মন্ত্ৰী অশোক সিংঘালৰ বিৰুদ্ধে সৰৱ গুৱাহাটীৰ তিনিগৰাকী বিধায়ক

author img

By

Published : Sep 22, 2022, 7:17 PM IST

MLAs opposed  Minister Ashok Singhals decision

গুৱাহাটী পৌৰ নিগমৰ সম্পত্তি কৰ সংগ্ৰহৰ(GMCs property tax collection) দায়িত্ব বহিঃৰাজ্যৰ প্ৰতিষ্ঠানক গতাবলৈ লোৱা সিদ্ধান্তৰ তীব্ৰ বিৰোধীতা। বহিৰাগত প্ৰতিষ্ঠানক প্ৰতিটো কামতে আমন্ত্রণ কৰাৰ কাৰণ কি ? মন্ত্রী অশোক সিংঘালৰ বিৰুদ্ধে একনায়কত্ববাদ চলোৱাৰ অভিযোগ। নিৰ্বাচিত জনপ্ৰতিনিধিক আস্থাত নোলোৱাকৈ চৰকাৰে গ্ৰহণ কৰিছে সিদ্ধান্ত। জনবিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ জনপ্ৰতিনিধি। গুৱাহাটীৰ তিনিগৰাকী বিধায়ক আৰু নিৰ্বাচিত পাৰিষদসকলৰ অজ্ঞাতে গুৱাহাটীৰ কৰ সংগ্ৰহৰ বাবে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তক লৈ ব্যাপক প্ৰতিক্ৰিয়া।

গুৱাহাটী, ২২ ছেপ্টেম্বৰ: চৰকাৰী নীতি জনসাধাৰণৰ পৰিপন্থী হ'লে বহুসময়ত শাসকীয় গোষ্ঠীৰ লোকো সৰৱ হৈ পৰে । বিজেপি চৰকাৰৰ বহু জন পৰিপন্থী নীতি তথা কাৰ্যকলাপে ৰাইজৰ দৰে শাসকীয় দলৰো বহুতকে প্ৰভাৱিত কৰিছে । বহুতে মুখ খুলিবলৈ সাহস নকৰে যদিও আন বহুতে ৰাজহুৱাকৈ নিজৰ অসন্তুষ্টি ব্যক্ত কৰে । শেহতীয়াকৈ এগৰাকী মন্ত্রীৰ কাৰ্যকলাপৰ বিৰুদ্ধে সৰৱ হোৱা দেখা গৈছে শাসকীয় দলটোৰ দুজন বিধায়কৰ লগতে মিত্রদলৰ এজন বিধায়কক(MLAs react on property tax collection)।

উল্লেখ যে গুৱাহাটী পৌৰ নিগমৰ সম্পত্তি কৰ সংগ্ৰহৰ (property tax collection on private institution)দায়িত্ব ব্যক্তিগত প্রতিষ্ঠানক বিশেষকৈ বহিঃৰাজ্যৰ প্ৰতিষ্ঠানক গতাবলৈ লোৱা সিদ্ধান্তক লৈ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংঘালৰ (MLAs opposed Minister Ashok Singhals decision) বিৰুদ্ধে মুকলিকৈ ক্ষোভ উজাৰিছে গুৱাহাটীৰ দুই বিধায়ক অতুল বৰা (MLA Atul Bora opposed private institution ) আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ (Siddhartha Bhattacharya react on Singhals decision )লগতে মিত্রদলৰ অগপৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । গুৱাহাটীৰ বিধায়ক পৌৰ নিগমৰ পাৰিষদক অজ্ঞাতে ৰাখি মন্ত্ৰী সিংঘালে তেনে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষমতা ক’ত পালে বুলি প্ৰশ্ন কৰি দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই ক্ষোভেৰে কয় যে মুখ্যমন্ত্ৰীৰ উপৰি গুৱাহাটীত তিনিজন বিধায়ক আছে। তদুপৰি গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ,উপ-মেয়ৰ,পাৰিষদ আছে । বিধায়ক, পৌৰ নিগমৰ পাৰিষদসকলক অৱগত নকৰাকৈ মন্ত্রী সিংঘালে তেনে সিদ্ধান্ত লোৱাৰ ক্ষমতা ক'ত পালে বুলি বিধায়ক বৰাই প্ৰশ্ন উত্থাপন কৰিছে (New system of GMCs property tax collection)।

MLAs opposed  Minister Ashok Singhals decision
জিএমচিৰ কৰ সংগ্ৰহকলৈ মন্ত্রীৰ বিৰুদ্ধে সৰৱ বিধায়ক

বিধায়ক বৰাই পুনৰ কয় যে মহানগৰীখনত হ'বলগীয়া চৰকাৰী কাম-কাজ পৌৰ নিগমে ৰূপায়ণ কৰি আহিছে । পৌৰ নিগমৰ ওপৰত যদি ইমানেই হস্তক্ষেপ কৰিব বিচাৰে তেন্তে নিগমৰ নিৰ্বাচনেই পাতিব নালাগিছিল বুলি তেওঁ কয় । তেওঁ লগতে কয় যে এতিয়া সম্পত্তি কৰ সংগ্ৰহৰ দায়িত্ব যদি ব্যক্তিগত প্রতিষ্ঠানক দিয়া হয় তেন্তে নলা-নর্দমা চাফা কৰাৰ বাহিৰে গুৱাহাটী পৌৰ নিগমৰ কোনো অস্তিত্বই নাথাকিব । বহিৰাগত প্ৰতিষ্ঠানক প্ৰতিটো কামতে আমন্ত্রণ কৰাৰ কি কাৰণ আছে বুলি প্ৰশ্ন কৰি বিধায়ক বৰাই কয় যে কৰ সংগ্ৰহ সঠিকভাৱে যদি পৌৰ নিগমে কৰিব পৰা নাই তেন্তে সেই ব্যৱস্থাৰ সংস্কাৰ কৰা উচিত । কিন্তু তাৰ পৰিৱৰ্তে কৰ সংগ্ৰহৰ কামো যদি বহিঃৰাজ্যৰ ঠিকাদাৰক কৰিবলৈ দিয়া হয়, তেতিয়াহ'লে পৌৰ নিগমৰ কি থাকিব ।

পৌৰ নিগমৰ সম্পত্তি কৰ সংগ্ৰহৰ দায়িত্ব ব্যক্তিগত প্রতিষ্ঠানক দিয়াৰ সিদ্ধান্ত লোৱাৰ বাবেই ইতিমধ্যে নিবিদাও আহ্বান কৰা হৈছে । বিধায়ক বৰাই কয় যে মন্ত্রী সিংঘাল ঢেকীয়াজুলিৰ বিধায়ক আৰু মন্ত্রী সিংঘালে গুৱাহাটী মহানগৰীৰ বিষয়ে নাজানে । তেওঁ লগতে কয় যে তেওঁ গুৱাহাটীৰ বিধায়ক হিচাপে পৌৰ নিগমৰো পদেন সদস্য । মন্ত্রী সিংঘাল ঢেকীয়াজুলি নগৰ সমিতিৰ পদেন সদস্য । সেই হিচাপে মন্ত্রী সিংঘালক ঢেকীয়াজুলি নগৰ সমিতিৰ সিদ্ধান্ত এটাৰ বিষয়ে নজনাব নেকি বুলি প্ৰশ্ন কৰি তেওঁ কয় যে গুৱাহাটীৰ বিধায়ক হিচাপে সেই গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে আমাক এতিয়ালৈ একো জনোৱা নাই ।

MLAs opposed  Minister Ashok Singhals decision
জিএমচিৰ কৰ সংগ্ৰহকলৈ মন্ত্রীৰ বিৰুদ্ধে সৰৱ বিধায়ক

ইপিনে,এই সন্দৰ্ভত পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই মন্ত্রী সিংঘালে একনায়কত্ববাদ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে । প্ৰাক্তন মন্ত্রী ভট্টাচাৰ্যই কয় যে একনায়কত্ববাদ হ'ব নালাগে । নির্বাচিত জনপ্রতিনিধিৰলগত কোনো আলোচনা নকৰাকৈ,কোনো পৰামৰ্শ নোলোৱাকৈ,কোনো চৰ্চা নকৰাকৈ লোৱা সিদ্ধান্ত আমাৰ বাবে গ্রহণযোগ্য নহয় বুলি তেওঁ কয় । গুৱাহাটী পৌৰ নিগমৰ কৰ সংগ্ৰহৰ বাবে এটা বিভাগ আছে। ইমানদিনে সেই বিভাগটোৰ কৰ আদি সংগ্ৰহত কোনো বেমেজালি হোৱা নাই ।

যদি কোৱা ধৰণে ৪০ শতাংশৰ কৰ আদায় নহয় তেন্তে সেই কৰ আদায়ৰ বাবে বিভাগক সক্ৰিয় কৰিবহে লাগে । কৰ-কাটল সংগ্ৰহৰ বাবে বাহিৰৰ মানুহ অনা কাৰ্যৰ তেওঁ অন্ততঃ ব্যক্তিগতভাৱে সমৰ্থন নকৰে বুলি সদৰি কৰে । তেনে কাৰ্যৰ তেওঁ দুৰ্ঘোৰ বিৰোধী। যদি কৰ-কাটল সংগ্ৰহত ব্যৰ্থ হৈছে তেন্তে মন্ত্ৰী সিংঘালে পদত্যাগ কৰক বুলি তেওঁ কয়। তথাপি বাহিৰৰ প্ৰতিষ্ঠানক কৰ-কাটল সংগ্ৰহৰ দায়িত্ব দিয়াটো তেওঁ নিবিচাৰে বুলি কয় ।

ইফালে, দুয়োগৰাকী বিধায়কৰ তীব্ৰ বিৰোধিতাৰ পাছত মন্ত্রী সিংঘালে নিজৰ প্ৰতিক্রিয়াত কয় যে সেই সিদ্ধান্ত কেবিনেটত গ্ৰহণ কৰা হৈছে । লক্ষণীয় বিষয় যে সিদ্ধান্ত চৰকাৰখনৰ হ'লেও কিন্তু গুৱাহাটীৰ বিধায়ক আৰু নিৰ্বাচিত পৌৰ নিগমখনক আস্থাত লৈ এই সিদ্ধান্ত লোৱা হোৱা নাই । ফলত শাসকীয় দলৰ হোৱা স্বত্বেও গুৱাহাটী দুজন বিধায়কে ইয়াৰ বিৰোধিতা কৰিছে ।

মন্ত্রী সিংঘালে ছত্তীশগড়ৰ ব্যক্তিগত প্রতিষ্ঠানে মাইক্ৰ'ফাইনেন্সৰ লোনৰ কিস্তিসংগ্ৰহৰ দৰে গুৱাহাটীবাসীৰ ঘৰে ঘৰে কৰ সংগ্ৰহত নমাৰ ইংগিত দিয়াত সর্বত্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে । গুৱাহাটীৰ বিভিন্ন সামাজিক সংগঠনে চৰকাৰক এই সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছে যদিও চৰকাৰৰ একপক্ষীয় সিদ্ধান্তত গুৱাহাটী পৌৰ এলেকাৰ অন্তৰ্গত সমষ্টিৰ শাসক তথা মিত্ৰদলৰবিধায়কসকলো ক্ষুব্ধ হৈ পৰিছে । এক কথাত মন্ত্ৰী সিংঘালৰ ঘোষণাৰ পাছতেই খোদ বিজেপিৰ বিধায়কেই বিদ্ৰোহৰ হুংকাৰ দিছে ।

নগৰ উন্নয়ন দপ্তৰ মন্ত্ৰী অশোক সিংঘালে কৰ সংগ্ৰহক লৈ কৈছিল যে গুৱাহাটীত পৌৰ নিগমৰ বাসিন্দাৰ সম্পত্তি কৰ সংগ্ৰহৰ সিদ্ধান্ত লোৱা হৈছে । যিসকলে কৰ নিদিয়ে তেওঁলোকৰ পৰাও কৰ ল'ব লাগে । গুৱাহাটীৰ ৬০শতাংশ মানুহে কৰ দি আছে যদিও বাকীসকলে দিয়া নাই । বাকীসকলৰ পৰাও কৰ সংগ্ৰহৰ চেষ্টা কৰা হ'ব । কৰ সংগ্ৰহৰ বাবে এতিয়ালৈকে কোনো প্রতিষ্ঠানক দায়িত্ব দিয়া হোৱা নাই যদিও নিবিদা আহ্বান কৰা হৈছে । ছত্তীশগড়,বিহাৰ,ঝাৰখণ্ড আদিত কৰ সংগ্ৰহত নিয়োজিত প্রতিষ্ঠানে নিবিদাত অংশ লৈছে । গতিকে ব্যক্তিগত কোম্পানীক কৰ সংগ্ৰহৰ দায়িত্ব দিয়া হ'ব ।

মন্ত্রী সিংঘালৰ এই বক্তব্যৰ পাছতেই এই সিদ্ধান্তক একপক্ষীয় বুলি অভিযোগ কৰিছে বিজেপি-অগপৰ বিধায়কে। মন্ত্রী অশোক সিংঘালক একনায়ত্ববাদ চলাবলৈ নিদিও বুলি হুংকাৰ দি কৰ সংগ্ৰহত ব্যৰ্থতাৰ বাবে মন্ত্রী সিংঘালৰ পদত্যাগ দাবী কৰে পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই। আনহাতে, মিত্ৰ দল অগপৰ পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ব্যক্তিগত প্রতিষ্ঠানক কৰ সংগঠনৰ ঠিকা দিয়া বিষয়টোত আশ্চর্য প্ৰকাশ কৰে । তেওঁ কয় যে এজন ব্যৱসায়ীক আমদানি কৰি কৰ সংগ্ৰহৰ বাবে কিয় ঠিকা দিবলগীয়া হৈছে । আগতে গুৱাহাটী পৌৰ নিগমে জাৱৰ নিষ্কাষণৰ বাবে বাহিৰৰ প্ৰতিষ্ঠানক দিছিল । তেওঁলোকে কি কৰিলে । গেমনক পানী যোগানৰ দায়িত্ব দিছিল, কিন্তু গেমনেবকি কৰিলে সকলোৱে দেখিছে । এতিয়া আকৌ কৰ সংগ্ৰহৰ বাবেব্যক্তিগত প্রতিষ্ঠানক ঠিকা । বাহিৰা প্ৰতিষ্ঠানসমূহে কি কৰিছে আমি দেখি আহিছো বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধায়ক কলিতাই ।

ইফালে,গুৱাহাটীৰ সম্পত্তি কৰ আদায় কাৰ্য আউটছ'ৰ্ছিং কৰিব বিচৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে বৃহত্তৰ গুৱাহাটী নাগৰিক সমন্বয়ৰক্ষী সমিতি আৰু মহানগৰ উন্নয়ন সমিতি । গুৱাহাটী পৌৰ নিগমৰ কৰ সংগ্ৰহৰ বাবে নিজস্ব ব্যৱস্থা থকা সত্বেও ইয়াক আউটছ'ৰ্ছিং কৰাৰ উদ্দেশ্য হৈছে ৰাজ্যৰ নিবনুৱাসকলৰ নিযুক্তিৰ ক্ষেত্ৰখন সংকুচিত কৰা ।

বহিঃৰাজ্যৰ প্ৰতিষ্ঠানক গুৱাহাটীৰ সম্পত্তি কৰ আদায়ৰ দায়িত্ব দিয়াৰ সিদ্ধান্তৰ বিৰোধিতা কৰি গুৱাহাটী নাগৰিক সমন্বয়ৰক্ষী আৰু মহানগৰ উন্নয়ন সমিতিয়ে অভিযোগ কৰি কয় যে প্ৰকৃততে বৃহৎ কৰ্প'ৰেট গোষ্ঠীক গুৱাহাটীৰ সম্পত্তি কৰ সংগ্ৰহৰ দায়িত্ব দিয়াৰ বাবেহে আউটছ'ৰ্ছিঙৰ প্ৰস্তুতি চলোৱা হৈছে । আউটচ'ৰ্ছিঙৰ দ্বাৰা সম্পত্তি কৰ সংগ্ৰহত বাহুবলী ব্যৱস্থা প্ৰৱৰ্তন কৰিব বিচৰা হৈছে । ইফালে,বৃহত্তৰ গুৱাহাটী নাগৰিক সমন্বয়ৰক্ষী সমিতি আৰু মহানগৰ উন্নয়ন সমিতিয়ে সম্পত্তি কৰ বৃদ্ধি,সম্পত্তি কৰ সংগ্ৰহত আউটছ'ৰ্ছিং ব্যৱস্থাৰ তীব্ৰ বিৰোধিতা কৰি তীব্র গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে ।

লগতে পঢ়ক:"উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে বিজেপি চৰকাৰৰ প্ৰয়োজন আছে"-কিৰেণ ৰিজিজু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.