ETV Bharat / city

অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত District Early Intervention Center মুকলি

author img

By

Published : Mar 24, 2022, 2:12 PM IST

শিশু চিকিৎসাৰ সুবিধা হোৱাকৈ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত প্ৰথমবাৰলৈ মুকলি কৰা হৈছে এই সেৱা(District early intervention center opens at AMCH) ৷ ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে আনুষ্ঠানিকভাৱে মুকলি কৰে কেন্দ্ৰটো ৷

DC Biswajit Pegu inaugurated District Early Intervention Centre at AMCH
অসম চিকিৎসা মহাবিদ্যালয়ত District Early Intervention Center মুকলি

মৰাণ, 24 মাৰ্চ : অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত বৃহস্পতিবাৰে প্ৰথমবাৰৰ বাবে District Early intervention Center(DEIC)ৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰা হয় । ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে আনুষ্ঠানিকভাৱে মুকলি কৰে District Early intervention Centerটো ৷ অনুষ্ঠানটোত অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতি, ডিব্ৰুগড় জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ ৰাজীৱ কুমাৰ বৰুৱা, অসম চিকিৎসা মহাবিদ্যালয়ৰ শিশু বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ প্ৰীতিকৰ দুৱৰাৰ লগতে চিকিৎসা বিষয়া তথা কৰ্মচাৰীসকল উপস্থিত থাকে ।

ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিৎ পেগু

ডিব্ৰুগড় জিলাৰ DEIC পৰিচালক ভৃগু ডেকাই জনোৱা অনুসৰি ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কাৰ্যক্ৰম চমুকৈ RBSKয়ে মূলত 4 টা 'ডি' ক্ৰমে জন্মৰ সময়ত শিশুৰ জন্মগত বিসংগতি, শৈশৱকালীন ৰোগসমূহ, অভাৱজনিত সমস্যাসমূহ আৰু বিকাশত বিলম্বক সামৰি লৈছে । ইয়াৰ অধীনত ১৮ বছৰ বয়সলৈ মুঠ ৪৩টা বেমাৰৰ চিকিৎসা বিনামূলীয়াকৈ কৰা হয় । এইসমূহ ৰোগৰ উন্নত মানৰ চিকিৎসাৰ বাবে ডিব্ৰুগড় জিলাত District Early intervention Center আৰম্ভ কৰা হৈছে ।

এই কেন্দ্ৰটো অসম মেডিকেল কলেজত স্থাপন কৰাৰ কাৰণ হৈছে মেডিকেল কলেজৰ বিভিন্ন বিভাগত শিশুসকলৰ বাবে যাতে আৰু অধিক উন্নত চিকিৎসাৰ ব্যৱস্থা অতি সহজতে কৰিব পৰা যায় ৷

লগতে পঢ়ক : বনভূমিত ভূমি পট্টাৰ বাবে অজনজাতীয় লোকে দেখুৱাব লাগিব 75 বছৰৰ আৱাসিক প্ৰমাণ পত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.