ETV Bharat / city

কি কি সিদ্ধান্ত ল'লে আজিৰ কেবিনেটে

author img

By

Published : Apr 11, 2022, 8:16 PM IST

Assam cabinet takes new decisions
Assam cabinet takes new decisions

সোমবাৰে অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত (Decision taken by Assam Cabinet) ৷ সংবাদ মাধ্যমক কেবিনেটৰ সিদ্ধান্ত সমূহ প্ৰকাশ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ৷ সবিশেষ জানিবলৈ পঢ়ক এই বাতৰি...

গুৱাহাটী, 11 এপ্ৰিল : সোমবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে । সেই অনুসৰি লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰ (APSC job scam) তদন্ত কৰি ইতিমধ্যে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ এজনীয়া আয়োগে দাখিল কৰা প্ৰতিবেদনৰ ওপৰতো এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে (Decision taken by Assam Cabinet) ।

লগতে ন্যায়াধীশ শৰ্মা আয়োগে দাখিল কৰা প্ৰতিবেদন সন্দৰ্ভত কি সিদ্ধান্ত গ্ৰহণ কৰিব পাৰি সেয়া পৰীক্ষা কৰিবলৈ এই প্ৰতিবেদনখন এখন শীৰ্ষ পৰ্যায়ৰ সমিতিলৈ প্ৰেৰণ কৰিবলৈ সিদ্ধান্ত লয় কেবিনেটে । এই সমিতিত মুখ্য সচিব জিষ্ণু বৰুৱা, অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰ, DGP ভাস্কৰ জ্যোতি মহন্ত (DGP Bhaskar Jyoti Mahanta), গৃহ বিভাগৰ প্ৰধান সচিবকে ধৰি কেইবাজনো বিষয়া থাকিব বুলি জানিব পৰা গৈছে ।

তদুপৰি, 2014 চনৰ APSC কেলেংকাৰীৰ সন্দৰ্ভতো অৱসৰ প্ৰাপ্ত এজন ন্যায়াধীশৰ দ্বাৰা আয়োগ গঠন কৰি তদন্ত কৰাৰ সিদ্ধান্ত লয় আজিৰ কেবিনেটে ৷ অতি সোনকালে এই তদন্তৰ বাবে দায়িত্ব আয়োগক দিয়া হ'ব বুলি জনায় কেবিনেটে (Assam Cabinet takes key decisions) ৷

decision-taken-by-assam-cabinet
কি কি সিদ্ধান্ত ল'লে আজিৰ কেবিনেটে

আনহাতে, আছাম হেল্থ চিষ্টেম প্ৰজেক্টতো সোমবাৰে কেবিনেটে 3 হাজাৰ 4 শ কোটি টকা অনুমোদন জনায় । এই ধনেৰে 6 খন চুপাৰস্পেচিয়েলিটি হাস্পতাল নিৰ্মাণ কৰা হ’ব বুলি জনায় কেবিনেটে ৷

decision-taken-by-assam-cabinet
কি কি সিদ্ধান্ত ল'লে আজিৰ কেবিনেটে

একেদৰে শিলচৰ, ওদালগুৰি, হাইলাকান্দি, হোজাই, দৰং, ডিমা হাছাওত নতুন জিলা হাস্পতাল নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে । গুৱাহাটীত এটা স্বাস্থ্যভৱন নিৰ্মাণৰো সিদ্ধান্ত লোৱা হয় আজিৰ এই কেবিনেটত । ইপিনে, উচ্চতৰ মাধ্যমিকৰ অনিয়মীয়া শিক্ষকসকলৰ চাকৰি নিয়মীয়া কৰিবলৈও কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে ।

লগতে পঢ়ক : GMC Election 2022: গুৱাহাটীক ন-কৈ সজোৱাৰ প্ৰতিশ্ৰুতিৰে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.