ETV Bharat / city

Assam Meghalaya border issue: সীমা সমস্যা সন্দৰ্ভত মেঘালয়ৰ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পীযুষ হাজৰীকাৰ বৈঠক

author img

By

Published : Jan 3, 2022, 9:00 PM IST

অসম-মেঘালয়ৰ সীমা সমস্যাৰ সন্দৰ্ভত শ্বিলঙত অনুষ্ঠিত হয় এখন বৈঠক (Discussion of Assam Meghalaya border issue) ৷ বৈঠকত মেঘালয়ৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰীৰ লগতে অংশগ্ৰহণ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ৷ সীমা সমস্যা সমাধানৰ বাবে গঠন কৰা সমিতিৰ চৰজমিন তদন্তৰ প্ৰতিবেদন দাখিল কৰা হয় বৈঠকখনত (An exchange of reports of Regional Committees) ।

সীমা সমস্যা সন্দৰ্ভত শ্বিলঙত বৈঠক অনুষ্ঠিত
সীমা সমস্যা সন্দৰ্ভত শ্বিলঙত বৈঠক অনুষ্ঠিত

গুৱাহাটী, 3 জানুৱাৰী: অসম-মেঘালয়ৰ সীমা সমস্যাৰ সন্দৰ্ভত শ্বিলঙত মেঘালয়ৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰী আৰু ৰাজ্য দুখনৰ বিষয়াৰে মন্ত্ৰী পীযুষ হাজৰীকাৰ এখন বৈঠক অনুষ্ঠিত হয় (Discussion of Assam Meghalaya border issue) । এই বৈঠকতে দুয়োখন ৰাজ্যৰ সীমা সমস্যা সমাধানৰ বাবে গঠন কৰা সমিতিৰ চৰজমিন তদন্তৰ প্ৰতিবেদন দাখিল কৰা হয় (An exchange of reports of Regional Committees) । দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে শান্তিপূৰ্ণভাৱে সীমা সমস্যা সমাধান কৰাটো বিচাৰে বুলি মন্ত্ৰী পীযুষ হাজৰিকাই উল্লেখ কৰে ।

অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই সোমবাৰে শ্বিলঙত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা (Meghalaya CM Conrad Sangma)ৰ উপস্থিতিত ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী প্ৰিষ্টন টিনচং আৰু দুয়োখন ৰাজ্যৰ বিষয়াৰ সৈতে অসম-মেঘালয় সীমা সমস্যাৰ বিষয়ত বৈঠকত মিলিত হয় । বৈঠকতে ৰাজ্য দুখনৰ কামৰূপ (মেট্ৰ') আৰু ৰি' ভই জিলাৰ মাজৰ সীমা সমস্যা সমাধানৰ বাবে গঠন কৰা সমিতিৰ প্ৰতিনিধিসকলে চৰজমিন তদন্ত কৰি প্ৰস্তুত কৰা প্ৰতিবেদন দাখিল কৰে । দুয়োখন ৰাজ্যৰ সমিতিৰ প্ৰতিনিধিসকলে প্ৰস্তুত কৰা প্ৰতিবেদন মন্ত্ৰী পীযুষ হাজৰিকা আৰু মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী প্ৰিষ্টন টিনচঙৰ মাজত বিনিময় কৰা হয় । বৈঠকত মন্ত্ৰী পীযুষ হাজৰিকাই ৰাজ্য দুখনৰ মুখ্যমন্ত্ৰী দুগৰাকীৰ সদিচ্ছাৰ ফলত ৰাজ্য দুখনৰ মাজত থকা সীমা সমস্যাৰ সোনকালেই স্থায়ী সমাধান হ'ব বুলি আশা প্ৰকাশ কৰে ।

  • An exchange of reports of one of the Regional Committees was initiated between Meghalaya & Assam & discussions were held today with Hon’ble Minister from Assam, Sh. @Pijush_hazarika Ji as part of the ongoing mission to resolve our border differences@himantabiswa pic.twitter.com/nV8hPEY55W

    — Conrad Sangma (@SangmaConrad) January 3, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

আনহাতে চৰজমিন তদন্তৰ প্ৰতিবেদন প্ৰস্তুত কৰাৰ ক্ষেত্ৰত অঞ্চলকেইটাৰ স্থানীয় বাসিন্দাৰ মতামতক বিশেষভাৱে গুৰুত্ব দিয়া বুলি উল্লেখ কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে, দুয়োখন ৰাজ্যৰ মুখামন্ত্ৰীয়ে শান্তিপূৰ্ণভাৱে সীমা সমস্যাৰ স্থায়ী সমাধান হোৱাটো বিচাৰে । বৈঠকত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই উল্লেখ কৰে যে, দুয়োখন ৰাজ্যৰ সীমা সমস্যা সমাধানৰ বাবে গঠন কৰা সমিতিসমূহৰ প্ৰতিবেদন দাখিল সমাপ্ত হোৱাৰ লগেলগে সোনকালেই ৰাজ্য দুখনৰ মুখ্যমন্ত্ৰীৰ পৰ্যায়ৰ বৈঠকত সীমা সমস্যা সমাধানৰ বাবে চুড়ান্ত সিদ্ধান্ত ল'ব পৰা যাব ।

লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ তদন্তৰ দাবীত ৰাজ্যজুৰি আন্দোলনৰ ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.