ETV Bharat / city

'মাডাৰ্ছ অ'ল্ড এজ হোম'ৰ বেমেজালিৰ প্ৰসংগ:তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

author img

By

Published : Jun 24, 2021, 12:53 PM IST

মাদাৰ অল্ড হাউচ বৃদ্ধাশ্ৰমখন (Mother Old Age Home)পৰিচালনা কৰা দুই হোতা উৎপল আৰু মণিকাৰ সংঘাতে ৰাজ্যজুৰু চাঞ্চল্য় সৃষ্টি কৰিছে । উক্ত বিষয়টো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিগোচৰ হোৱা সমগ্ৰ বিষয়টো তদাৰক কৰিবলৈ কামৰূপ মহানগৰ জিলা উপায়ক্তক নিৰ্দেশ দিয়াৰ লগতে ৭২ ঘণ্টাৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ উপায়ুক্তক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

Chief Minister Himanta Biswa Sharma orders Against mother old age home guwahati
'মাডাৰ্ছ অ'ল্ড এজ হোম'ৰ বেমেজালিৰ প্ৰসংগ:তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, 24 জুন: সাম্প্ৰতিক সময়ত সবাতোকৈ চৰ্চিত বিষয় সমূহৰ ভিতৰত বৃদ্ধাশ্ৰম (Mother Old Age Home) হৈছে এক অন্যতম বিষয় । আধুনিকতাৰ ধামখুমীয়াত বেছি ভাগ মানুহে নিজৰ স্বকীয়তা হেৰুৱাই দিয়াৰ উপক্ৰম হৈছে ৷ জন্মদাত্ৰী পিতৃ-মাতৃয়ে অশেষ কষ্ট কৰি সন্তানক লালন-পালন কৰি নিজৰ ভৰিত নিজে থিয় দি খুটি খাব পৰা কৰি দিয়ে ৷ তেনে স্থলত পিতৃমাতৃ বুঢ়া হোৱাৰ পিছত প্ৰতিপালন নকৰি পুত্ৰ-কন্যা বা পৰিয়ালৰ আন সদস্যই বৃদ্ধাশ্ৰমত ৰাখি অহা কথাটো সমাজৰ বাবে চৰম পৰিতাপৰ কথা ৷

উল্লেখ্য যে পুত্ৰ-কন্যাৰ মৰম-চেনেহৰ পৰা বঞ্চিত হোৱা আইতা ককা সকলক প্ৰতিপালন কৰাৰ উদ্দেশ্যে মহানগৰীৰ হাতীগাঁও (Guwahati Hatigaon)ত উৎপল আৰু মণিকা নামৰ দুই যুৱক-যুৱতীৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছিল এখন মাদাৰ অল্ড হাউচ নামৰ এটা অনুষ্ঠানৰ ৷ উক্ত মাদাৰ অল্ড হাউচতে নিজৰ দৰেই কিছু উপেক্ষিত প্ৰৌঢ়ৰ সংগত থাকি জীৱনৰ সুখ পান কৰিছিল মাদাৰ ওল্ড এজ হোম (Mother Old Age Home)ত থকা ককা-আইতাসকলে। নিজৰ পৰিয়ালৰ পৰা আঁতৰি থকাৰ সকলো দুখ-বেদনা সামৰি থৈ বৃদ্ধাশ্ৰমকেই নিজৰ ঘৰৰ দৰে আপোন কৰি লৈছিল।

Chief Minister Himanta Biswa Sharma orders Against mother old age home guwahati
'মাডাৰ্ছ অ'ল্ড এজ হোম'ৰ বেমেজালিৰ প্ৰসংগ:তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

কিন্তু মাদাৰ ওলল্ড এজ হোমত থকা কাক-আইতাসকলৰ এই সুখকণ যেন সহ্য নহ'ল একাংশৰ। বুধবাৰে মাদাৰ ওল্ড এজ হোমৰ পৰা ওলাই যাব লগা হ'ল ককা-আইতাসকল । বিগত কেইদিনমান ধৰি মাদাৰ ওল্ড এজ হোমৰ ককা-আইতাসকলে কেৱল কান্দিছে আৰু কান্দিছে । কাৰণ বৃদ্ধাশ্ৰমখন পৰিচালনা কৰা দুই হোতা উৎপল আৰু মণিকাৰ দৃষ্টিকটূ সংঘাত ।

মাদাৰ ওল্ড এজ হোমৰ সভাপতি উৎপল আৰু সম্পাদিকা মণিকাৰ কাজিয়াই এনে পৰ্যায় পালেগৈ যে বুধবাৰে মাদাৰ ওল্ড এজ হোম (Mother Old Age Home) এৰি যাব লগা হ'ল ককা-আইতাসকলে। তেওঁলোকক লৈ যোৱা হ'ল প্ৰমোদ তালুকদাৰ মেম'ৰিয়েল ট্ৰাষ্টৰ অধীনত থকা আন এখন বৃদ্ধাশ্ৰমলৈ ।

কোৰণাৰ এই ভয়াৱহ পৰিস্থিতিৰ মাজতে এনেদৰে বৃদ্ধাশ্ৰমখনত অথন্তৰ সৃষ্টি হোৱা ঘটনাই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । জানিব পৰা মতে বৃদ্ধাশ্ৰমৰ বিত্তিয় খেলিমেলিৰ কাৰণতেই বৃদ্ধাশ্ৰমাখনৰ চোৱাচিতা কৰা উৎপল আৰু মণিকাৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় আৰু অৱশেষত এই কাজিয়াৰ ফল ভূগিব লগা হৈছে ককা-আইতাসকলে ।

ইফালে হাতীগাঁওস্থিত মাডাৰ্ছ অ'ল্ড এজ হোম (Mother Old Age Home)ৰ পৰিচালনাৰ ক্ষেত্ৰত শেহতীয়াকৈ সৃষ্টি হোৱা বেমেজালিৰ ঘটনা দৃষ্টিগোচৰ হৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । বৃদ্ধাৱাসখনত সংঘটিত সমগ্ৰ ঘটনাৰাজিৰ তদন্ত কৰি ৭২ ঘণ্টাৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Chief Minister Himanta Biswa Sharma) ই।

আনহাতে মাডাৰ্ছ অ'ল্ড এজ হোমৰ শেহতীয়া পৰিস্থিতি ব্যক্তিগতভাৱে তদাৰক কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগক (Social Welfare Minister Ajanta Neog) নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে, ২০১২ চনৰ ২১ জুনত স্থাপন হোৱা বৃদ্ধাশ্ৰমখনৰ আঁৰত আছিল উৎপল হৰ্ষবৰ্ধন আৰু মনিকা শৰ্মাক। মনালিছা ছ’চাইটিৰ নামত আৰম্ভ কৰা এই বৃদ্ধাশ্ৰমখনত বৰ্তমান ৭০ গৰাকী ককা-আইতা আছে।

লগতে পঢ়ক-কৃষি বিভাগৰ বিৰুদ্ধে সৰৱ কলগাছিয়াৰ কৃষক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.