ETV Bharat / business

Lost your original property documents : আপোনাৰ সম্পত্তিৰ মূল নথিপত্ৰ হেৰালে কি কৰিব ?

author img

By

Published : Jan 12, 2023, 10:10 AM IST

কোনো এটা সম্পত্তিৰ ওপৰত আপোনাৰ আইনী অধিকাৰ প্ৰতিষ্ঠা কৰিবলৈ মূল নথিপত্ৰ বাধ্যতামূলক (Original document is mandatory to establish rights)। কিন্তু সেই নথিপত্ৰ যদি হেৰাই বা চুৰি হয় তেতিয়া আপুনি কি কৰিব ? আপুনি সম্পত্তিৰ নকল বা ডুপ্লিকেট মালিকীস্বত্ব প্ৰমাণপত্ৰ কেনেদৰে উলিয়াব লাগিব ?

Lost your original property documents
আপোনাৰ সম্পত্তিৰ মূল নথিপত্ৰ হেৰালে কি কৰিব

নিউজ ডেস্ক,১২ জানুৱাৰী : মালিকীস্বত্বৰ প্ৰতিটো দাবী বা ক্লেইমৰ বাবে আইনীভাৱে বৈধ প্ৰমাণ অতি প্ৰয়োজন (Valid proof is necessary for ownership claim )। সম্পত্তিৰ বাবে আৰু বেছি প্ৰয়োজন । সকলো ধৰণৰ ৰিয়েল ইষ্টেট লেনদেনত নাম থকা দলিলৰ দৰে মূল সম্পত্তিৰ দস্তাবেজ অতি গুৰুত্বপূৰ্ণ । ঘৰ হওক বা প্লট হওক বা খেতিৰ ভূমি হওক, বিক্ৰী বা ক্ৰয়ৰ সময়ত আপোনাৰ নামত যিকোনো সম্পত্তি স্থানান্তৰ কৰাটো এই নথিপত্ৰবোৰ বাধ্যতামূলক । যেতিয়া আপোনাৰ কোনো মূল সম্পত্তিৰ মালিকীস্বত্বৰ নথিপত্ৰ হেৰাই যায় বা চুৰি হয় তেতিয়া কি কৰিব লাগে ?

যদি কোনো সম্পত্তিত মূল নথিপত্ৰ নাথাকে তেন্তে বিবাদৰ সৃষ্টি হ'ব পাৰে । সেই সম্পত্তিৰ ওপৰত আপোনাৰ আইনী অধিকাৰ প্ৰমাণ কৰাটো কঠিন হ'ব । তাৰ পিছত আপুনি ডুপ্লিকেট বা প্ৰমাণিত প্ৰতিলিপি উলিয়াব লাগিব (Duplicate or certified copies of property)। এইবোৰ দীঘলীয়া প্ৰক্ৰিয়া । প্ৰথমে আপুনি নিকটতম আৰক্ষী থানাত এজাহাৰ বা এনচিআৰ দাখিল কৰিব লাগিব ।

এজাহাৰ এখন পঞ্জীয়ন হোৱাৰ পাছত, আৰক্ষীয়ে আপোনাৰ নথিপত্ৰ বিচাৰিবলৈ চেষ্টা কৰিব । যদি নথিপত্ৰবোৰ উদ্ধাৰ নহয়, এক অ-অনুসৰণযোগ্য প্ৰমাণপত্ৰ (Non-Traceable Certificate) জাৰী কৰা হ'ব । এনটিচি, যাৰ জৰিয়তে প্ৰমাণ কৰিব লাগিব যে নথি এখন হেৰাইছে আৰু ই নকল সম্পত্তি নথি লাভ কৰাৰ বাবে প্ৰয়োজনীয় মুখ্য নথি । ইয়াৰ দ্বাৰা প্ৰৱঞ্চনা প্ৰতিৰোধত সহায় হ'ব । দেশৰ যিকোনো ঠাইতে আপোনাৰ বাসস্থানৰ নিকটতম আৰক্ষী চকীত এখন এজাহাৰ পঞ্জীয়ন কৰিব পাৰি ।

এজাহাৰ পঞ্জীয়ন হোৱাৰ পাছত, কমেও দুখন বাতৰি কাকতত এখন জাননী প্ৰকাশ কৰিব লাগে - এটা ইংৰাজীত আৰু আনটো স্থানীয় ভাষাত । সম্পত্তি, হেৰুওৱা নথিপত্ৰ আৰু আপোনাৰ যোগাযোগৰ বিৱৰণ ঘোষণা কৰিব লাগে । যদি কোনো জনসাধাৰণৰ জাননী সন্দৰ্ভত আপত্তি থাকে, তেওঁলোকে প্ৰকাশৰ তাৰিখৰ পৰা ১৫ দিনৰ ভিতৰত সেই বিষয়ে জনাব পাৰে । এই জাননী দিয়াৰ বাবে এগৰাকী অধিবক্তাৰ পত্ৰৰ সৈতে পৰ্যাপ্ত কাৰণ বৰ্ণনা কৰা নোটাৰাইজড শপতনামা প্ৰদান কৰিব লাগিব ।

এপাৰ্টমেণ্ট বা হাউচিং চ'চাইটিৰ ক্ষেত্ৰত, সংশ্লিষ্ট ৰেচিডেণ্ট ৱেলফেয়াৰ এছ'চিয়েচন (RWA)ৰ পৰা নকল শ্বেয়াৰ প্ৰমাণপত্ৰ লাভ কৰিবলৈ বাতৰি কাকতত মুদ্ৰণ কৰা এজাহাৰ আৰু জাননীৰ প্ৰতিলিপিৰ প্ৰয়োজন । এইবোৰ দিয়াৰ পাছত, ৰেচিডেণ্ট ৱেলফেয়াৰ এছ'চিয়েচনে নথিপত্ৰবোৰ পৰীক্ষা কৰিবলৈ এখন সভাৰ ব্যৱস্থা কৰিব আৰু যদি ঘটনাটো সঁচা বুলি প্ৰমাণিত হয়, ডুপ্লিকেট শ্বেয়াৰ প্ৰমাণপত্ৰৰ এটা প্ৰতিলিপি জাৰী কৰা হ'ব । লগতে পৰৱৰ্তী লেনদেনৰ বাবে এন.ও.চি. ল'ব পাৰি ।

ডুপ্লিকেট প্ৰমাণপত্ৰৰ বাবে আবেদন কৰাৰ পূৰ্বে, ১০ টকাৰ non-judicial stamp পেপাৰত এখন শপতনামা নোটাৰাইজ কৰিব লাগে । ইয়াত এজাহাৰৰ নম্বৰ, সম্পত্তি সম্পৰ্কীয় হেৰুওৱা নথিপত্ৰৰ বিৱৰণ, বাতৰি কাকতত প্ৰকাশিত জাননীৰ প্ৰতিলিপি, প্ৰকাশনৰ বৈধতা সম্পৰ্কে অধিবক্তাৰ প্ৰমাণপত্ৰ আৰু আবেদন কৰাৰ কাৰণ উল্লেখ কৰিব লাগিব ।

প্ৰকাশৰ তাৰিখৰ পৰা ১৫ দিনৰ জাননীৰ ম্যাদ উকলি যোৱাৰ পাছত, আপুনি সংশ্লিষ্ট উপ-পঞ্জীয়ক কাৰ্যালয়লৈ যাব লাগিব আৰু সম্পত্তিৰ সম্পূৰ্ণ বিৱৰণ, হেৰুওৱা নথিপত্ৰৰ বিৱৰণ, এজাহাৰৰ প্ৰতিলিপি, সন্ধানহীনৰ প্ৰমাণপত্ৰ আৰু নোটাৰী শপতনামা দাখিল কৰি ডুপ্লিকেট (প্ৰমাণিত প্ৰতিলিপি)ৰ বাবে আবেদন কৰিব লাগিব । ৭ ৰ পৰা ১০ দিনৰ ভিতৰত উপ-পঞ্জীয়ক কাৰ্যালয়ৰ পৰা ডুপ্লিকেট বিক্ৰী দলিল বা নাম সম্বলিত দলিল প্ৰতিলিপি লাভ কৰিব পাৰিব ।

সম্পত্তিৰ ডুপ্লিকেট নথিপত্ৰ আইনীভাৱে বৈধ কিয়নো সেইবোৰ উপ-পঞ্জীয়কৰ অনুমোদনৰ লগতে মোহৰ লগোৱা হয় (Duplicate property documents are legally valid)। এই প্ৰমাণিত প্ৰতিলিপি লেনদেন যেনে সম্পত্তি বিক্ৰী আৰু ঋণৰ বাবে আবেদন কৰিব পাৰি ।

লগতে পঢ়ক :Rider policy : অধিক সুৰক্ষাৰ বাবে ৰাইডাৰ পলিচি বাছনি কৰক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.