ETV Bharat / state

COVID Vaccination Amrit Mahotsava: আন প্ৰান্তৰ দৰে কোকৰাঝাৰতো আৰম্ভ ক’ভিড টীকাকৰণ অমৃত মহোৎসৱ

author img

By

Published : Jul 16, 2022, 7:40 AM IST

Updated : Jul 16, 2022, 9:47 AM IST

covid-vaccination-amrit-mahotsava-in-kokrajhar
কোকৰাঝাৰ জিলাত আৰম্ভ হৈছে ক’ভিড টীকাকৰণ অমৃত মহোৎসৱ

শুকুৰবাৰৰ পৰা কোকৰাঝাৰ জিলাতো আৰম্ভ হৈছে ক'ভিড টীকাকৰণ অমৃত মহোৎসৱ (COVID Vaccination Amrit Mahotsava in Kokrajhar) ৷ জিলা উপায়ুক্ত বৰ্ণালী ডেকাই বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰা কাৰ্যসূচীত চিকিৎসক, নাৰ্চৰ লগতে বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷

কোকৰাঝাৰ, 16 জুলাই: দেশত পুনৰ ক'ভিডৰ সংক্ৰমণ আৰম্ভ হৈছে (Covid situation in India)। ক’ভিড-19ৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰেও ক'ভিড টীকাকৰণ প্ৰক্ৰিয়া ক্ষীপ্ৰতৰ কৰি তুলিছে । কেন্দ্ৰীয় চৰকাৰে আগন্তুক ৭৫ দিনৰ বাবে দেশত ১৮ৰ পৰা ৫৯ বছৰ লোকৰ বাবে আৰম্ভ কৰিছে ক'ভিড টীকাকৰণ অমৃত মহোৎসৱ (COVID Vaccination Amrit Mahotsava in India)।

দেশে স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰ উপলক্ষে উদযাপন কৰা আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে স্বাস্থ্য বিভাগে এই বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰিছে । ১৮ বছৰৰ ওপৰৰ সকলো ব্যক্তি যিসকলৰ দ্বিতীয় পালি গ্ৰহণ কৰাৰ ৬ মাহ সম্পূৰ্ণ হৈছে তেওঁলোকে এই বুষ্টাৰ পালি ল'ব পাৰিব । অসমৰ প্ৰতিখন জিলাতে এই কাৰ্যসূচী শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে (COVID Vaccination Amrit Mahotsava in Assam) ।

covid-vaccination-amrit-mahotsava-in-kokrajhar
কোকৰাঝাৰ জিলাত আৰম্ভ হৈছে ক’ভিড টীকাকৰণ অমৃত মহোৎসৱ

সামন্তৰালভাৱে কোকৰাঝাৰ জিলাৰ উপায়ুক্ত বৰ্ণালী ডেকাই এক সংবাদমেলযোগে শুকুৰবাৰৰ পৰা কোকৰাঝাৰতো বিনামূলীয়া ক’ভিডৰ বুষ্টাৰ ড’জ আৰম্ভ হোৱা বুলি সদৰি কৰিছে ৷ শুকুৰবাৰে জিলা উপায়ুক্ত বৰ্ণালী ডেকাই বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰা কাৰ্যসূচীত চিকিৎসক, নাৰ্চৰ লগতে বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে (Kokrajhar DC inaugurates free booster dose vaccine centre) ৷

covid-vaccination-amrit-mahotsava-in-kokrajhar
কোকৰাঝাৰ জিলাত আৰম্ভ হৈছে ক’ভিড টীকাকৰণ অমৃত মহোৎসৱ

এই অনুষ্ঠানত অংশগ্ৰহণ কৰি উপায়ুক্ত বৰ্নালী ডেকাই ক’ভিডকালিন সময়ছোৱাত পালন কৰি অহা নীতিনিয়ম সমুহ বিশেষকৈ মাস্ক পৰিধান কৰিবলৈ আৰু সামাজিক দূৰত্ব বৰ্তাই ৰাখিবলৈ জনতাৰ প্ৰতি আহ্বান জনাইছে । উল্লেখ্য যে, শুকুৰবাৰৰ পৰা কোকৰাঝাৰতো আৰম্ভ হোৱা বিনামূলীয়া ক’ভিডৰ বুষ্টাৰ ড’জ কাৰ্যসূচীত বিভিন্ন লোকে ক’ভিডৰ বুষ্টাৰ ড’জ প্ৰতিষেধক গ্ৰহণ কৰে ৷

লগতে পঢ়ক: Covid infection in Assam : ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে ক'ভিডে

Last Updated :Jul 16, 2022, 9:47 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.