ETV Bharat / city

Assam civic body election in 2022 : বিজেপিৰ সদস্য নহ'লেও কেনেকৈ পাব নিৰ্বাচনৰ টিকট ?

author img

By

Published : Dec 27, 2021, 6:50 PM IST

ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'বলগীয়া পৌৰ নিৰ্বাচনৰ (Assam civic body election in 2022) বাবে যুদ্ধংদেহী মনোভাৱেৰে সাজু হৈছে শাসকীয় দল বিজেপি । এইবাৰ নিৰ্বাচনত অধিক আসন দখলৰ লক্ষ্যৰে বিজেপি দলে গ্ৰহণ কৰিছে নতুন কৌশল ৷ যাৰবাবে বিজেপি দলৰ সদস্য নহ'লেও পাব পাৰে নিৰ্বাচনৰ টিকট, কিন্তু কেনেকৈ ?

BJP Preparation to Assam Municipal Election 2021
পৌৰ নিৰ্বাচনৰ বাবে বিজেপিৰ নতুন কৌশল

গুৱাহাটী, ২৭ ডিচেম্বৰ : বিজেপিৰ প্ৰাৰ্থী হৈ নিৰ্বাচনী যুঁজত নামিবলৈ হ'লে দলটোৰ সদস্য হ’বই লাগিব বুলি এতিয়া আৰু কোনো কথা নাই । আগন্তুক ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যৰ পৌৰ নিৰ্বাচনত এইবাৰ অধিক আসন দখলৰ লক্ষ্যৰে এক নতুন কৌশল গ্ৰহণ কৰিছে । অৱশ্যে এই নতুন "কৌশল"ৰ বিষয়ে বিজেপিৰ ফালৰ পৰা কোনো আনুষ্ঠানিক ঘোষণা অদ্যপি কৰা হোৱা নাই ।

দলটোৰ শীৰ্ষসূত্ৰৰ পৰা প্ৰাপ্ত খবৰ অনুসৰি আগন্তুক পৌৰ নিৰ্বাচন(Assam Municipal Election 2021)ত গেৰুৱা দলটোৱে দলীয় স্থিতি তুলনামূলকভাৱে দুৰ্বল হোৱা সমষ্টিসমূহ নিজৰ দখললৈ আনিবলৈ সেই সমষ্টিসমূহত প্ৰাৰ্থী ঘোষণাৰ ক্ষেত্ৰত এক নতুন কৌশল অৱলম্বন কৰিব । সেই অনুসৰি তেনে সংশ্লিষ্ট ৱাৰ্ডসমূহত স্থানীয় যিকোনো এজন জনপ্ৰিয় নেতা বা লোকক দলটোৱে প্ৰাৰ্থিত্ব দিয়াৰ কথা চিন্তা কৰিছে ।

সেই নিৰ্দিষ্ট লোকজন বিজেপিৰ সদস্য নহ'লেও কথা নাই । তেওঁ যদি অঞ্চলটোত জনপ্ৰিয় হয় আৰু জয়ৰ সম্ভাৱনা থাকে তেন্তে তেওঁকেই বিজেপিয়ে দিব পাৰে দলীয় প্ৰাৰ্থিত্ব । সূত্ৰটোৱে জনোৱা মতে, ইতিমধ্যে কেইবাখনো জিলা সমিতিলৈ এই বিষয়ে দলৰ শীৰ্ষ নেতৃত্বই পত্ৰও প্ৰেৰণ কৰিছে আৰু তেনে একাংশ জনপ্ৰিয় লোকৰ তালিকা প্ৰস্তুত কৰিবলৈও কোৱা হৈছে ।

লগতে পঢ়ক : Assam civic body election: পৌৰ নিৰ্বাচনৰ ৰণডংকা বজালে শাসকীয় দল বিজেপিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.