ETV Bharat / business

Fixed Deposit ৰ ক্ষেত্ৰত ল'বলগীয়া সাৱধানতা

author img

By

Published : Oct 6, 2022, 5:27 PM IST

পূৰ্বে বহুলোকে ফিক্সড ডিপজিটৰ ক্ষেত্ৰত বেংক আৰু ডাকঘৰকে বাচনি কৰি লৈছিল । কিন্তু এতিয়া, উচ্চ সুতৰ হাৰ আগবঢ়োৱা অসংখ্য বৈকল্পিক আঁচনি দেখিবলৈ পোৱা গৈছে (FD scheme)। RBI-অনুমোদিত অনা-বেংকিং বিত্তীয় কোম্পানীবোৰ কাঠফুলাৰ দৰে গঢ়ি উঠিছে । এই ক্ষেত্ৰত আমাৰ কঠোৰ পৰিশ্ৰমৰ উপাৰ্জন বিনিয়োগ কৰাটো কিমান সুৰক্ষিত ? সেইবোৰত আপোনাৰ ধন জমা কৰোঁতে আপুনি কি সুৰক্ষা ব্যৱস্থা লোৱা উচিত ?

Fixed Deposit
Fixed Depositৰ ক্ষেত্ৰত ল'বলগীয়া সাৱধানতা

নেশ্যনেল ডেস্ক,৬ অক্টোবৰ : শেহতীয়া বছৰবোৰত দেখা গৈছে যে বেছিভাগ লোকে এক ভাল উপাৰ্জনৰ বাবে ফিক্সড ডিপজিটত (Fixed Deposit) ধন বিনিয়োগ কৰিবলৈ আৰম্ভ কৰিছে । কম সময়ৰ ভিতৰতে, এই ক্ষেত্ৰত বহু পৰিৱৰ্তন হৈছে । কিয়নো আমাৰ সন্মুখত বহুতো বৈকল্পিক বিনিয়োগ পৰিকল্পনা আহিছে (Various FD scheme)। বিশেষকৈ, ফিনটেক ফাৰ্মসমূহৰ আগমনে গড় জমাকৰ্তাৰ বাবে বিনিয়োগৰ সমগ্ৰ পৰিসৰ সলনি কৰিছে । উচ্চ সুত প্ৰদানৰ লোভ দেখুৱাই তেওঁলোকে বহু লোককে আকৰ্ষণ কৰিছে ।

সাধাৰণতে, বিনিয়োগকাৰীসকলে তেওঁলোকৰ বিনিয়োগৰ বাবে সুৰক্ষা আৰু ভাল ৰিটাৰ্ণ বিচাৰে । এইকাৰণে বহুতে বেংক আৰু ডাকঘৰত জমা কৰাৰ দৰে সুৰক্ষিত আঁচনি পছন্দ কৰে । বিত্তীয় বিষয়বোৰৰ বিষয়ে এক নতুন পৰিৱৰ্তনৰ পাছত, কিছুমানে অলপ সাহস কৰি নতুন আঁচনিৰ সুবিধা লৈছে ।

আনহাতে ফিক্সড ডিপ'জিটৰ (FD) ওপৰত নিৰ্ভৰ কৰিবলৈ আৰম্ভ কৰিছে । ফিনটেক কোম্পানীবোৰে (Fintech firm) সচৰাচৰ চলি অহা ফিক্সড ডিপজিটৰ সুৰক্ষিত বিকল্প আগবঢ়াই এই প্ৰৱণতাক ব্যৱহাৰ কৰি আছে ।

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ (RBI) অনুমোদিত অনা-বেংকিং বিত্তীয় কোম্পানীবোৰে FDক প্ৰতিযোগিতামূলক বিকল্প আগবঢ়োৱাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিছে । এই সকলোবোৰ এন.বি.এফ.চি.(NBFC) হৈছে বজাৰত নতুন সুযোগ অন্বেষণ কৰাৰ উৎসাহৰ সৈতে নতুন সময়ৰ প্ৰতিষ্ঠান । উদাহৰণ স্বৰূপে, কিছুমান প্ৰতিষ্ঠানে ১৪-১৫ শতাংশ সুতত গৃহ আৰু গাড়ী ঋণ আগবঢ়াবলৈ আগবাঢ়ি আহিছে ।

একে সময়তে, তেওঁলোকে তেওঁলোকৰ জমাকৰ্তাসকলক ১২-১৩ শতাংশ সুত পৰিশোধ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে । আমি সকলোৱে জানো যে এইটো অবাস্তৱ আৰু অব্যৱহৃত । এনে ফাৰ্মবোৰত, আপোনাৰ জমাৰ বাবে অধিক বিপদাশংকা (Risk) থাকিব পাৰে । যদি এই NBFC বোৰে ঋণ পুনৰুদ্ধাৰ (recover) কৰিব নোৱাৰে, তেনেহ'লে আপুনি আপোনাৰ মূল ধনো হেৰুৱাব পাৰে । সেয়ে উচ্চ সুতৰ কথা বাদ দিয়ক ।

আমি উপলব্ধি কৰা উচিত যে এই NBFCবোৰে কেৱল জমাকৰ্তা আৰু ঋণ লাভ কৰোতাৰ মাজত এক মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰে । যদি ফাৰ্মটো বন্ধ হয়, আপুনি আপোনাৰ ধন সম্পূৰ্ণৰূপে হেৰুৱাব । কোনে ঋণ পাইছে, ইতিমধ্যে কিমান পুনৰুদ্ধাৰ কৰা হৈছে আৰু সুতৰ কি হ'ল তাৰ বিৱৰণ কোনেও দিব নোৱাৰিব ।

আপুনি বেংকত ফিক্সড ডিপজিট খোলাৰ বিষয়ে বেছি জনাৰ প্ৰয়োজন নাই । যদি আপুনি আপোনাৰ একাউণ্ট থকা আপোনাৰ নিজৰ বেংকলৈ যায়, তাত থকা কৰ্মচাৰীসকলে আপোনাৰ নামত FD খোলাত সহায় কৰিব । NBFCৰ সৈতে ই সম্পূৰ্ণ পৃথক । জমাবোৰ প্ৰযুক্তি-চালিত । ঋণ লাভ কৰা ব্যক্তি আৰু ফিনটেক ফাৰ্মৰ মাজত চুক্তি স্বাক্ষৰ কৰা হয় । এই জটিল প্ৰক্ৰিয়াটো বুজিবলৈ কিছু কঠিন ।

NBFCৰ মুখ্য ভূমিকা ঋণদাতা আৰু ঋণ লাভ কৰা সকলক সংযোগ কৰা । তেওঁলোকে কিছুমান মাপকাঠি, নিয়ম আৰু সীমাবদ্ধতাৰ ওপৰত নিৰ্ভৰ কৰি ঋণ লাভ কৰোতাজনক বাছনি কৰে । সাধাৰণতে ঋণ মঞ্জুৰ কৰাৰ পূৰ্বে বেংকবোৰে গ্ৰহণ কঠোৰ নিয়মাৱলী এই প্ৰতিষ্ঠানবোৰে অনুসৰণ নকৰে । সেয়েহে, তেওঁলোকে ঋণ পুনৰুদ্ধাৰত অসুবিধাৰ সন্মুখীন হয় । জটিল বিষয়টো হ'ল চুক্তিখনত এটা ধাৰা থাকিব যে চৰ্তাৱলী আৰু নিয়মাৱলী অনুসৰি ঋণ পুনৰুদ্ধাৰ নকৰিলে NBFCৰ কোনো দায়িত্ব নাথাকিব । সেয়েহে, যদি কিবা ভুল হয় তেন্তে অন্তিম ক্ষতি হ'ব বিনিয়োগকাৰীৰ ।

আমি নিশ্চিত হ'ব লাগিব যে কোনো আইনী সুৰক্ষা উপলব্ধ আছে নে নাই । কেৱল খুব কম ক্ষেত্ৰত, তেওঁলোকে আমি কৰা বিনিয়োগৰ বাবে প্ৰমাণপত্ৰ প্ৰদান কৰে । কিছুমান প্ৰতিষ্ঠানে স্পষ্টকৈ কয় যে চুক্তিবোৰ আপোনাৰ সকলো বিনিয়োগৰ আধাৰ । এনে ক্ষেত্ৰত, অবাঞ্ছিত পৰিস্থিতিত আপোনাৰ ধন ঘূৰাই পাবলৈ আইনী সংগ্ৰাম কৰা কঠিন হয় ।

আজিকালি বেছি সুত প্ৰদান কৰা বহুতো প্ৰতিষ্ঠান কাঠফুলাৰ দৰে গঢ়ি উঠিছে । ইয়াৰ ফলস্বৰূপে, বহুলোকে এই কোম্পানীবোৰত বিনিয়োগ কৰিছে । তেওঁলোকে এই কথাটো পাহৰি যায় যে উচ্চ সুতৰ আঁচনিবোৰত বিপদাশংকা অধিক । যেতিয়া আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ধনৰ বিনিয়োগৰ ক্ষেত্ৰত risk ল'ব বিচাৰে তেতিয়াহে উচ্চ-সুতৰ আঁচনি বিচৰা উচিত ।

লগতে পঢ়ক :সুদৰ বোজা হ্ৰাস কৰাৰ উপায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.