ETV Bharat / briefs

বৰঝাৰ বিমান বন্দৰত কেব চালকৰ প্ৰতিবাদ

author img

By

Published : Jun 26, 2020, 8:52 PM IST

শুকুৰবাৰে বৰঝাৰ বিমানবন্দৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম কেব অপাৰেটৰ্ছ ইউনিয়নৰ উদ্যোগত গাড়ীচালকসকলে । অবৈধভাৱে য'তে-ততে স্থাপন কৰা টোলগেটসমুহ বন্ধ কৰা আৰু পেট্ৰ'ল-ডিজেলৰ অভাৱনীয় মূল্যবৃদ্ধি হ্ৰাস কৰি গাড়ীচালক আৰু গাড়ীৰ মালিকক সকাহ দিয়াৰ দাবীত সাব্যস্ত কৰে প্ৰতিবাদ ।

বৰঝাৰ বিমানবন্দৰত কেব চালকৰ প্ৰতিবাদ
বৰঝাৰ বিমানবন্দৰত কেব চালকৰ প্ৰতিবাদ

আজাৰা, ২৬ জুন : বিশ্ব বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস হোৱাৰ পিছতো পেট্ৰ'ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে কোঙা কৰিছে সাধাৰণ জনতাক । অবৈধভাৱে য'তে-ততে স্থাপন কৰা টোলগেটসমূহ বন্ধ কৰাৰ দাবীত শুকুৰবাৰে অল ইণ্ডিয়া ৰোড ট্ৰেন্সপোৰ্ট ৱৰ্কাৰ্ছ ফেডাৰেশ্যনৰ আহ্বান মৰ্মে সদৌ অসম কেব অপাৰেটৰ্ছ ইউনিয়নৰ উদ্যোগত দেশৰ ভিন্ন প্ৰান্তৰ লগতে বৰঝাৰ বিমানবন্দৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে চালকসকলে ।

বৰঝাৰ বিমানবন্দৰত কেব চালকৰ প্ৰতিবাদ
বৰঝাৰ বিমানবন্দৰত কেব চালকৰ প্ৰতিবাদ

হাতে-হাতে বেনাৰ-পোষ্টাৰ আদি লৈ অবৈধভাৱে ৰাজ্যৰ য'তে-ততে স্থাপন কৰা টোলগেটসমূহ বন্ধ কৰা আৰু পেট্ৰ'ল-ডিজেলৰ অভাৱনীয় মূল্যবৃদ্ধি হ্ৰাস কৰি গাড়ীচালক আৰু গাড়ীৰ মালিকক সকাহ দিয়াৰ বাবে দাবী জনায় চালকসকলে । ইতিমধ্যে কেইবাটাও দাবীৰে চালক সন্থাই মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে বুলি জানিবলৈ দিয়ে ।

লক ডাউনে সকলো দিশৰ পৰা কোঙা কৰা চালকসকলৰ এই দাবী অতি শীঘ্ৰেই চৰকাৰে পূৰণ কৰিব বুলি লাগে, অন্যথা তীব্ৰ আন্দোলনৰ হুংকাৰ দিয়ে চালকসকলে ।

লগতে পঢ়ক : নিশা টিনপাত বিলাবলৈ আহি ৰাইজৰ ৰোষত পৰিল বিজেপি নেতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.