ETV Bharat / city

চাবুৱাত বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ

author img

By

Published : Jun 21, 2021, 9:46 PM IST

arunachali wine seized in chabua
চাবুৱাত বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ

অব্যাহত আছে অৰুণাচলী সুৰাৰ অবৈধ ৰমৰমীয়া বেহা ৷ ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত আবকাৰী বিভাগে অৰুণাচলী সুৰাৰ বিৰুদ্ধে অভিযান চলায় ৷ এই অভিযান কালত জিলাখনৰ বিভিন্ন প্ৰান্তত অৰুণাচলী সুৰাত অসমৰ লেবেল লগাই অবৈধভাৱে বিক্ৰী কৰাৰ ঘটনা পোহৰলৈ অহাৰ লগতে জব্দ কৰে 130 কাৰ্টন সুৰা আৰু 58 কাৰ্টন বিয়েৰ ৷

ডিব্ৰুগড়, 21 জুন : অসমত অব্যাহত আছে অৰুণাচলী সুৰাৰ অবৈধ ৰমৰমীয়া বেহা ৷ বিগত এমাহ ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা জব্দ কৰা হৈছে অৰুণাচলী সুৰা ৷ আবকাৰী বিভাগৰ তৎপৰতাত আটক কৰা সৰবৰাহকাৰীক ৷

সোমবাৰে ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত আবকাৰী বিভাগে অৰুণাচলী সুৰাৰ বিৰুদ্ধে অভিযান চলায় ৷ এই অভিযান কালত ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত অৰুণাচলী সুৰাত অসমৰ লেবেল লগাই অবৈধভাৱে বিক্ৰী কৰাৰ ঘটনা পোহৰলৈ আহে ৷ লগতে আৰক্ষীয়ে জব্দ কৰে 130 কাৰ্টন সুৰা আৰু 58 কাৰ্টন বিয়েৰ ৷ অৰুণাচলৰ সুৰাখিনিত অসমৰ লেবেল লগাই থাকোতে হাতে-লোটে ধৰা পৰে চাবুৱাৰ পংকজ গগৈ নামৰ এজন সুৰাৰ অবৈধ ব্যৱসায়ী ৷

চাবুৱাত বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ

জানিব পৰা মতে, আটকাধীন পংকজ গগৈয়ে দীৰ্ঘদিন ধৰি অৰুণাচলী সুৰাত অসমৰ লেবেল লগাই দুগুণ দামত বিক্ৰী কৰি এই অবৈধ সুৰাৰ ৰমৰমীয়া বেহা চলাই আছে বুলি জানিব পৰা গৈছে ৷ আবকাৰী বিষয়াই প্ৰকাশ কৰা মতে, উজনি অসমৰ ডিব্ৰুগড়, লখিমপুৰকে ধৰি বিভিন্ন অঞ্চলত অৰুণাচলী সুৰাৰ বেহা অব্যাহত আছে ৷ পৰ্যায়ক্ৰমে আবকাৰী বিভাগে অভিযান চলাই যাব বুলি জানিবলৈ দিয়ে ৷

চলিত মাহতে নলবাৰী জিলাৰ গণেশ মন্দিৰ চ’কত এখন কণ্টেইনাৰ ট্ৰাকত আবকাৰী বিভাগে অভিযান চলাই বৃহৎ পৰিমাণৰ সুৰা জব্দ কৰাৰ লগতে আটক কৰিছিল গাড়ীৰ চালকক ৷ উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই ৰাজ্যত ড্ৰাগছ, গাঞ্জা, অবৈধ সুৰাৰ বিৰুদ্ধে আৰক্ষী, আবকাৰী বিভাগে অভিযান তীব্ৰতৰ কৰি তুলিছে ৷ চলিত মাহতে অসম আৰক্ষী আৰু আবকাৰী বিভাগে 50 কোটি টকাৰ এনে অবৈধ সামগ্ৰীৰ লগতে আটক কৰিছে এশতকৈ অধিক সৰবৰাহকাৰীক ৷

লগতে পঢ়ক : উত্তৰ গুৱাহাটীৰ উদ্যোগত ভয়ংকৰ অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.