ETV Bharat / city

পূজাৰ পূৰ্বেই ছয় সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা

author img

By

Published : Sep 4, 2021, 2:10 PM IST

উপ নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহ ইতিমধ্যে তৎপৰ হৈ পৰিছে ৷ কংগ্ৰেছ আৰু এআইইউডিএফৰ পৰা বহু কেইগৰাকী বিধায়কে গেৰুৱা দলটোত যোগদান কৰাৰ পিছতে উপ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া সমষ্টিসমূহ দখলৰ লক্ষ্য কৰি লৈছে বিজেপিয়ে ৷ এনে সময়তে শনিবাৰে দেশৰ নিৰ্বাচন আয়োগে দুৰ্গা পূজাৰ পূৰ্বে নিৰ্বাচন অনুষ্ঠিত কৰাৰ ইংগিত দিছে ৷

By elections may be held in six constituencies before puja
পূজাৰ পূৰ্বেই ছয় সমষ্টিত উপ-নিৰ্বাচন

গুৱাহাটী, ৪ ছেপ্তেম্বৰ : সকলো যদি ঠিকে ঠাকে থাকে, তেন্তে দূৰ্গা পূজাৰ পূৰ্বেই ৰাজ্যৰ ছটাকৈ বিধানসভা সমষ্টিত অনুষ্ঠিত হ’ব উপ নিৰ্বাচন । দেশৰ নিৰ্বাচন আয়োগে অসমকে ধৰি ভিন্ন ৰাজ্যৰ বহুকেইটা বিধানসভা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত কৰাৰ যো-জা কৰিছে ।

বিশেষকৈ কৰ'ণা সৃষ্ট পৰিস্থিতিৰ পিছত যিসমূহ ৰাজ্যত ইতিমধ্যে লাহে লাহে আনল’ক প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷ তেনে ৰাজ্যসমূহত অক্টোবৰৰ প্ৰথম ভাগতে উপ নিৰ্বাচন অনুষ্ঠিত কৰাৰ পোষকতা কৰিছে নিৰ্বাচন আয়োগে । বিগত ১ ছেপ্তেম্বৰত অনুষ্ঠিত আয়োগৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

কেন্দ্ৰীয় মন্ত্ৰীসভাত সৰ্বানন্দ সোণোৱাল অন্তৰ্ভুক্ত হোৱাৰ বাবে মাজুলী বিধানসভা সমষ্টিৰ আসনখন সম্প্ৰতি খালী হৈ আছে । একেদৰে তামুলপুৰ সমষ্টিৰ ইউপিপিএলৰ বিধায়ক লেহোৰাম বড়ো আৰু গোঁসাইগাঁও সমষ্টিৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ ইতিমধ্যে বিয়োগ ঘটাত এই দুখন আসনো খালী হৈছে ।

ইপিনে শেহতীয়াকৈ কংগ্ৰেছ আৰু এআইইউডিএফৰ তিনিজনকৈ বিধায়কে দল আৰু বিধায়ক পদ ত্যাগ কৰি বিজেপিত যোগ দিছে । মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, থাওৰাৰ বিধায়ক‌ সুশান্ত বৰগোঁহাই আৰু‌ ভবানীপুৰৰ বিধায়ক‌ ফণী তালুকদাৰে বিধায়ক পদ ত্যাগ কৰি বিজেপিত যোগ দিয়াৰ বাবে এই তিনিওখন আসন খালী হৈছে ।

ফলত এই পৰ্যন্ত ৰাজ্যৰ মুঠ ছটা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হোৱাটো নিশ্চিত । প্ৰাপ্ত তথ্য মতে, নিৰ্বাচন আয়োগে ইতিমধ্যে ক'ভিড পৰিস্থিতি আৰু উপ নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা পৰিৱেশ‌ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ পৰা এক প্ৰতিবেদন বিচাৰিছে । আয়োগে যে অক্টোবৰৰ প্ৰথম ভাগতে অসমৰ এই আটাইকেইটা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত কৰাৰ পোষকতা‌ কৰিছে, সেই কথাও ইতিমধ্যে ৰাজ্য চৰকাৰক জনাই দিছে ৷

লগতে পঢ়ক : লক্ষ্য ভৱানীপুৰ : বিজেপিৰ উপ নিৰ্বাচন সমিতি গঠন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.