ETV Bharat / business

Cryptocurrency Bill : নিষিদ্ধৰ দিশে ভাৰতৰ সকলো ক্ৰিপ্ট’কাৰেন্সী

author img

By

Published : Nov 24, 2021, 10:41 AM IST

Cryptocurrency Bill
সংসদৰ শীতকালীন অধিৱেশনত উত্থাপন হ'ব নতুন Cryptocurrency Bill

এইবাৰ সংসদৰ শীতকালীন অধিৱেশনত চৰকাৰে প্ৰায় ২৬ খনকৈ বিল উত্থাপন কৰাৰ সম্ভাৱনা আছে । তাৰ ভিতৰত ক্ৰিপ্ট’কাৰেন্সী এণ্ড ৰেগুলেশ্যন অফ অফিচিয়েল ডিজিটেল মুদ্ৰা বিধেয়ক (Cryptocurrency Bill) হ'ব অতি গুৰুত্বপূৰ্ণ । মঙলবাৰে প্ৰকাশ পোৱা এক প্ৰতিবেদন অনুসৰি, এই বিলৰ জৰিয়তে বন্ধ কৰা হ'ব ভাৰতৰ সকলো ব্যক্তিগত ক্ৰিপ্ট’কাৰেন্সী ৷

নেশ্যনেল ডেস্ক, ২৪ নৱেম্বৰ : ২৯ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব সংসদৰ শীতকালীন অধিৱেশন (winter session of parliament) । এই অধিৱেশনত ২৬ খনকৈ বিধেয়ক উত্থাপন আৰু গৃহীত কৰাৰ লক্ষ্য লৈছে চৰকাৰে । এই বিধেয়কবোৰৰ ভিতৰত অন্যতম হৈছে ক্ৰিপ্ট’কাৰেন্সী এণ্ড ৰেগুলেশ্যন অফ অফিচিয়েল ডিজিটেল মুদ্ৰা বিধেয়ক (The Cryptocurrency and Regulation of Official Digital Currency Bill 2021) ।

ভাৰতৰ সকলো ব্যক্তিগত ক্ৰিপ্ট’কাৰেন্সী নিষিদ্ধ কৰা (prohibit all private cryptocurrencies in India) আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকে জাৰি কৰিবলগা চৰকাৰী ডিজিটেল মুদ্ৰা সৃষ্টিৰ বাবে এক সুবিধাজনক পৰিকাঠামো সৃষ্টিৰ বাবে এখন বিধেয়ক সংসদৰ শীতকালীন অধিৱেশনত উত্থাপন কৰা হ'ব বুলি জানিব পৰা গৈছে । বিধেয়কখনে(Cryptocurrency Bill) ভাৰতত সকলো ব্যক্তিগত ক্ৰিপ্ট’কাৰেন্সী নিষিদ্ধ কৰাৰ পক্ষত আছে ৷ কিন্তু কিছুমান ক্ষেত্ৰত ক্ৰিপ্ট’কাৰেন্সীৰ অন্তৰ্নিহিত প্ৰযুক্তি আৰু ইয়াৰ ব্যৱহাৰৰ প্ৰচাৰৰ অনুমতি দিয়া হ'ব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই মাহৰ আৰম্ভণিতে ক্ৰিপ্ট’কাৰেন্সী আৰু ইয়াৰ লগত জড়িত বিষয়সমূহৰ ওপৰত আয়োজিত এক বৈঠকত অংশগ্ৰহণ কৰিছিল ।

সূত্ৰ অনুসৰি, সভাখনত সিদ্ধান্ত লোৱা হৈছিল যে অত্যাধিক প্ৰতিশ্ৰুতিপূৰ্ণ আৰু অ-স্বচ্ছ বিজ্ঞাপনৰ জৰিয়তে যুৱক-যুৱতীসকলক বিপথে পৰিচালিত হোৱাৰ পৰা ৰক্ষা কৰা হ'ব । লগতে অনিয়ন্ত্ৰিত ক্ৰিপ্ট’ বজাৰসমূহক ধন ৰপ্তানি আৰু সন্ত্ৰাসবাদীৰ বিত্তীয় যোগানৰ পথ বন্ধ কৰাৰ ক্ষেত্ৰতো পদক্ষেপ লোৱা সন্দৰ্ভত আলোচনা হৈছিল ।

বৈঠকখন অতি গুৰুত্বপূৰ্ণ আছিল কিয়নো ইয়াৰ দ্বাৰা ভাৰতীয় ৰিজাৰ্ভ বেংক(Reserve Bank of India on Cryptocurrency), বিত্ত মন্ত্ৰালয়, গৃহ মন্ত্ৰালয়ে ইয়াৰ ওপৰত এক বিস্তৃত অনুশীলন কৰাৰ লগতে সমগ্ৰ দেশ আৰু বিশ্বৰ বিশেষজ্ঞসকলৰ পৰামৰ্শ লোৱা হৈছিল । নতুন বিধেয়কখন গৃহীত হোৱাৰ পূৰ্বে সংসদত উত্থাপন কৰা হ'ব । ২৬ খন নতুন বিধেয়কৰ উপৰিও, স্থায়ী সমিতিলৈ প্ৰেৰণ কৰা তিনিখন বিধেয়ক বিবেচনা আৰু গৃহীত কৰাৰ বাবে চৰকাৰৰ লক্ষ্য আছে ।

লগতে পঢ়ক : Congress Mega Rally : কৃষকৰ সমস্যা-মূল্যবৃদ্ধিক লৈ পুনৰ কংগ্ৰেছৰ সমদল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.