ETV Bharat / city

Miscreants Dig hills: বন বিভাগৰ ছত্ৰছায়াত সোণাপুৰত পাহাৰ খনন

author img

By

Published : Jul 16, 2022, 12:00 PM IST

বিগত সময়ত ৰাজ্যৰ বিভিন্ন স্থানৰ পাহাৰসমূহত দুষ্কৃতিকাৰীয়ে ধ্বংসলীলা চলোৱাৰ সমান্তৰালকৈ বেদখল কৰাৰ ঘটনা সংঘটিত হৈ আহিছে ৷ ইয়াৰ মাজতে ডিমৰীয়াৰ বিভিন্ন অঞ্চলত বন বিভাগক অংগুষ্ঠ প্ৰদৰ্শন কৰি পাহাৰত দুস্কৃতিকাৰীয়ে মাটি খনন কৰাৰ ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে ৷ (Miscreants Dig hills at Sonapur)

Despite Sec 144 imposition, illegal Miscreants excavate land and smuggling continues unabated at Sonapur
বন বিভাগৰ ছত্ৰছায়াত সোণাপুৰত পাহাৰ খনন

গুৱাহাটী,16 জুলাই: গুৱাহাটীৰ নিকটৱৰ্তী সোণাপুৰত বনবিভাগৰ ছত্ৰছায়াত একাংশ দুষ্ট লোকে বন ধ্বংস যজ্ঞ চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে (Miscreants Dig hills at Sonapur) । বিশেষকৈ বাৰিষাৰ সময়ছোৱাত পাহাৰৰ মাটি খনন কৰাৰ ক্ষেত্ৰত প্ৰশাসনৰ তৰফৰ পৰা বাধা আছে যদিও বিগত কেইবাটাও মাহ ধৰি ডিমৰীয়াৰ বিভিন্ন অঞ্চলত দুষ্ট চক্ৰটোৱে বন বিভাগক অংগুষ্ঠ প্ৰদৰ্শন কৰি অবাধে পাহাৰ ধ্বংস কৰা পৰিলক্ষিত হৈছে ।

উল্লেখ্য যে, বনাঞ্চল সংৰক্ষণৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলা প্ৰশাসনে চলিত বৰ্ষৰ ১ মে'ৰ পৰা পাহাৰ খননৰ ক্ষেত্ৰত ১৪৪ ধাৰা জাৰি কৰিছে যদিও সোণাপুৰ অঞ্চলত বৰ্তমানেও অব্যাহত আছে পাহাৰ খনন কাৰ্য । কোনো দুষ্ট চক্ৰই জিলা প্ৰশাসনৰ অনুজ্ঞা পত্ৰ অবিহনেই ডিমৰীয়া খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ নিচেই কাষতে তথা সোণাপুৰৰ বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ ওচৰতে কাকো কেৰেপ নকৰি জেচিবিৰে পাহাৰৰ ৰঙা মাটি খনন কৰা পৰিলক্ষিত হৈছে (Digging hills of miscreants taking advantage of forest department) ৷

বন বিভাগৰ ছত্ৰছায়াত সোণাপুৰত পাহাৰ খনন

এইক্ষেত্ৰত অঞ্চলটোৰ সচেতন লোকে বন বিভাগক অৱগত কৰাৰ পিছতো বন বিভাগে এনে দুষ্ট চক্ৰৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে । ইফালে পাহাৰ খননৰ ক্ষেত্ৰত ১৪৪ ধাৰা চলি থকাৰ পিছতো বন মাফিয়াই এনেদৰে মাটি কটা কাৰ্যক লৈ উদ্বেগ প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ (All Assam Students Union) সাংগঠনিক সম্পাদক দিব্যজ্যোতি মেধীয়ে ।

আছুনেতা গৰাকীযে প্ৰশাসনৰ নিৰ্দেশ উলংঘা কৰি বিনা দিধাই পাহাৰৰ মাটি কাটিবলৈ সাহস কৰা দুষ্ট চক্ৰটোৰ বিৰুদ্ধে সংশ্লিষ্ট বিভাগে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ।

লগতে পঢ়ক: COVID Vaccination Amrit Mahotsava: আন প্ৰান্তৰ দৰে কোকৰাঝাৰতো আৰম্ভ ক’ভিড টীকাকৰণ অমৃত মহোৎসৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.