ETV Bharat / business

পূৰ্বৰ স্থিতিত RBI, অব্যাহত থাকিব 4 % ৰেপ' ৰেট

author img

By

Published : Aug 6, 2020, 5:15 PM IST

কৰ‘ণা মহামাৰীৰ মাজত দেশৰ আৰ্থিক পৰিৱেশ দ্ৰুত গতিত দুৰ্বল হৈ পৰাৰ লগতে এম পি চিৰ এয়া তৃতীয়খন বৈঠক ৷ প্ৰথমখন বৈঠক চলিত বৰ্ষৰ মাৰ্চ আৰু দ্বিতীয়খন বৈঠক মে‘ মাহত অনুষ্ঠিত হৈছিল ৷

rbi-keeps-repo-rate-unchanged-at-4-percent
পূৰ্বৰ স্থিতিত RBI, অব্যাহত থাকিব 4 % ৰেপ' ৰেট

নিউজ ডেস্ক, 6 আগষ্ট: ভাৰতীয় ৰিজাৰ্ভ বেংকে বৃহস্পতিবাৰে মুদ্ৰা নীতিৰ সমীক্ষাত নীতিগত সুতৰ দামত কোনো সালসলনি কৰা নাই ৷ ৰেপ‘ ৰেটক পূৰ্বৰ দৰেই 4 শতাংশতে ৰখা হৈছে ৷ তথাপিও বেংকে ঋণৰ স্থিতি বৰ্তাই ৰাখে ৷ ৰিজাৰ্ভ বেংকৰ গবৰ্ণৰ শক্তিকান্ত দাসে মুদ্ৰানীতি সমিতিৰ বৈঠকৰ পাছত কয় যে, প্ৰমুখ্য নীতিগত দৰ সমূহক যথাযত ৰখা হৈছে ৷

উল্লেখ যে, কৰ‘ণা মহামাৰীৰ মাজত দেশৰ আৰ্থিক পৰিৱেশ দ্ৰুত গতিত দুৰ্বল হৈ পৰাৰ লগতে এম পি চিৰ এয়া তৃতীয়খন বৈঠক ৷ প্ৰথমখন বৈঠক চলিত বৰ্ষৰ মাৰ্চ আৰু দ্বিতীয়খন বৈঠক মে‘ মাহত অনুষ্ঠিত হৈছিল ৷

RBI ৰ মুদ্ৰা নীতি সম্পৰ্কীয় বক্তব্যৰ মুখ্য কথাখিনি ...

  • ৰিজাৰ্ভ বেংকে দৰ সমূহত কোনো সালসলনি কৰা নাই
  • ৰেপ‘ ৰেট 4 শতাংশই অব্যাহত আছে
  • এমপিচিৰ সকলো সদস্য দৰ সলনি নকৰাৰ পক্ষত
  • বৈশ্বিক অৰ্থনীতিক সম্পৰ্কবোৰ এতিয়াও দুৰ্বল
  • বৰ্ধিত হৈছে ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ
  • দ্বিতীয় ত্ৰিমাহিকত উচ্চ মুল্যবৃদ্ধি অব্যাহত থকাৰ আশংকা
  • দ্বিতীয় ছমহীয়াত মূল্যবৃদ্ধি হ্ৰাস হোৱাৰ সম্ভাৱনা
  • বিত্ত বৰ্ষ 21 ত জিডিপিৰ বৃদ্ধি নিম্নগামী থকাৰ অনুমান
  • ভাল উৎপাদনৰ ফলত উৰ্ধগামী গ্ৰামীণ অৰ্থব্যৱস্থা
  • আগন্তুক সময়ত দৰত সালসলনি কৰাৰ স্থিতি সম্ভৱ
  • ঋণৰ দৰ সমূহ যথেষ্ট নিম্নগামী দেখা গৈছে
  • এনবিএফচিৰ বাবে অৰ্থ সংগ্ৰহ কৰা সহজ হব পাৰে

লগতে পঢ়ক: সীমান্তত নেপালৰ হেলিপেড নিৰ্মাণ, সষ্টম হৈছে ভাৰতীয় সেনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.