ETV Bharat / business

বজাৰত মুকলি ছেমছাঙৰ হাই ডেফিনেশ্বনৰ মনিটৰ

author img

By

Published : Mar 23, 2021, 5:37 PM IST

বজাৰত মুকলি ছেমছাঙৰ হাই ডেফিনেশ্বনৰ মনিটৰ
বজাৰত মুকলি ছেমছাঙৰ হাই ডেফিনেশ্বনৰ মনিটৰ

ছেমছাঙে মুকলি কৰিলে উচ্চ ক্ষমতা সম্পন্ন S8, S7 আৰু S6 ছিৰিজৰ ১২ টা পৃথক মনিটৰ । কোম্পানীটোৰ মতে সকলো ব্যৱহাৰকাৰীয়ে টিইউভি ৰিনলেণ্ড এজিৰ পৰা ইণ্টেলিজেণ্ট আই কেয়াৰ প্ৰমাণপত্ৰ লাভ কৰিবলৈ সক্ষম হৈছে ।

নেশ্যনেল ডেস্ক,২৩ মাৰ্চ: ৰিম'ট ৱৰ্কিং আৰু ডিচটেঞ্চ শিক্ষাৰ বৰ্ধিত বিক্ৰীৰ মাজতে ছেমছাঙে মুকলি কৰিলে হাই ৰিজ'লিউশ্বনৰ মনিটৰ । দক্ষিণ কোৰিয়াৰ কোম্পানী ছেমছাঙে জনোৱা মতে তিনিটা শৃংখলাত ১২ টা পৃথক মনিটৰ ক্ৰমে S8, S7 আৰু S6 বিশ্বব্যাপী মুকলি কৰা হয় । সকলো মডেলতে ১ বিলিয়নতকৈ অধিক ৰং, ১৭৮ ডিগ্ৰী বহল দৰ্শনৰ ক্ষমতা সম্পন্ন আৰু উন্নত হাই ডাইনামিক ৰেঞ্জ ১০ প্ৰযুক্তি প্ৰদান কৰা হৈছে । জানিবপৰা মতে দক্ষিণ কোৰিয়াত ৪,৫০,০০০ আৰু ৬,৭০,০০০ মূল্যৰ টেগৰ সৈতে ১০ টা মডেল উপলব্ধ হৈছে ।

  • ছেমছাঙৰ মতে, S8 মডেলত ২৭ ৰ পৰা ৩২ ইঞ্চি বিকল্পত আহে । ই ব্যৱহাৰকাৰীসকলৰ বাবে ৯৯ শতাংশ এছআৰজিবি ৰঙৰ সৈতে আলট্ৰা হাই ডেফিনিশ্বন (ইউএইচডি) ৰিজলিউশ্বনৰ সুবিধা প্ৰদান কৰা হৈছে । ই ইয়াৰ ইউএছবি-চি পোৰ্টৰ জৰিয়তে প্ৰতি ছেকেণ্ডত ডাটা ট্ৰেঞ্চমিচনৰ বাবে ১০ গিগাবাইটৰ সুবিধা প্ৰদান কৰে ।
    বজাৰত মুকলি ছেমছাঙৰ হাই ডেফিনেশ্বনৰ মনিটৰ
    বজাৰত মুকলি ছেমছাঙৰ হাই ডেফিনেশ্বনৰ মনিটৰ
  • S7 মডেলত ইউএইচডি ৰিজ'লিউশ্বনৰ সুবিধৈ প্ৰদান কৰা হৈছে আৰু ২৭ ৰ পৰা ৩২ ইঞ্চি আকাৰত উপলব্ধ । ই অতি স্লীম ষ্টেণ্ড আৰু সীমাহীন ডিজাইনৰ সৈতে উপলব্ধ ।
  • S6 মডেলত ক্ৰমে ৩৪,৩২,২৭ আৰু ২৪ ইঞ্চি চাৰিটা আকাৰত উপলব্ধ মনিটৰসমূহ । ই কেৱল কুৱাড হাই ডেফিনিশ্বন (QHD) সমৰ্থন কৰাই নহয় ইয়াত পিকচাৰ বাই পিকচাৰ (পিবিপি) আৰু পিকচাৰ ইন পিকচাৰ (পিআইপি) বৈশিষ্টও আছে ।
  • কোম্পানীৰ মতে বিশেষকৈ, S65UA ৩৪ ইঞ্চি মডেলত উন্নত দৰ্শনৰ অভিজ্ঞতাৰ বাবে ১০০০R কাৰ্ভেচাৰ, আলট্ৰা ৱাইড QHD আৰু ২১:৯ এচপেক্ট অনুপাতৰ সুবিধা প্ৰদান কৰা হৈছে ।
    বজাৰত মুকলি ছেমছাঙৰ হাই ডেফিনেশ্বনৰ মনিটৰ
    বজাৰত মুকলি ছেমছাঙৰ হাই ডেফিনেশ্বনৰ মনিটৰ

ছেমছাঙৰ মতে সকলো মনিটৰে জাৰ্মান কাৰিকৰী পৰীক্ষা সেৱা আৰু প্ৰমাণপত্ৰ সংগঠন টিইউভি ৰিনলেণ্ড এজিৰ পৰা ইণ্টেলিজেণ্ট আই কেয়াৰ প্ৰমাণপত্ৰ লাভ কৰিছে । ইয়াক ব্যৱহাৰকাৰী সকলৰ সুবিধাৰ্থে নীলা পোহৰৰ নিৰ্গমন হ্ৰাস কৰিবলৈ এক বিশেষ চকু-সংৰক্ষণকাৰী ব্যৱস্থাও ৰখা হৈছে ।

বজাৰ অনুসৰণকাৰী সংস্থা ইণ্টাৰনেচনেল ডাটা ক'ৰ্প (IDC)ৰ মতে, ছেমছাং যোৱা বছৰ বিশ্বৰ পঞ্চম সৰ্ববৃহৎ পিচি মনিটৰ বিক্ৰেতা আছিল আৰু তেওঁলোকৰ বজাৰৰ অংশ আছিল ৮.৬ শতাংশ । কোম্পানীটোৱে ২০২০ চনত ১১.৭ নিযুত ইউনিট মনিটৰ প্ৰেৰণ কৰিছে আৰু এবছৰৰ ভিতৰত ৩০.৬ শতাংশ বৃদ্ধি হৈছে তেওঁলোকৰ ব্যৱসায় ।

বজাৰত মুকলি ছেমছাঙৰ হাই ডেফিনেশ্বনৰ মনিটৰ
বজাৰত মুকলি ছেমছাঙৰ হাই ডেফিনেশ্বনৰ মনিটৰ

লগতে পঢ়ক: গেলেক্সী M12 ৰ বিশেষত্ব সমূহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.