লুৰীণলৈ বুলি একেই আছেনে ৰাইজৰ মৰম ?

By

Published : Nov 8, 2021, 6:03 PM IST

thumbnail

বিগত বিধান সভা নিৰ্বাচনত দুটাকৈ সমষ্টিত পৰাজিত হৈছিল লুৰীণ জ্যোতি গগৈ ৷ জন্মৰ পিছতে পৰাজয়ৰ সন্মুখীন হৈছিল তেওঁৰ নেতৃত্বত থকা অসম জাতীয় পৰিষদ দল ৷ কিন্তু নিৰ্বাচনৰ পৰাজয়ৰ পিছতো চৰকাৰৰ বিৰুদ্ধে একেই সৰৱতা অক্ষুন্ন ৰাখিছে গগৈয়ে ৷ ৰাইজৰ মাজতো যেন ম্লান পৰা নাই সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক গৰাকীৰ জনপ্ৰিয়তা ৷ সোমবাৰে মেৰাপানীৰ পুলিবাগানত দলৰ এখন সাংগঠনিক সভাত উপস্থিত হয় জাতীয় পৰিষদৰ সভাপতি গৰাকী ৷ সভালৈ যোৱা লুৰীণক পূৰ্বৰ দৰেই মৰমেৰে আদৰা দেখা গ’ল মেৰাপানীৰ ৰাইজক ৷ ইয়াৰ মাজৰ পৰাই চৰকাৰৰ বিৰুদ্ধে কেইবাটাও তীক্ষ্ণ সমালোচনাত্মক মন্তব্য কৰিলে লুৰীণে ৷ মূল্যবৃদ্ধিৰ প্ৰসংগ উল্লেখ কৰি বক্তব্য আৰু শ্লোগানেৰে উন্নয়ন সম্ভৱ নহয় বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে তেওঁ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.