প্ৰায় ২৫ মিনিত সময় অপেক্ষা কৰিবলগীয়া হয় । পৰিবাৰৰ লগতে সিঙক ভোটদানৰ সময়ত সংগ দিয়ে তেওঁৰ পুত্ৰ তথা বিধানসভাৰ সদস্য অ’ক্ৰাম সূৰ্য কুমাৰে ।

সপৰিবাৰে ভোটদান সাব্যস্ত মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

তিনিবাৰকৈ মণিপুৰৰ মুখ্যমন্ত্ৰীৰ পদ অলংকৃত কৰা ইববি সিঙে ৰাজ্যখনৰ থাওৱল সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিছে । শনিবাৰে পুৱাৰে পৰাই মণিপুৰত দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হৈছে । ছয়খন জিলাৰ ২২ টা সমষ্টিত পুৱা 7 বজাৰে পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ ।

মণিপুৰৰ মুঠ 60 টা বিধানসভা সমষ্টিৰ ভিতৰত ৩৮ টা বিধানসভা সমষ্টিত বিগত 28 ফেব্ৰুৱাৰীত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল । প্ৰথম পৰ্যায়ত ভোটদানৰ হাৰ আছিল 78.30 শতাংশ । এইবেলি নিৰ্বাচনত গেৰুৱা দল বিজেপিয়ে এককভাৱে নিৰ্বাচনী যুঁজত নামি 60 খন আসনতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৷

লগতে পঢ়ক : Manipur Election 2022 : আজি মণিপুৰত ভাগ্য নিৰ্ণয় হ’ব 92 গৰাকী প্ৰাৰ্থীৰ ভাগ্য

Last Updated :Mar 5, 2022, 2:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.