Raids against PFI: অসমত গ্ৰেপ্তাৰ দহগৰাকী PFI নেতা

author img

By

Published : Sep 22, 2022, 4:10 PM IST

Updated : Sep 22, 2022, 5:34 PM IST

Raids against PFI

দেশজুৰি PFI ৰ বিৰুদ্ধে অভিযান NIA আৰু ED ৰ ৷ NIA ৰ প্ৰায় 200 গৰাকী বিষয়াই দেশজুৰি চলাইছে PFI ৰ বিৰুদ্ধে এই অভিযান (NIA raids against PFI in India) ৷ দেশৰ কেইবাখনো ৰাজ্যৰ পৰা গ্ৰেপ্তাৰ কৰিছে শতাধিক PFIৰ নেতা-সদস্যক (PFI leaders arrested by NIA) ৷

গোৱালপাৰা, 22 ছেপ্টেম্বৰ : বৃহস্পতিবাৰে দেশজুৰি চলিছে পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়া (Popular Front of India) চমুকৈ PFI ৰ বিৰুদ্ধে NIA আৰু ED ৰ অভিযান (Raids against PFI) ৷ ইতিমধ্যে সংস্থা দুটাই দেশৰ কেইবাখনো ৰাজ্যৰ পৰা গ্ৰেপ্তাৰ কৰিছে শতাধিক PFIৰ নেতা-সদস্য ৷ NIA আৰু ED য়ে অভিযান চলোৱা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলকেইটা হৈছে অসম, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, দিল্লী, ৰাজস্থান, তেলেংগানা, কৰ্ণাটক, তামিলনাডু, কেৰালা আৰু পুডুচেৰী (PFI leaders arrested by NIA) ৷

NIA ৰ প্ৰায় 200 গৰাকী বিষয়াই দেশজুৰি চলাইছে PFI ৰ বিৰুদ্ধে এই অভিযান ৷ সন্ত্ৰাসবাদী সংগঠনক ধন যোগান, দেশ বিৰোধী কাৰ্য-কলাপ, প্ৰশিক্ষণ শিৱিৰৰ আয়োজন, মানুহক PFI ত যোগ দিবলৈ জোৰ দিয়া আদি বিভিন্ন কাৰ্যত জড়িত থকা লোকসকলৰ ঘৰত চলোৱা হৈছে এই অভিযান (NIA ED conduct raids against PF) ৷

অসমত গ্ৰেপ্তাৰ দহগৰাকী PFI নেতা

অসমৰো কেইবাখনো জিলাত পুৱাৰ পৰাই সংস্থা দুটাৰ বিষয়াই অভিযান চলাইছে (NIA raids against PFI in Assam) ৷ বৰ্তমানলৈকে অসমত গ্ৰেপ্তাৰ কৰা হৈছে 10 জন PFI সদস্যক ৷ নগাঁও, কামৰূপ মহানগৰ, কামৰূপ গ্ৰাম্য, কৰিমগঞ্জ আদি কেইবাটাও স্থান চলিছে অভিযান ৷

কামৰূপ মহানগৰ জিলাৰ সিজুবাৰীৰ পৰা অভিযানকাৰী দলে পুৱতি নিশা আটক কৰে আমিনুল হক নামৰ এজন PFI সদস্যক ৷ নগাঁৱৰ চামগুৰিৰ পৰা নিশা আটক PFI ৰ জিলা সভাপতি ৰহমতউল্লাহ কাছিমীক ৷ কৰিমগঞ্জ জিলাৰ বদৰপুৰৰ পৰাও আটক কৰা হৈছে PFI ৰ এজন সদস্য । আটক হোৱা PFI সদস্যৰ নাম বাজলুল কৰিম ।

লগতে পঢ়ক: NIA operation against PFI : দেশত ১০০ৰো অধিক PFI কৰ্মীক গ্ৰেপ্তাৰ

কামৰূপ গ্ৰাম্য জিলাৰ নগৰবেৰাতো NIA-ED আৰু আৰক্ষীৰ অভিযান । এই অভিযানত নগৰবেৰাৰ বিভিন্ন এলেকাৰ পৰা চাৰিজনকৈ PFI সদস্যক গ্ৰেপ্তাৰ কৰিছে অভিযানকাৰী দলে (PFI leaders arrested in Assam) ৷ গ্ৰেপ্তাৰ হোৱা PFI সদস্য কেইজন হৈছে হাফিজ ৰফিকুল ইছলাম, ৰবিউল হুছেইন, আব্দুৰ ৰেজ্জাক আৰু নজৰুল ইছলাম ভূঞা । আটাইকেইজনৰে ঘৰ নগৰবেৰা আৰক্ষী চকী এলেকাৰ বিভিন্ন গাঁৱত । বৃহস্পতিবাৰে পুৱতি নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে PFI সদস্য কেইজনক ।

ৰহস্যজনকভাৱে, আৰক্ষীয়ে সদস্য কেইজনক গ্ৰেপ্তাৰ কৰিও খবৰটো গোপনে ৰখাৰ চেষ্টা কৰে । সংবাদ মাধ্যমক তথ্য দিয়াৰ পৰা আছে বিৰত আৰক্ষী । গ্ৰেপ্তাৰ কৰাৰ সময়ত কি কাৰণে লোক কেইজনক গ্ৰেপ্তাৰ কৰা হৈছে সেই বিষয়ে পৰিয়ালৰ লোকক কোনো কথাই অৱগত কৰোৱা নাই বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, অভিযান কালত কেইবাটাও মোবাইল ফোন, লেপটপ আৰু নথি-পত্ৰও আৰক্ষীয়ে জব্দ কৰিছে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে ।

গ্ৰেপ্তাৰ হোৱা নেতা চাৰি গৰাকীৰ মুক্তিৰ দাবী বৃহস্পতিবাৰে পুৱাই ৰাজপথলৈ শ শ লোক ওলাই আহি বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ৰাজপথ অৱৰোধ কৰে । সমগ্ৰ দেশতে এই অভিযানৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে সংগঠনটোৱে (PFI protest across India)৷

উল্লেখ্য যে, ১৯৯২ চনত বাবৰি মছজিদ ধ্বংসৰ পাছত তিনিটা ইছলামিক সংগঠনক একত্ৰিত কৰি ২০০৬ চনত কেৰালাত পিএফআই গঠন কৰা হৈছিল । তিনিটা সংগঠন আছিল কেৰালাৰ ৰাষ্ট্ৰীয় উন্নয়ন মৰ্চা (National Development Front of Kerala), কৰ্ণাটক ফ'ৰাম ফৰ ডিগনিটি (Karnataka Forum for Dignity) আৰু তামিলনাডুৰ মণিথা নীথি পাছাৰী (Manitha Neethi Pasari) ।

লগতে পঢ়ক: গুৱাহাটীৰ হাতীগাঁৱত গ্ৰেপ্তাৰ PFIৰ নেতা

Last Updated :Sep 22, 2022, 5:34 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.