ETV Bharat / city

জাইকা প্ৰকল্পত উপস্থিত মুখ্যমন্ত্ৰী সোণোৱাল

author img

By

Published : Apr 30, 2019, 7:22 PM IST

জাইকা প্ৰকল্পত উপস্থিত মুখ্যমন্ত্ৰী সোণোৱাল

গুৱাহাটী মহানগৰবাসীৰ প্ৰায় আধাসংখ্যক লোকৰ পানীৰ চাহিদা পুৰণ কৰাৰ বাবে নিৰ্মীয়মাণ অৱস্থাত থকা খাৰঘুলিৰ জাইকা প্ৰকল্পত উপস্থিত হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । কংগ্ৰেছ চৰকাৰৰ দিনতে আৰম্ভ হোৱা এই প্ৰকল্পটো অতি সোনকালেই মুকলি কৰাৰ প্ৰতিশ্ৰুতি দিয়ে সোণোৱালে । পূজাৰ আগতেই মহানগৰবাসীয়ে বিশুদ্ধ খোৱাপানী লাভ কৰিব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

দিছপুৰ, ৩০ এপ্ৰিল: খাৰঘুলিৰ জাইকা প্ৰকল্পৰ নিৰীক্ষণৰ বাবে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ সৈতে মঙলবাৰে উক্ত প্ৰকল্পৰ স্থানত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । মহানগৰবাসীৰ দীৰ্ঘদিনীয়া খোৱা পানীৰ সমস্যাৰ সমাধানৰ বাবে প্ৰকল্পটোৰ কাম দ্ৰুতগতিত আগবঢ়াই নিয়াৰ উদ্দেশ্যেৰে অভিযন্তাসকলক নিৰ্দেশ প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । কংগ্ৰেছ চৰকাৰৰ দিনতে আৰম্ভ হোৱা এই প্ৰকল্পটো অতি সোনকালেই মুকলি কৰাৰ প্ৰতিশ্ৰুতি দিয়ে সোণোৱালে । সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে, পূজাৰ আগতেই মহানগৰবাসীয়ে লাভ কৰিব বিশুদ্ধ খোৱাপানী ব্যৱস্থা ।

জাইকা প্ৰকল্পত উপস্থিত মুখ্যমন্ত্ৰী সোণোৱাল

উল্লেখ্য যে, এই প্ৰকল্পই গুৱাহাটী মহানগৰৰ প্ৰায় আধাসংখ্যক লোকৰ পানীৰ চাহিদা পুৰণ কৰিব । মুখ্যমন্ত্ৰীগৰাকীৰ এই প্ৰতিশ্ৰুতি কিমানদূৰ সঁচা হয় সেয়া লক্ষণীয় হ'ব ।

Intro:খাৰঘুলিৰ জাইকা প্ৰকল্পত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। প্ৰকল্পৰ কাম কিমানদূৰ আগবাঢ়িছে তাৰেই চোৱা-চিতা কৰিবৰ বাবে মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য মঙলবাৰে উক্ত প্ৰকল্পটো নিৰীক্ষণ কৰে। মহানগৰবাসীৰ দীৰ্ঘদিনীয়া খোৱা পানীৰ সমস্যাৰ সমাধান কৰাৰ বাবে প্ৰকল্পটোৰ কাম দ্ৰুতগতিত আগবঢ়াই নিবৰ বাবে নিৰ্দেশ প্ৰদান কৰিলে অভিযন্তাসকলক। কংগ্ৰেছ চৰকাৰৰ দিনতে আৰম্ভ হোৱা এই প্ৰকল্প আজিলৈকে সম্পূৰ্ণ নোহোৱাত মহানগৰবাসীয়ে এটুপী পানীৰ বাবে হাহাকাৰ কৰিবলগা হৈছিল । কিন্তু অতি সোনকালে এই প্রকল্পটো মুকলি কৰাৰ প্ৰতিশ্ৰুতি। মুখ্যমন্ত্ৰীগৰাকীৰ সংবাদ মাধ্যমৰ আগত মন্তব্য -" পূজাৰ আগতেই মহানগৰ বাসীয়ে পাব বিশুদ্ধ খোৱাপানী।" এই প্ৰকল্পই মহানগৰৰ প্ৰায় আধা সংখ্যক লোকৰ পানীৰ চাহিদা পূৰণ কৰিব। এতিয়া অপেক্ষা মাথোঁ কেইটামান মাহৰ মুখ্যমন্ত্ৰীৰ গৰাকীৰ কথা কিমানদূৰ সঁচা হয় সেয়াহে হব লক্ষণীয়।


Body:খাৰঘুলিৰ জাইকা প্ৰকল্পত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। প্ৰকল্পৰ কাম কিমানদূৰ আগবাঢ়িছে তাৰেই চোৱা-চিতা কৰিবৰ বাবে মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য মঙলবাৰে উক্ত প্ৰকল্পটো নিৰীক্ষণ কৰে। মহানগৰবাসীৰ দীৰ্ঘদিনীয়া খোৱা পানীৰ সমস্যাৰ সমাধান কৰাৰ বাবে প্ৰকল্পটোৰ কাম দ্ৰুতগতিত আগবঢ়াই নিবৰ বাবে নিৰ্দেশ প্ৰদান কৰিলে অভিযন্তাসকলক। কংগ্ৰেছ চৰকাৰৰ দিনতে আৰম্ভ হোৱা এই প্ৰকল্প আজিলৈকে সম্পূৰ্ণ নোহোৱাত মহানগৰবাসীয়ে এটুপী পানীৰ বাবে হাহাকাৰ কৰিবলগা হৈছিল । কিন্তু অতি সোনকালে এই প্রকল্পটো মুকলি কৰাৰ প্ৰতিশ্ৰুতি। মুখ্যমন্ত্ৰীগৰাকীৰ সংবাদ মাধ্যমৰ আগত মন্তব্য -" পূজাৰ আগতেই মহানগৰ বাসীয়ে পাব বিশুদ্ধ খোৱাপানী।" এই প্ৰকল্পই মহানগৰৰ প্ৰায় আধা সংখ্যক লোকৰ পানীৰ চাহিদা পূৰণ কৰিব। এতিয়া অপেক্ষা মাথোঁ কেইটামান মাহৰ মুখ্যমন্ত্ৰীৰ গৰাকীৰ কথা কিমানদূৰ সঁচা হয় সেয়াহে হব লক্ষণীয়।


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.