ETV Bharat / city

চৰকাৰী মাদ্ৰাছা বন্ধৰ তীব্র বিৰোধিতা আমছা'ৰ

author img

By

Published : Sep 16, 2020, 8:03 PM IST

চৰকাৰী মাদ্ৰাছা বন্ধৰ তীব্র বিৰোধিতা
চৰকাৰী মাদ্ৰাছা বন্ধৰ তীব্র বিৰোধিতা

ধুবুৰীত উপস্থিত সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি মৌলানা ওৱাহিদুজ্জামান সহ সন্থাৰ কেইবাজনো নেতৃত্ব। চৰকাৰী মাদ্ৰাছা বন্ধ কৰা হ'লে আন্দোলনৰ হুংকাৰ । ধুবুৰীত উপস্থিত সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি মৌলানা ওৱাহিদুজ্জামান লগতে কৰিমগঞ্জ জিলাৰ সভাপতি মৌলানা মনিৰ উদ্দিন ।

ধুবুৰী, 16 ছেপ্তেম্বৰ : সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থা চমুকৈ আমছা'ৰ ধুবুৰী জিলা সভাপতি মৌলানা হাফিজুৰ ৰহমানকে ধৰি জিলা সন্থাৰ কৰ্মকৰ্তাৰ সৈতে এখন অনুষ্ঠিত কৰে কেন্দ্ৰীয় সভাপতিয়ে । মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী মাদ্ৰাছা বন্ধ কৰাৰ কথা ঘোষণা কৰাৰ পিছতেই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মাদ্ৰাছা ছাত্ৰ সন্থাৰ মাজত। ইয়াকে কেন্দ্ৰ কৰি ৰাজ্যজুৰি সন্থাৰ ফালৰ পৰা আলোচনা কৰা হৈছে । লগতে ইয়াৰ তীব্ৰ বিৰোধিতা কৰে মাদ্ৰাছা ছাত্ৰ সন্থাই ।

চৰকাৰী মাদ্ৰাছা বন্ধৰ তীব্র বিৰোধিতা

ধুবুৰীত উপস্থিত সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি মৌলানা ওৱাহিদুজ্জামানৰ লগতে কৰিমগঞ্জ জিলাৰ সভাপতি মৌলানা মনিৰ উদ্দিনসহ সন্থাৰ কেইবাজনো নেতৃত্ব । চৰকাৰী মাদ্ৰাছা বন্ধ কৰা হ'লে আন্দোলনৰ হুংকাৰ ।

আনহাতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক স্বাৰ্থ তথা সাম্প্ৰদায়িক মনোভাৱ আৰু কেনেকৈ মানুহক আভূৱা ভৰি 2021ৰ নিৰ্বাচনী বৈতৰণী পাৰ কৰিব পাৰি সেয়াই যেন পৰিলক্ষিত হৈছে বুলি মন্তব্য কৰে সন্থাৰ কেন্দ্ৰীয় সভাপতিগৰাকীয়ে৷ মাদ্ৰাছাৰ আধুনিক উন্নতি কৰিব লাগিলে কৰক কিন্তু বন্ধ নকৰিব চৰকাৰী মাদ্ৰাছা আৰু টোল। এই আহ্বান দিয়াৰ লগতে মাদ্ৰাছা বন্ধ বিষয়টো মাদ্ৰাছা ছাত্ৰ সন্থাই কোনো পধ্যেই মানি নলয় বুলি উল্লেখ কৰে। শীঘ্ৰেই মাদ্ৰাছা বন্ধ ঘোষণা শিক্ষা মন্ত্ৰী মহোদয়ে উঠাই নল'লে সমগ্ৰ অসমতে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব বুলি সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰক হুংকাৰ দিয়ে মাদ্ৰাছা ছাত্ৰ সন্থা চমুকৈ আমছাই ।

লগতে পঢ়ক : কাৰ্গিল 2.0ৰ বাবে সাজু ভাৰতীয় সেনা, বিশেষ প্ৰতিবেদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.