ETV Bharat / city

ক’ভিড ৰোগীলৈ সহায়ৰ হাত Assam Riffles ৰ

author img

By

Published : Jul 10, 2021, 1:59 PM IST

Assam riffles comes for help covid patient in Moran Dibrugarh District
ক'ভিড ৰোগীৰ সহায়ৰ বাবে আগবাঢ়ি আহিল 'Assam Riffles'

ক'ভিড ৰোগীৰ সহায়ৰ বাবে আগবাঢ়ি আহিল Assam Riffles ৷ চৰাইদেউৰ সাপেখাতী আদৰ্শ চিকিৎসালয়ত অসম ৰাইফলছৰ জোৱানসকলে আগবঢ়ালে ক'ভিড চিকিৎসাৰ বহু প্ৰয়োজনীয় সা-সামগ্ৰী ৷

মৰাণ, 10 জুলাই : সম্প্ৰতি ৰাজ্যত অব্যাহত থকা ক’ভিড সৃষ্ট পৰিৱেশৰ পৰা পৰিত্ৰাণ পাবলৈ চৰকাৰৰ স্বাস্থ্য বিভাগে বিভিন্ন ধৰণৰ পদক্ষেপ লোৱাৰ সমান্তৰালভাৱে অনান্য বেচৰকাৰী দল-সংগঠনৰ তৰফৰ পৰাও পাৰ্যমানে সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হৈছে ৷ ঠিক সেইদৰে ক'ভিড ৰোগীৰ সহায়ৰ বাবে আগবাঢ়ি আহিল Assam Riffles । চৰাইদেউ জিলাৰ সাপেখাতী চাৰিআলিস্থিত আদৰ্শ চিকিৎসালয়ত শুকুৰবাৰে ১২ নং অসম ৰাইফলছৰ মাইবেলাস্থিত সেনা চাউনীৰ বিষয়া তথা জোৱানসকলে ক'ভিড মহামাৰীৰ সময়চোৱাত চিকিৎসা সেৱাত সহায়ক হোৱাকৈ প্ৰয়োজনীয় বহু সা-সামগ্ৰী বিতৰণ কৰে ।

১২ নং অসম ৰাইফলছে আয়োজন কৰা অনুষ্ঠানত সোণাৰি বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, চৰাইদেউ জিলাৰ উপায়ুক্ত বিনীতা পেগু, ১২ নং অসম ৰাইফলছৰ কৰ্ণেল ৰাজেশ চৌধুৰীৰ লগতে জিলা প্ৰশাসন, স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে ৷ জিলাখনৰ শীৰ্ষ বিষয়া তথা বিধায়ক গৰাকীৰ উপস্থিতিত এই চিকিৎসা সামগ্ৰীসমূহ বিতৰণ কৰে ।

ক’ভিড ৰোগীলৈ সহায়ৰ হাত Assam Riffles ৰ

অসম ৰাইফলছৰ কৰ্ণেল ৰাজেশ চৌধুৰীয়ে জনোৱা মতে, পাঁচখন অক্সিজেন কনচেণ্ট্ৰেটৰ যুক্ত বিচনা, পাঁচটা অক্সিজেন চিলিণ্ডাৰ, অক্সিমিটাৰ, এন ৯৫ মাস্ক আদিৰ লগতে কিছুসংখ্যক ক'ভিড চিকিৎসাৰ প্ৰয়োজনীয় সামগ্ৰী আনুষ্ঠানিকভাৱে বিতৰণ কৰে সেনা জোৱানসকলে ।

অসম ৰাইফলছৰ এই পদক্ষেপক ধন্যবাদ জনোৱাৰ লগতে ক’ভিডত আক্ৰান্ত হোৱা লোকসকলে ইয়াৰ দ্বাৰা যথেষ্ঠ উপকৃত হ’ব বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷ ক’ভিডৰ এই ভয়ংকৰ সময়ত কোনো লোকে যাতে চৰকাৰে জাৰি কৰা ক'ভিড এছঅ’পি উলংঘা নকৰে, তাৰ বাবে সকলো ৰাইজকে আহ্বান জনাইছে বিধায়ক গৰাকীয়ে ৷ ৰাইজে সজাগ সচেতন হৈ থাকিলেহে এই মহামাৰীৰ পৰা হাত সাৰি থাকিব পৰা যাব বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে ৷

লগতে পঢ়ক- শিক্ষামন্ত্ৰীৰ নিৰ্দেশ : নতুনকৈ স্থাপন কৰিব নোৱাৰিব কোনো বিদ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.