অসমত গ্ৰেপ্তাৰ হোৱা PFI সদস্যক ৫ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

author img

By

Published : Sep 22, 2022, 10:04 PM IST

Arrested PFI leaders sent to police custody

অসমতো পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়া চমুকৈ PFI ৰ বিৰুদ্ধে চলিল NIA আৰু ED অভিযান (NIA ED raids against PFI)। উক্ত অভিযানত গ্রেপ্তাৰ হয় দহজনকৈ PFI ৰ সদস্য । আদালতে 5 দিনৰ আৰক্ষীৰ জিম্মাত দিয়ে গ্ৰেপ্তাৰ হোৱা PFI সদস্যকেইজনক (Arrested PFI members sent to police custody)

গুৱাহাটী, 22 ছেপ্টেম্বৰ: সমগ্র দেশৰ লগতে বৃহস্পতিবাৰে অসমতো পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়া চমুকৈ PFI ৰ বিৰুদ্ধে চলিল NIA আৰু ED অভিযান (NIA ED raids against PFI)। উক্ত অভিযানত গ্রেপ্তাৰ হয় দহজনকৈ PFI ৰ সদস্য । আজি আদালতত হাজিৰ কৰোৱা হয় আটাইকেইজন PFI সদস্যক । আৰক্ষীয়ে 14 দিনৰ বাবে জিম্মাত বিচাৰিছিল যদিও আদালতে 5 দিনৰ আৰক্ষীৰ জিম্মাত দিয়ে গ্ৰেপ্তাৰ হোৱা PFI সদস্যকেইজনক (Arrested PFI members sent to police custody) । আৰক্ষীয়ে দহজনক গ্ৰেপ্তাৰ কৰাৰ কথা সদৰি কৰিছে যদিও অধিবক্তাই জনোৱা মতে 9 জনক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে ।

উল্লেখ্য যে, বৃহস্পতিবাৰে সমগ্ৰ দেশত শতাধিক PFI সদস্যক গ্ৰেপ্তাৰ কৰা হয় । অসমত গ্ৰেপ্তাৰ হোৱা সকলক আজি গুৱাহাটীৰ চি জে এম আদালতত হাজিৰ কৰোৱা হয় (PFI leader member in Assam) । অধিবক্তাই জনোৱা মতে ইয়াৰে এজন PFI সদস্য নহয় । যিজনক তেওঁলোকৰ লগত সম্পৰ্ক থকাৰ বাবে কামৰূপ গ্ৰাম্য জিলাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল ।

অসমত গ্ৰেপ্তাৰ হোৱা PFI সদস্যক ৫ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

আৰক্ষীয়ে সদস্য কেইজনৰ পৰা ম’বাইল আৰু কিছু নথি-পত্ৰ জব্দ কৰিছে । তেওঁলোকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ 120(B),124(A)/153(A)/353 ধাৰাত 02/2022 u/s নম্বৰৰ গোচৰ ৰুজু কৰা হৈছে (Case registered against PFI member)।

লগতে পঢ়ক: Raids against PFI: অসমত গ্ৰেপ্তাৰ দহগৰাকী PFI নেতা

NIA আৰু ED য়ে অভিযান চলোৱা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলকেইটা হৈছে অসম, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, দিল্লী, ৰাজস্থান, তেলেংগানা, কৰ্ণাটক, তামিলনাডু, কেৰালা আৰু পুডুচেৰী (PFI leaders arrested by NIA) ৷ অসমত কামৰূপ মহানগৰ জিলাৰ সিজুবাৰীৰ পৰা অভিযানকাৰী দলে পুৱতি নিশা আটক কৰে আমিনুল হক নামৰ এজন PFI সদস্যক ৷ নগাঁৱৰ চামগুৰিৰ পৰা নিশা আটক PFI ৰ জিলা সভাপতি ৰহমতউল্লাহ কাছিমীক ৷ কৰিমগঞ্জ জিলাৰ বদৰপুৰৰ পৰাও আটক কৰা হৈছে PFI ৰ এজন সদস্য । আটক হোৱা PFI সদস্যৰ নাম বাজলুল কৰিম (Raid against PFI across India)।

ইফালে, কামৰূপ গ্ৰাম্য জিলাৰ নগৰবেৰাতো NIA-ED আৰু আৰক্ষীৰ অভিযান । এই অভিযানত নগৰবেৰাৰ বিভিন্ন এলেকাৰ পৰা চাৰিজনকৈ PFI সদস্যক গ্ৰেপ্তাৰ কৰিছে অভিযানকাৰী দলে (PFI leaders arrested in Assam) ৷ গ্ৰেপ্তাৰ হোৱা PFI সদস্য কেইজন হৈছে হাফিজ ৰফিকুল ইছলাম, ৰবিউল হুছেইন, আব্দুৰ ৰেজ্জাক আৰু নজৰুল ইছলাম ভূঞা ।

NIA ৰ প্ৰায় 200 গৰাকী বিষয়াই দেশজুৰি চলাইছে PFI ৰ বিৰুদ্ধে এই অভিযান (NIA ED conduct raids against PF) ৷ সন্ত্ৰাসবাদী সংগঠনক ধন যোগান, দেশ বিৰোধী কাৰ্য-কলাপ, প্ৰশিক্ষণ শিৱিৰৰ আয়োজন, মানুহক PFI ত যোগ দিবলৈ জোৰ দিয়া আদি বিভিন্ন কাৰ্যত জড়িত থকা লোকসকলৰ ঘৰত চলোৱা হৈছে এই অভিযান ৷

লগতে পঢ়ক: NIA operation against PFI : দেশত ১০০ৰো অধিক PFI কৰ্মীক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.