ETV Bharat / city

এতিয়াৰ পৰা ফেৰী আৰু নাও যাত্ৰীৰ বাবে বাধ্যতামূলক লাইফ জেকেট

author img

By

Published : Jun 4, 2019, 9:26 PM IST

এতিয়াৰ পৰা ফেৰী আৰু নাও যাত্ৰীৰ বাবে বাধ্যতামূলক লাইফ জেকেট

সময়ে সময়ে অসমত নাও দুৰ্ঘটনা সংঘটিত হৈ বহু লোকে প্ৰাণ হেৰুৱাই আহিছে । যাত্ৰী আৰু কৰ্তৃপক্ষৰ অসাৱধানতাৰ ফলতেই বহুবাৰ সংঘটিত হৈছে দুৰ্ঘটনা । এনে দুৰ্ঘটনাৰ পৰা পৰিত্ৰাণ পাবলৈ আভ্যন্তৰীণ জল পৰিবহণ সঞ্চালকালয়ে বাধ্যতামূলক কৰিছে লাইফ জেকেট পৰিধান

গুৱাহাটী, 4 জুনঃ ভাৰতীয় জল পৰিবহণ সঞ্চালকালয়ে ফেৰী আৰু নাও যাত্ৰীৰ সুৰক্ষাৰ বাবে বাধ্যতামূলক কৰিছে লাইফ জেকেট পৰিধান ৷ বিগত সময়ত ব্ৰহ্মপুত্ৰত নাওঁ দুৰ্ঘটনা হৈ বহু লোকৰ সলিল সমাধি হোৱা ঘটনাৰ পুনৰাবৃত্তি নহ'বৰ বাবেই আভ্যন্তৰীণ জল পৰিবহণ বিভাগে হাতত লৈছে এই বিশেষ ব্যৱস্থা ৷ জল পৰিবহণ বিভাগৰ নিৰ্দেশ মতে যাত্ৰাৰ সময়ছোৱাত ফেৰী আৰু নাঁৱত যিমান সংখ্যক যাত্ৰী থাকে সকলো যাত্ৰীৰ লগতে কৰ্মচাৰী সকলেও লাইফ জেকেট পিন্ধাটো বাধ্যতামূলক কৰিছে ৷ জল পৰিবহণ বিভাগৰ সঞ্চালকালয়ে বৰ্তমানলৈকে ৪৩৫০ টা লাইফ জেকেট আৰু ২১৭৫ টা আন জীৱন সুৰক্ষা সৰঞ্জাম অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ পৰা ক্ৰয় কৰিছে ।

এতিয়াৰ পৰা ফেৰী আৰু নাও যাত্ৰীৰ বাবে বাধ্যতামূলক লাইফ জেকেট

তথাপিও জল পৰিবহণ বিভাগৰ হাতত পৰ্যাপ্ত পৰিমাণে লাইফ জেকেট এতিয়াও নাই ৷ যদিও জল পৰিবহণ বিভাগে যাত্ৰীসকলৰ সুৰক্ষাৰ্থে লাইফ জেকেট পিন্ধাটো অনিবাৰ্য কৰিছে কিন্তু যাত্ৰীসকলে এই লাইফ জেকেট পিন্ধিবলৈ সংকোচ কৰে । যাৰ ফলত জল পৰিবহণ বিভাগৰ কৰ্মচাৰী সকলে নানা ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে । এচাম লোকে জল পৰিবহণ বিভাগৰ এই নিৰ্দেশনাক আদৰি লৈছে যদিও আন এচাম যাত্ৰীয়ে এতিয়াও লাইফ জেকেট অবিহনেই যাত্ৰা কৰা পৰিলক্ষিত হৈছে ৷

আৰু পঢ়কঃ মাজুলীত ফেৰীৰ পৰা লুইতত পৰিল শ্ৰমিকঃ এতিয়াও নাই সন্ধান

Intro:সময়ে সময়ে অসমত নাও দুৰ্ঘটনা সংঘটিত হৈ বহু লোকে প্ৰাণ হেৰুৱাই আহিছে। যাত্ৰী আৰু কৰ্তৃপক্ষৰ অসাৱধনতাৰ ফলত দুৰ্ঘটনা সংঘটিত হয়। এনে দুৰ্ঘটনাৰ পৰা পৰিত্ৰাণ পাবলৈ আভ্যন্তৰীণ জল পৰিবহন সঞ্চালকালয়ে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।

Body:ভাৰতীয় জল পৰিবহন সঞ্চালকালয়ে সকলো ফেৰী আৰু নাঁৱত যাত্ৰা কৰা সময়ত যাত্ৰীসকলৰ সুৰক্ষাৰ বাবে লাইফ জেকেট পৰিধান কৰাটো বাধ্যতামূলক কৰিছে। বাৰিষা সমাগতৰ লগে লগে ব্ৰহ্মপুত্ৰত নাওঁ দুৰ্ঘটনা হৈ বহু লোকৰ সলিল সমাধি ঘটা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে কেইবামাহ পূৰ্বে ব্ৰহ্মপুত্ৰৰ বুকুত ভয়াৱহ নাওঁ দুৰ্ঘটনা হৈ বহু লোকৰ মৃত্যু হৈছিল। তেনে দুৰ্ঘটনা পুনৰাবৃত্তি নহবৰ বাবে আভ্যন্তৰীণ জল পৰিবহন বিভাগে এই ব্যৱস্থা হাতত লৈছে।


জল পৰিবহন বিভাগৰ নিৰ্দেশ মতে যাত্ৰাৰ সময়ছোৱাত ফেৰী আৰু নাঁৱত যিমান সংখ্যক যাত্ৰী থাকে সকলো যাত্ৰীৰ লগতে কৰ্মচাৰী সকলেও লাইফ জেকেট পিন্ধটো বাধ্যতামূলক কৰিছে। ৰাজ্যত মুঠ ১০৮খন কাঠৰ আৰু লোহাৰে নিৰ্মিত ফেৰী আছে। জল পৰিবহন বিভাগৰ অধীনত থকা শাখা গুৱাহাটী, ডিব্ৰুগড় আৰু শিলচৰত চলাচল কৰে। আৰু ইয়াৰে ১০৬টা স্বীকৃতিপ্ৰাপ্ত ঘাট আছে। জল পৰিবহন বিভাগৰ সঞ্চালকালয়ে বৰ্তমানলৈকে ৪৩৫০টা লাইফ জেকেট আৰু ২১৭৫টা লাইফ বায়'জ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ পৰা ক্ৰয় কৰিছে।
হলেও জল পৰিবহন বিভাগৰ হাতত পৰ্যাপ্ত পৰিমানে লাইফ জেকেট এতিয়াও নাই।

বাইট: ৰাজ হুছেইন খান, কাৰ্যবাহী অভিযন্তা আই ডব্লিউ টি

যদিও জল পৰিবহন বিভাগে যাত্ৰীসকলৰ সুৰক্ষাৰ্থে লাইফ জেকেট পিন্ধাটো অনিবাৰ্য কৰিছে কিন্তু যাত্ৰীসকলে এই লাইফ জেকেট পিন্ধিবলৈ সংকোচ কৰে। যাৰফলত জল পৰিবহন বিভাগৰ কৰ্মচাৰী সকলে নানাধৰণৰ অসুবিধাৰ সন্মুখীন হবলগা হৈছে।
এচাম লোকে জল পৰিবহন বিভাগৰ এই নিৰ্দেশনাক আদৰি লৈছে যদিও আন এচাম যাত্ৰীয়ে এতিয়াও লাইফ জেকেট অবিহনে যাত্ৰা কৰি গৈছে।

বাইট: কৰ্মচাৰী, আই ডব্লিউ টি

Conclusion:জল পৰিবহন বিভাগৰ এই নিৰ্দেশনা কেতিয়ালৈ কাৰ্য্যকৰী হৈ থাকে সেয়া সময়েহে কব।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.