ETV Bharat / state

GMC Election 2022: গুৱাহাটীক ন-কৈ সজোৱাৰ প্ৰতিশ্ৰুতিৰে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ

author img

By

Published : Apr 11, 2022, 6:33 PM IST

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে সোমাবাৰে বিজেপি দলে মুকলি কৰে নিৰ্বাচনী ইস্তাহাৰ (BJP releases election manifesto)। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰা এই নিৰ্বাচনী ইস্তাহাৰত কি প্ৰতিশ্ৰুতি আছে সবিশেষ চাওক...

bjps-election-manifesto-released-in-guwahati
গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি

গুৱাহাটী, 11 এপ্ৰিল : গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ (GMC Election 2022) বাবে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ সোমাবাৰে মুকলি কৰা হয় (BJP releases election manifesto)। উল্লেখ্য যে, অহা 22 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া গুৱাহাটী পৌৰ নিগমৰ 60 টা ৱাৰ্ডৰ ভিতৰত তিনিটা ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ কৰিছে । পৌৰ নিগমৰ 60 টা ৱাৰ্ডৰ ভিতৰত বিজেপিৰ পৰা 53 গৰাকী আৰু অগপৰ 7 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰা বিজেপিৰ পৌৰ নিগমৰ ইস্তাহাৰত কি কি প্ৰতিশ্ৰুতি আছে তাৰেই চমু আভাস দাঙি ধৰা হ'ল (BJP's election manifesto released in Guwahati) ।

  • গুৱাহাটীত ভূমিৰ আইনৰ বিভিন্ন আসোঁৱাহ আঁতৰাই সৰলীকৃত কৰাৰ বাবে কার্যব্যৱস্থা আৰম্ভ ।
  • আগন্তুক দিনত বসুন্ধৰা-২ৰ জৰিয়তে গুৱাহাটীৰ বাসিন্দাসকলৰ নিজৰ ভূমি আইনসংগতভাৱে নিজৰ কৰি লােৱাৰ বাবে সুযােগ প্রদানৰ হ'ব ।
  • কেন্দ্ৰীয় গুৱাহাটী পানী যোগান প্ৰকল্পৰ জৰিয়তে অম্বিকাগিৰি নগৰ, আকাশী পথ, জু-ৰােড, চিনাকি পথৰ পৰা বি এছ এফ কেম্প, এম টি ৰােডৰ সোঁ কাষ, অমিয় নগৰ, কৃষ্ণ নগৰ, ৰুদ্ৰ নগৰ, হ’লিচাইল্ড স্কুল এলেকা, চানমাৰি, মিলনপুৰ, গৱৰ্ণমেন্ট প্রেছ ৰােড, বামুণীমৈদামৰ পৰা চানমাৰি আৰক্ষী থানালৈকে মণিৰাম দেৱান পথ, ৰেডক্রচ এলেকা, নাৰিকলবাৰী, বৈকুণ্ঠপুৰৰ পৰা গীতা মন্দিৰলৈকে , ৰাজগড় ৰােড় আৰু পূর্ব শৰণীয়া এলেকা, এম টি ৰােডৰ বাওঁফাল, ভাস্কৰ নগৰ এলেকা, জু-ৰােড, জু-নাৰেংগী তিনিআলিথ শীঘ্রেই পর্যায়ক্রমে প্রতি মাহত ৫ হাজাৰৰ পৰা ৮ হাজাৰলৈকে গৃহত পানী যােগানৰ সংযােগ দিয়া হ'ব ।
  • গুৱাহাটী মহানগৰীক সম্পূর্ণ বানমুক্ত কৰাৰ বাবে সম্ভৱপৰ সকলাে প্রচেষ্টা গ্ৰহণৰ বাবে সিদ্ধান্ত লােৱা হ'ব ।
  • অপৰাধশূন্য গুৱাহাটী মহানগৰী গঢ়ি তোলা হ'ব ।
  • অনাগত দিনত গুৱাহাটীবাসীয়ে ‘মেট্র’ লাইট’ৰ সুবিধা লাভ কৰিব ।
  • গুৱাহাটীৰ সকলো পথসমূহ অহা ৩ বছৰৰ ভিতৰত পকীকৰণ কৰা হ'ব ।
  • মহানগৰ পৰিবহণৰ ক্ষেত্ৰত সকলাে কাম নিয়াৰিকৈ চলােৱাৰ বাবে এখন ইউনাইটেড মেট্র’পলিটান ট্রেন্সপর্ট অথৰিটি’ সৃষ্টি কৰাৰ বাবে প্রস্তাৱ লৈছে ।
  • ব’হাগ মাহৰ পৰাই গুৱাহাটী মহানগৰীত ১০০খন বিদ্যুৎচালিত বাছ আৰু ১০০খন চি এন জি চালিত বাছৰ ব্যৱস্থা কৰা হ'ব ।
  • এই বাছসমূহৰ চলাচলৰ ফলত গুৱাহাটীত নাগৰিকৰ যাতায়াত অধিক সুচল হ’ব ।
  • বিজেপি নেতৃত্বাধীন চৰকাৰে গুৱাহাটীৰ ২৫ কি.মি. এলেকা সামৰি 'কেবল কাৰ’ (Cable car) প্রকল্প আৰম্ভ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে । এই কেবল কাৰ প্রকল্পই প্রায় দৈনিক ৫০,০০০ যাত্রী যাতায়াত সুবিধা প্রদান কৰিব ।
  • বিজেপি নেতৃত্বাধীন চৰকাৰে বৃহত্তৰ গুৱাহাটীৰ ১০২ স্থানত আইটিএমএছ (Integrated Traffic Management System) স্থাপন কৰি গুৱাহাটীবাসীৰ ভ্ৰমণৰ সময় চমু কৰাৰ লগতে ট্রেফিক ব্যৱস্থাপনা অধিক শক্তিশালী কৰিবলৈ সংকল্প লৈছে ।
  • গুৱাহাটীক এখন আৱৰ্জনামুক্ত স্বচ্ছ মহানগৰৰূপে গঢ়ি তােলা, চেটেলাইট টাউনশ্বিপৰ জৰিয়তে গুৱাহাটীৰ জনসংসখ্যাৰ ভিৰ কমাবলৈ বিজ্ঞানসন্মত পদক্ষেপ গ্রহণ কৰা
  • গুৱাহাটীৰ ৬০ হাজাৰ পৰিয়াললৈ অৰুণােদয় আঁচনিৰ সুবিধা প্রদান কৰা
  • গুৱাহাটীক এখন সেউজ, সুন্দৰ আৰু আদৰ্শ মহানগৰৰূপে গঢ়ি তােলা আদি কেতবোৰ প্ৰতিশ্ৰুতি ইস্তাহাৰত দিয়া হৈছে ।

লগতে পঢ়ক : লোকসভাৰ অধ্যক্ষই উদ্বোধন কৰিলে ICPA সন্মিলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.