ETV Bharat / city

No lockdown in Assam: ৰাজ্যত ঘোষণা কৰা নহয় লক ডাউন

author img

By

Published : Jan 6, 2022, 7:55 PM IST

Breaking News

লক ডাউন ঘোষণা কৰা নহয় ৰাজ্যত (No lockdown in Assam) ৷ বৃহস্পতিবাৰে এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

গুৱাহা়টী, 6 জানুৱাৰী : ক’ভিড-19এ পুনৰ ভয়াৱহ ৰূপ ধাৰণ কৰিছে যদিও অসমত লক ডাউন ঘোষণা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে (No lockdown in Assam) ৷ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ জৰিয়তে ঘোষণা কৰে এই কথা ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, লক ডাউন ঘোষণা কৰা নহয় যদিও সাধাৰণ লোকৰ জীৱন আৰু জীৱিকাৰ যাতে কোনোধৰণৰ ক্ষতি নহয় তাৰ বাবে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব । তেওঁ কয় যে, সকলোয়ে মাস্ক পৰিধান কৰাতো বাধ্যতামূলক কৰা হ'ব । বজাৰত ভিৰ কৰিবলৈ দিয়া নহ'ব । যিসকলে ভেকচিন গ্ৰহণ কৰা নাই তেওঁলোকৰ বিৰুদ্ধে কঠোৰ নিয়ম আৰোপ কৰা হ'ব ।

লকডাউন ষোষনা কৰা নহয় ৰাজ্যত

উল্লেখ্য যে, দেশ তথা অসমৰ ক'ভিড পৰিস্থিতিয়ে পুনৰ ভয়াৱহ ৰূপ ধাৰণ কৰিছে (Covid cases increasing in Assam) । ক'ভিড আক্ৰান্তৰ হাৰ ক্ৰমাৎ বৃদ্ধি পাই আছে । অসমত কৰ'ণাৰ তৃতীয়ঢৌ আৰম্ভ হোৱাৰ সম্ভাৱনাত (Possibilities of Covid third wave in Assam) উদ্বিগ্ন হৈ পৰিছে স্বাস্থ্য বিভাগ । সমগ্ৰ ৰাজ্যতে পৰিস্থিতি ক্ৰমাৎ বেয়াৰ দিশে গতি কৰাৰ সমন্তৰালকৈ বিশেষকৈ গুৱাহাটী মহানগৰীত ক'ভিডৰ ভয়াৱহ সংক্ৰমণ হৈছে । ইয়োৰোপৰি অসমত এতিয়ালৈকে দুজন অ'মিক্ৰণ ৰোগী ধৰা পৰিছে ।

লগতে পঢ়ক: সাধাৰণ জ্বৰ-কাহ নে অ’মিক্ৰণ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.