কৰিমগঞ্জত PFI ৰ এজন সদস্যক গ্ৰেপ্তাৰ

author img

By

Published : Sep 22, 2022, 7:13 PM IST

PFI leaders arrested by NIA in Karimganj

সমগ্ৰ দেশজুৰি চলিছে PFI ৰ বিৰুদ্ধে NIA আৰু ED ৰ অভিযান (Raids against PFI) ৷ কৰিমগঞ্জতো NIA, ED আৰু আৰক্ষীয়ে অভিযান চলাই বদৰপুৰৰ পৰা PFI ৰ এজন সদস্যক গ্ৰেপ্তাৰ কৰে ৷

কৰিমগঞ্জ, 22 ছেপ্টম্বৰ: বৃহস্পতিবাৰে সমগ্ৰ দেশজুৰি চলিছে পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়া (Popular Front of India) চমুকৈ PFI ৰ বিৰুদ্ধে NIA আৰু ED ৰ অভিযান (Raids against PFI) ৷ ইতিমধ্যে সংস্থা দুটাই দেশৰ কেইবাখনো ৰাজ্যত অভিযান চলাই শতাধিক PFI ৰ নেতা-সদস্যক গ্ৰেপ্তাৰ কৰিছে ৷ অসম, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, দিল্লী, ৰাজস্থান, তেলেংগানা, কৰ্ণাটক, তামিলনাডু, কেৰালা আৰু পুডুচেৰী- এই আটাইকেইখন ৰাজ্যতে NIA আৰু ED য়ে অভিযান চলাইছে (PFI leaders arrested by NIA) ৷

কৰিমগঞ্জতো NIA, ED আৰু আৰক্ষীয়ে অভিযান চলাই বদৰপুৰৰ পৰা PFI ৰ এজন সদস্যক গ্ৰেপ্তাৰ কৰে ৷ গ্ৰেপ্তাৰ হোৱা PFI সদস্যজন কৰিমগঞ্জৰ বদৰপুৰ আৰক্ষী থানাৰ অন্তৰ্গত লামাজুয়াৰ গাঁৱৰ আব্দুল কায়ুম'ৰ পুত্ৰ বাজলুল কৰিম বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে PFI সদস্য বাজলুল কৰিমক গুৱাহাটীলৈ লৈ অহা হৈছে (NIA raids against PFI in Karimganj) ৷

উল্লেখ্য যে, অসমৰো কেইবাখনো জিলাত আজি পুৱাৰ পৰাই NIA আৰু ED য়ে অভিযান চলাইছে (NIA raids against PFI in Assam) ৷ নগাঁও, কামৰূপ মহানগৰ, কামৰূপ গ্ৰাম্য, কৰিমগঞ্জ আদি কেইবাটাও স্থান চলিছে PFI ৰ বিৰুদ্ধে অভিযান ৷ সন্ত্ৰাসবাদী সংগঠনক ধন যোগান, দেশ বিৰোধী কাৰ্য-কলাপ, প্ৰশিক্ষণ শিৱিৰৰ আয়োজন, মানুহক PFI ত যোগ দিবলৈ জোৰ দিয়া আদি বিভিন্ন কাৰ্যত জড়িত থকা লোকসকলৰ ঘৰত চলোৱা হৈছে এই অভিযান (NIA ED conduct raids against PF) ৷

লগতে পঢ়ক: Raids against PFI: অসমত গ্ৰেপ্তাৰ দহগৰাকী PFI নেতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.