ETV Bharat / city

9 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Sep 23, 2022, 9:10 AM IST

Updated : Sep 23, 2022, 11:25 AM IST

top-10-at-9-am
9 বজাৰ শীৰ্ষ 10 টা বাতৰি

9 বজাৰ শীৰ্ষ 10 টা বাতৰি

অসমত গ্ৰেপ্তাৰ হোৱা PFI সদস্যক ৫ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

অসমতো পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়া চমুকৈ PFI ৰ বিৰুদ্ধে চলিল NIA আৰু ED অভিযান (NIA ED raids against PFI)। উক্ত অভিযানত গ্রেপ্তাৰ হয় দহজনকৈ PFI ৰ সদস্য । আদালতে 5 দিনৰ আৰক্ষীৰ জিম্মাত দিয়ে গ্ৰেপ্তাৰ হোৱা PFI সদস্যকেইজনক (Arrested PFI members sent to police custody)

Raids against PFI: অসমত গ্ৰেপ্তাৰ দহগৰাকী PFI নেতা

দেশজুৰি PFI ৰ বিৰুদ্ধে অভিযান NIA আৰু ED ৰ ৷ NIA ৰ প্ৰায় 200 গৰাকী বিষয়াই দেশজুৰি চলাইছে PFI ৰ বিৰুদ্ধে এই অভিযান (NIA raids against PFI in India) ৷ দেশৰ কেইবাখনো ৰাজ্যৰ পৰা গ্ৰেপ্তাৰ কৰিছে শতাধিক PFIৰ নেতা-সদস্যক (PFI leaders arrested by NIA) ৷

মন্ত্ৰী অশোক সিংঘালৰ বিৰুদ্ধে সৰৱ গুৱাহাটীৰ তিনিগৰাকী বিধায়ক

গুৱাহাটী পৌৰ নিগমৰ সম্পত্তি কৰ সংগ্ৰহৰ(GMCs property tax collection) দায়িত্ব বহিঃৰাজ্যৰ প্ৰতিষ্ঠানক গতাবলৈ লোৱা সিদ্ধান্তৰ তীব্ৰ বিৰোধীতা। বহিৰাগত প্ৰতিষ্ঠানক প্ৰতিটো কামতে আমন্ত্রণ কৰাৰ কাৰণ কি ? মন্ত্রী অশোক সিংঘালৰ বিৰুদ্ধে একনায়কত্ববাদ চলোৱাৰ অভিযোগ। নিৰ্বাচিত জনপ্ৰতিনিধিক আস্থাত নোলোৱাকৈ চৰকাৰে গ্ৰহণ কৰিছে সিদ্ধান্ত। জনবিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ জনপ্ৰতিনিধি। গুৱাহাটীৰ তিনিগৰাকী বিধায়ক আৰু নিৰ্বাচিত পাৰিষদসকলৰ অজ্ঞাতে গুৱাহাটীৰ কৰ সংগ্ৰহৰ বাবে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তক লৈ ব্যাপক প্ৰতিক্ৰিয়া।

সুৰাপান কৰিলেই বাজিব এলাৰ্ম: সাৱধান ৰাইজ !

সুৰাপান কৰি বাহন চলোৱা হৈছে বিশ্বব্যাপী পথ দুৰ্ঘটনাৰ এটা মুখ্য কাৰণ । ইয়াৰ ফলত, প্ৰতি বছৰে অধিকাংশ লোকে প্ৰাণ হেৰুৱাবলগীয়া হয় । বেছিভাগ দেশতে এইটো অবৈধ । এই অপৰাধৰ বাবে কিছু কিছু ঠাইত কঠোৰ শাস্তিও প্ৰদান কৰা হয় । তৎস্বত্বেও, সুৰাপান কৰি গাড়ী চলোৱাৰ ঘটনা হ্ৰাস হোৱা নাই । কিন্তু যদি আপোনাৰ গাড়ীয়ে নিজেই আপোনাক গাড়ী চলাবলৈ বাধা দিয়ে তেন্তে কি হ'ব ? পঢ়ক সবিশেষ...

NFSA হিতাধিকাৰীক আয়ুষ্মান ভাৰত কাৰ্ড প্ৰদানৰ বাবে তৎপৰ ৰাজ্য চৰকাৰ

দিছপুৰত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ অধ্যক্ষতাত গুৰুত্বপূৰ্ণ বৈঠক। ৫ লাখ টকালৈ পাব চিকিৎসাৰ সুবিধা । এন এফ এছ এৰ তথ্য-আধাৰৰ ব্যৱহাৰ, হিতাধিকাৰী পৰিয়ালৰ ঘৰে ঘৰে গৈ ই-কে ৱাই চি প্ৰক্ৰিয়া সম্পন্ন কৰি ক্ষিপ্ৰতাৰে আয়ুষ্মান কাৰ্ড প্ৰস্তুতকৰণ আৰু বিতৰণৰ কাৰ্য-পৰিকল্পনাৰ বিষয়ে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে শীৰ্ষ বিষয়াসকলৰ লগত পৰ্যালোচনা (Ayushman Bharat card to NFSA beneficiaries) ।

বটদ্ৰৱাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আঁচনিত খেলিমেলিৰ অভিযোগ ৰাজহুৱা হিচাপ সমিতিৰ

নগাঁও জিলাৰ ধিং আৰু বটদ্ৰৱা সমষ্টি ভ্ৰমণ কৰি বিভিন্ন বিভাগৰ আঁচনিৰ কাম-কাজৰ চৰজমিন পৰিদৰ্শন ৰাজহুৱা হিচাপ সমিতিৰ ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগ, জলসিঞ্চন বিভাগ, মীন বিভাগ, সমাজ কল্যাণ বিভাগ, লোকনিৰ্মাণ বিভাগৰ আচঁনি সমূহ পৰিদৰ্শন কৰে দলটোৱে (Govt schemes implementation in Batadrava)৷

শিক্ষাক ৰাজনীতিকৰণ কৰিব নালাগে: উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে

বৃহস্পতিবাৰে দেশৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসম পৰ্যটন নিগম আৰু প্ৰজন্ন প্ৰভাৰ উদ্যোগত অনুষ্ঠিত হোৱা লোকমন্থন উৎসৱটি উদ্বোধন কৰে (VP Jagdeep Dhankhar inaugurates Lokmanthan 2022) । অনুষ্ঠানত তেখেতে ভাৰতবৰ্ষৰ পুৰণি বৰ্ণময় সভ্যতা আৰু ধৰ্মীয় ইতিহাসৰ বিষয়ে চমু আলোকপাত কৰে ।

কৰিমগঞ্জত PFI ৰ এজন সদস্যক গ্ৰেপ্তাৰ

সমগ্ৰ দেশজুৰি চলিছে PFI ৰ বিৰুদ্ধে NIA আৰু ED ৰ অভিযান (Raids against PFI) ৷ কৰিমগঞ্জতো NIA, ED আৰু আৰক্ষীয়ে অভিযান চলাই বদৰপুৰৰ পৰা PFI ৰ এজন সদস্যক গ্ৰেপ্তাৰ কৰে ৷

Hrithik Roshan instagram:প্ৰাক্তনৰ প্ৰেমিকৰ পিছত এইবাৰ হৃত্বিকৰ ফটোত কমেণ্ট শ্বাবাৰ

বলীউডৰ সুদৰ্শন অভিনেতা হৃত্বিক ৰোশন তেওঁৰ আগন্তুক ছবি বিক্ৰম বেধাৰ প্ৰচাৰত ব্যস্ত (Hrithik Roshan vikram vedha) আৰু শ্বাবা আজাদ ব্যস্ত হৃত্বিক ৰোশনৰ ফটোত কমেণ্ট কৰাত ! হয় প্ৰেমিকে ছ’চিয়েল মিডিয়াত ফটো পোষ্ট কৰিলেই প্ৰায়ে কমেণ্ট কৰে শ্বাবাই ৷ পিছে শ্বাবাৰ কমেণ্ট চৰ্চালৈ অহাৰ কাৰণটো হ’ল অলপতে শ্বাবাই প্ৰাক্তন প্ৰেমিকক খুব সুন্দৰকৈ শুভেচ্ছা জনাইছিল ৷ সবিশেষ আগলৈ-

ৰাজু শ্ৰীবাস্তৱৰ পূৰ্বে আকস্মিকভাৱে মৃত্যুক সাৱটি লোৱা তাৰকাসকল

Sudden death of stars: মৃত্যুৱে কেতিয়া কাক হাত বাউল দি মাতে কোনেও নাজানে ৷ ৰাজু শ্ৰীবাস্তৱ দীৰ্ঘদিন ধৰি হাস্পতালত ভৰ্তি হৈ আছিল যদিও সকলোৱে তেওঁ সুস্থ হৈ উভতি আহিব বুলি আশা কৰি আছিল ৷ কিন্তু মৃত্যুৰ ওচৰত হাৰ মানিলে তাৰকাজনে ৷ ৰাজুৰ পূৰ্বে অকস্মাতে আমাৰ মাজৰ পৰা আঁতৰি যোৱা তাৰকাসকলৰ বিষয়ে জানো আহক-

Last Updated :Sep 23, 2022, 11:25 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.