Hrithik Roshan instagram:প্ৰাক্তনৰ প্ৰেমিকৰ পিছত এইবাৰ হৃত্বিকৰ ফটোত কমেণ্ট শ্বাবাৰ

author img

By

Published : Sep 22, 2022, 7:06 PM IST

HRITHIK ROSHAN

বলীউডৰ সুদৰ্শন অভিনেতা হৃত্বিক ৰোশন তেওঁৰ আগন্তুক ছবি বিক্ৰম বেধাৰ প্ৰচাৰত ব্যস্ত (Hrithik Roshan vikram vedha) আৰু শ্বাবা আজাদ ব্যস্ত হৃত্বিক ৰোশনৰ ফটোত কমেণ্ট কৰাত ! হয় প্ৰেমিকে ছ’চিয়েল মিডিয়াত ফটো পোষ্ট কৰিলেই প্ৰায়ে কমেণ্ট কৰে শ্বাবাই ৷ পিছে শ্বাবাৰ কমেণ্ট চৰ্চালৈ অহাৰ কাৰণটো হ’ল অলপতে শ্বাবাই প্ৰাক্তন প্ৰেমিকক খুব সুন্দৰকৈ শুভেচ্ছা জনাইছিল ৷ সবিশেষ আগলৈ-

চিটাৰা ডেস্ক, 22 ছেপ্টেম্বৰ : বলীউডৰ আটাইতকৈ সুদৰ্শন অভিনেতাসকলৰ কথা ক’বলৈ গ’লে তালিকাৰ শীৰ্ষত আছে হৃত্বিক ৰোশন । হৃত্বিক ৰোশন সম্প্ৰতি তেওঁৰ আগন্তুক চুপাৰ এক্সন ছবি ‘বিকাম বেধা’ৰ প্ৰচাৰত ব্যস্ত হৈ আছে । ছবিখন ইতিমধ্যেই মুক্তিৰ বাবে সাজু হৈছে ।

অলপতে ছ’চিয়েল মিডিয়াত হৃত্বিকে নিজৰ এখন ফটো শ্বেয়াৰ কৰে । অনুৰাগীৰ লগতে প্ৰেমিকা শ্বাবায়ো ৰখাব নোৱাৰিলে নিজক কমেণ্ট কৰাৰ পৰা ৷ ইমানেই হেণ্ডছাম দেখাইছে ফটোখনত অভিনেতাজনক ৷ চাওক ফটোখন-

ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা ছবিখনত হৃত্বিকক দেখা গৈছে অতিকে আকৰ্ষণীয় ৰূপত (Hrithik Roshan instagram) ৷ ফটোগ্ৰাফাৰ অবিনাশ গোৱাৰিকাৰৰ কেমেৰাত এইদৰে বন্দী হ’ল তাৰকাজন । ফটোখনত শ্বাবাৰ কমেণ্টটো ভাইৰেল হৈ পৰিছে ৷ তেওঁ লিখিছে, ‘you is cute :) ok bye’ । শ্বাবাৰ কমেণ্টত ঢেৰ মন্তব্য কৰিছে নেটিজেনে ৷

30 ছেপ্টেম্বৰত ছবিগৃহত মুক্তি পাবলৈ সাজু হৈছে 'বিক্ৰম বেধা' (vikram vedha release date ) । ছবিখনত হৃত্বিক আৰু ছৈফ আলী খানৰ ৰূপ দেখি অনুৰাগীসকল অতিশয় উৎফুল্লিত হৈ পৰিছে । 2017 চনৰ দক্ষিণৰ একে নামৰ চুপাৰহিট ছবিখনৰ হিন্দী ৰিমেক এইখন । দক্ষিণৰ ছবিখনত আৰ মাধৱনৰ লগত আছিল বিজয় সেথুপাটী ৷ দৰ্শকে বহুত ভাল পাইছিল ছবিখন ।

‘কৃষ’ অভিনেতাজনৰ ৱৰ্কফ্ৰন্টৰ কথা ক’বলৈ গ’লে তেওঁক ইয়াৰ পূৰ্বে দেখা গৈছিল ‘ৱাৰ’ ছবিখনত । এতিয়া শীঘ্ৰেই তেওঁক সিদ্ধাৰ্থ আনন্দৰ দ্বাৰা পৰিচালিত হৈ থকা ‘ফাইটাৰ’ ছবিখনত দেখা যাব । এই ছবিখনত তেওঁৰ সৈতে দেখা যাব দীপিকা পাডুকনক ।

লগতে পঢ়ক : হৃত্বিক ৰোশন কাষত থকাৰ পিছতো প্ৰাক্তন প্ৰেমিকলৈ মনত পৰিল শ্বাবা আজাদৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.