ETV Bharat / city

সোণাৰিত অপহৃত চাৰিবছৰীয়া শিশু উদ্ধাৰ

author img

By

Published : Aug 31, 2022, 12:52 PM IST

Updated : Aug 31, 2022, 2:02 PM IST

4-years-old-kidnapped-child-rescued-at-sonari-man-arrested
সোণাৰিত অপহৃত চাৰিবছৰীয়া শিশু উদ্ধাৰ

সোণাৰিত সংঘটিত এক চাঞ্চল্যকৰ ঘটনা ৷ অপহৰণকাৰীক লপা থপা দিলে ৰাইজে ৷ নেকিব আলি নামৰ এজন যুৱকে সোণাৰিৰ দৈনিক বজাৰৰ পৰা নিশা অপহৰণ কৰিছিল এটি চাৰি বছৰীয়া শিশু (Kidnapped Child Rescued at Sonari) ৷ অৱশ্যে কি কাৰণত শিশুটো অপহৰণ কৰা হৈছিল সেই সম্পৰ্কত জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

ডিব্ৰুগড়, 31 আগষ্ট: সোণাৰিত সংঘটিত এক চাঞ্চল্যকৰ ঘটনা (Warm Situation at Sonari) ৷ অপহৰণকাৰীক লপা থপা দিলে ৰাইজে ৷ মঙলবাৰে নিশা এজন যুৱকে সোণাৰিৰ দৈনিক বজাৰৰ পৰা নিশা অপহৰণ কৰিছিল এটি চাৰি বছৰীয়া শিশু (Kidnapped Child Rescued at Sonari) ৷ এই যুৱকজন সোণাৰি নগৰৰ নেকিব আলি বুলি জানিব পৰা গৈছে ৷

পৰিয়ালৰ লোকে শিশুটিক বিচাৰি নাপাই সোণাৰি আৰক্ষীৰ কাষ চাপে ৷ আৰক্ষীয়ে বহুতো বিচাৰ-খোচৰ কৰি অৱশেষত চিচি টিভিৰ ফুটেজ চাই অপহৰণকাৰীৰ কৱলৰপৰা কণমানিটোক উদ্ধাৰ কৰে ৷ লগে লগে স্থানীয় লোকে নেকিব আলিক উত্তম-মধ্যম শোধাই আৰক্ষীৰ হাতত চমজাই দিয়ে ৷ আৰক্ষীয়ে জনোৱা মতে, শিশুটিক অপহৰণকাৰী নেকিব আলিয়ে নিজ ঘৰত ৰাখিছিল ৷

অৱশ্যে কি কাৰণত শিশুটো অপহৰণ কৰা হৈছিল সেই সম্পৰ্কত জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ সম্প্ৰতি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: অনুশাসন ভংগৰ অভিযোগত আলফা সদস্যক মৃত্যুদণ্ড

Last Updated :Aug 31, 2022, 2:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.