ETV Bharat / city

কি সম্পৰ্ক আছে হিমন্ত বিশ্ব শৰ্মাৰ দিল্লী ভ্ৰমণৰ সৈতে আলফা-নগা বিদ্ৰোহী সংগঠনৰ ?

author img

By

Published : Nov 8, 2021, 7:53 PM IST

assam-cm-himanta-biswa-sarma-reached-delhi
কি সম্পৰ্ক আছে হিমন্ত বিশ্ব শৰ্মাৰ দিল্লী ভ্ৰমণৰ সৈতে আলফা-নগা বিদ্ৰোহী সংগঠনৰ ?

বিশেষভাৱে তাৎপৰ্যপূৰ্ণ ভ্ৰমণসূচী লৈ দিল্লীত উপস্থিত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ ড৹ শৰ্মাৰ এই ভ্ৰমণত কেন্দ্ৰীয় চৰকাৰৰ সৈতে অসমৰ সশস্ত্ৰ সংগ্ৰামী সংগঠন আলফা, নগা বিদ্ৰোহী সংগঠন আদিৰ সৈতে অনুষ্ঠিত হ’ব লগীয়া আলোচনাৰ বিষয়ে স্থান লাভ কৰাৰ সম্ভাৱনা ৷

নিউজ ডেস্ক, 8 নৱেম্বৰ : সোমবাৰে দিল্লীত উপস্থিত হৈছে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্যমন্ত্ৰী গৰাকীৰ এই দিল্লী ভ্ৰমণ বিশেষভাৱে তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে ৷ এই দিল্লী ভ্ৰমণত ড৹ শৰ্মাই দেশৰ প্ৰধান মন্ত্ৰী, গৃহ মন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰীক সাক্ষাৎ কৰাৰ সম্ভাৱনীয়তা প্ৰকাশ পাইছে ৷ জানিব পৰা মতে, সাক্ষাতৰ এই সময়চোৱাত ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমৰ সশস্ত্ৰ সংগ্ৰামী সংগঠন আলফা, নগা বিদ্ৰোহী সংগঠন আদিৰ সৈতে অনুষ্ঠিত হ’ব লগীয়া আলোচনাৰ সম্ভাৱনা থকাৰ বিষয়টো আগবঢ়াব ৷

বিশেষভাৱে উল্লেখযোগ্য যে, দশক-দশক যোৰা অসমৰ উগ্ৰপন্থী সমস্যা সমাধানৰ বাবে আলফাৰ সৈতে হ’বলগীয়া আলোচনা প্ৰক্ৰিয়াৰ ক্ষেত্ৰত প্ৰাৰম্ভিক কথা বতৰা পতাৰ দায়িত্ব অৰ্পন কৰা হৈছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ৷ ইতিমধ্যে, হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ৰূপে দিশপুৰত অধিস্থিত হোৱাৰ পিছৰে পৰা লক্ষণীয়ভাৱে পৰেশ বৰুৱা তথা আলফা স্বাধীনেও আলোচনাৰ প্ৰতি সমৰ্থন আগবঢ়োৱা পৰিলক্ষিত হৈছে ৷

একেদৰে, নগা‌ সমস্যা সমাধানৰ বাবে ১৯৯৭ চনৰ পৰাই চলি থকা শান্তি আলোচনাই শেহতীয়াকৈ এক বিশেষ ক্ষণত উপনীত হৈছেহি । নগা শান্তি আলোচনাৰ বিষয়টো আগবঢ়াই অনাৰো দায়িত্ব দিয়া হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৷ শেহতীয়াকৈ, তেওঁ ডিমাপুৰলৈ গৈ এন এছ চি এন (আই‌ এম)ৰ নেতা থুইংগালেং মুইভাৰ সৈতেও আলোচনাত মিলিত হৈছিল ৷

ইফালে, অসমৰে ছটাকৈ কাৰ্বি উগ্ৰপন্থী সংগঠনৰ সৈতে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ পদ গ্ৰহণ কৰাৰ পিছতেই চলিত বৰ্ষত স্বাক্ষৰিত হৈছিল ঐতিহাসিক কাৰ্বি শান্তি চুক্তি ৷ মন কৰিব লগীয়া বিষয় যে, ইয়াৰে কাৰ্বি শান্তি চুক্তি স্বাক্ষৰকাৰী সংগঠনৰ নেতা তথা প্ৰাক্তন NDFB শীৰ্ষ নেতা সংবিজিৎ ইংতি কাথাৰেও শেহতীয়াকৈ আলফা স্বাধীনৰ নেতা পৰেশ বৰুৱাক মূল সূঁতিলৈ ঘূৰি অহাৰ আহ্বান জনোৱা দেখা গৈছিল ৷ মুঠৰ ওপৰত মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা ড৹ হিমন্ত বিশ্ব শৰ্মাই নিজৰ কুটনৈতিক কৌশলৰে এফালৰ পৰা উগ্ৰপন্থী সমস্যা নিয়ন্ত্ৰণ কৰাৰ প্ৰচেষ্টা চলাইছে ৷ এনে সময়তে দিল্লীৰ কেন্দ্ৰীয় চৰকাৰৰ সৈতে শৰ্মাৰ সাক্ষাতক লৈ সচেতন মহলে প্ৰকাশ কৰিছে গভীৰ আশা ৷

লগতে পঢ়ক : লুৰীণলৈ বুলি একেই আছেনে ৰাইজৰ মৰম ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.