ETV Bharat / city

ভাৰতৰ নীল অৰ্থনীতিক ত্বৰান্বিত কৰিবলৈ জাহাজ পৰিবহণ মন্ত্ৰালয়ৰ চিন্তন বৈঠক

author img

By

Published : Jun 26, 2022, 10:19 PM IST

ভাৰতৰ নীল অৰ্থনীতিক ত্বৰান্বিত কৰিব পৰা ধাৰণা আৰু উদ্ভাৱনৰ বিষয়ে আলোচনা আৰু চিন্তা-চৰ্চা কৰিবলৈ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে কৰ্ণাটকত তিনিদিনীয়া চিন্তন বৈঠকৰ আয়োজন কৰিছে । বৈঠকত অধ্যক্ষতা কৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

Shipping Ministry think tank advocates innovative work to accelerate India's Blue Economy
ভাৰতৰ নীল অৰ্থনীতিক ত্বৰান্বিত কৰিবলৈ জাহাজ পৰিবহণ মন্ত্ৰালয়ৰ চিন্তন বৈঠক

নিউজ ডেস্ক, ২৬ জুন: ভাৰতৰ নীল অৰ্থনীতিক ত্বৰান্বিত কৰিব পৰা ধাৰণা আৰু উদ্ভাৱনৰ বিষয়ে আলোচনা আৰু চিন্তা-চৰ্চা কৰিবলৈ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে কৰ্ণাটকত তিনিদিনীয়া চিন্তন বৈঠকৰ আয়োজন কৰিছে (Shipping Ministry think tank advocates innovative work to accelerate India's Blue Economy) । বৈঠকত অধ্যক্ষতা কৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীদ্বয় শ্ৰীপদ নায়ক আৰু শান্তনু ঠাকুৰ, মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াসকল, মুখ্য বন্দৰসমূহৰ অধ্যক্ষসকল আদিয়েও এই তিনিদিনীয়া চিন্তন অধিৱেশনত অংশগ্ৰহণ কৰে ।

Shipping Ministry think tank advocates innovative work to accelerate India's Blue Economy
ভাৰতৰ নীল অৰ্থনীতিক ত্বৰান্বিত কৰিবলৈ জাহাজ পৰিবহণ মন্ত্ৰালয়ৰ চিন্তন বৈঠক

অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, "দেশৰ আদৰণীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দৃষ্টিভংগী হৈছে উপকূলীয় অঞ্চলসমূহৰ সৰ্বাংগীণ বিকাশ, উপকূলীয় আন্তঃগাঁথনি উন্নত কৰা আৰু সামুদ্ৰিক অৰ্থনীতিৰ গতি ত্বৰান্বিত কৰা ।" পৰিবহণৰ জৰিয়তে পৰিৱৰ্তনৰ উপলদ্ধি জগাই তুলি আত্মনিৰ্ভৰ ভাৰতৰ সম্ভাৱনাক নতুন গতি দিছে । এইক্ষেত্ৰত বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়েও সবল ভূমিকা লৈছে ।

আজিৰ এই চিন্তন বৈঠকৰ জৰিয়তে দেশৰ সামুদ্ৰিক খণ্ডৰ বিভিন্ন প্ৰত্যাহ্বান আৰু সুযোগ-সম্ভাৱনাৰ বিষয়ে বিতংকৈ আলোচনা কৰি কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৷ এই সিদ্ধান্তবোৰে বন্দৰসমূহৰ বিকাশ আৰু আধুনিকীকৰণৰ বাবে আৰু পৰিকল্পনাবোৰ মসৃণ তথা দ্ৰুত ৰূপায়ণৰ বাবে যাৱতীয় ৰ'ডমেপ প্ৰস্তুত কৰাত সহায় কৰিব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

Shipping Ministry think tank advocates innovative work to accelerate India's Blue Economy
ভাৰতৰ নীল অৰ্থনীতিক ত্বৰান্বিত কৰিবলৈ জাহাজ পৰিবহণ মন্ত্ৰালয়ৰ চিন্তন বৈঠক

আনহাতে গ্ৰীণফিল্ড বন্দৰ উন্নয়নৰ প্ৰসংগত পিপিপি ম'ডেলৰ কথা উল্লেখ কৰি সোণোৱালে কয় যে, এই ব্যৱস্থাই দেশৰ উপকূলীয় অঞ্চলসমূহত বাস কৰা লোকসকলৰ জীৱন ধাৰণৰ মান উন্নত কৰিব আৰু একে সময়তে ব্যৱসায়সমূহক সহজতাৰ জৰিয়তে সৰ্বশ্ৰেষ্ঠ সেৱা প্ৰাপ্ত কৰাত সহায় কৰিব । লগতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কৰ্ণাটকৰ ৰাজ্য চৰকাৰকো ভূয়সী প্ৰশংসা কৰে আৰু এই 'চিন্তন বৈঠক' আয়োজনত সহযোগিতা আগবঢ়োৱাৰ বাবে কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে ।

তদুপৰি প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰ ভাৰতৰ চেতনাক জগাই তুলি থলুৱা আৰু সেউজ প্ৰযুক্তিৰ জাহাজ বিকাশৰ জৰিয়তে সময়োচিত প্ৰচেষ্টা লোৱাৰ বাবে কোচিন শ্বিপয়াৰ্ড লিমিটেডক সোণোৱালে ভূয়সী প্ৰশংসা কৰে । মাল্টি ম'ডেল সংযোগ বৃদ্ধিৰ বাবে সংশ্লিষ্ট মন্ত্ৰালয়ে মুখ্য আৰু অ-মুখ্য দুয়োধৰণৰ বন্দৰৰ ব্যাপক বিকাশৰ দিশত সক্ৰিয় প্ৰচেষ্টা গ্ৰহণ কৰি আছে বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে লগতে কয় যে, প্ৰধানমন্ত্ৰী গতি শক্তি ৰাষ্ট্ৰীয় মাল্টি ম'ডেল সংযোগ পৰিকল্পনাৰ কাৰ্যকৰী ৰূপায়ণৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰে'ল-স্থল পথ-জলপথৰ উন্নয়নক যথেষ্ট অগ্ৰাধিকাৰ দিয়া হৈছে ৷

Shipping Ministry think tank advocates innovative work to accelerate India's Blue Economy
ভাৰতৰ নীল অৰ্থনীতিক ত্বৰান্বিত কৰিবলৈ জাহাজ পৰিবহণ মন্ত্ৰালয়ৰ চিন্তন বৈঠক

ইয়াৰ লগতে, বন্দৰসমূহত মাল্টি ম'ডেল সংযোগ বৃদ্ধিৰ বাবে মুঠ ১৫৭টা পথ সংযোগ প্ৰকল্প আৰু ১৩৭টা ৰে'ল সংযোগ প্ৰকল্প হাতত লোৱা হৈছে বুলিও উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সকলো বন্দৰ কৰ্তৃপক্ষক আধুনিকীকৰণ আৰু যান্ত্ৰিকীকৰণৰ বাবে একোটা গুৰুত্বপূৰ্ণ প্ৰকল্প চিনাক্ত, আৰম্ভ আৰু সম্পূৰ্ণ কৰিবলৈ আহ্বান জনায় । ই বন্দৰৰ ক্ষমতা বৃদ্ধি কৰিব আৰু কাৰ্যকৰী দক্ষতা উন্নত কৰিব বুলি তেওঁ আশা পোষণ কৰে ।

লগতে পঢ়ক: উত্তৰাখণ্ডত বিৰল প্ৰজাতিৰ মাংসভোজী উদ্ভিদ আৱিষ্কাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.