ETV Bharat / bharat

Wrestlers vs Brij Bhushan: "আমাৰ যুঁজ ভাৰতীয় কুস্তি ফেডাৰেশ্যনৰ বিৰুদ্ধেহে, চৰকাৰৰ বিৰুদ্ধে নহয়"-মল্লযুঁজাৰু দম্পতী

author img

By

Published : Jun 17, 2023, 9:48 PM IST

Updated : Jun 17, 2023, 10:00 PM IST

টুইটাৰত খলকনি লগাইছে মল্লযুঁজাৰু সাক্ষী মালিক আৰু স্বামী সত্যৱৰ্ত কাদিয়ানৰ এটা ভিডিঅ’ই ৷ "এই প্ৰতিবাদ ৰাজনৈতিকভাৱে উদ্দেশ্য প্ৰণোদিত নহয় আৰু বহু বছৰ ধৰি হাৰাশাস্তিৰ সন্মুখীন হোৱা স্বত্বেও, কুস্তি সম্প্ৰদায়ৰ মাজত একতাৰ অভাৱৰ বাবে আমি নীৰৱ হৈ আছিলো ৷ আমাৰ যুঁজ ভাৰতীয় কুস্তি ফেডাৰেশ্যনৰ বিৰুদ্ধেহে, চৰকাৰৰ বিৰুদ্ধে নহয় ৷"

wrestlers-protest-our-fight-against-wfi-chief-not-govt-says-sakshi-and-her-husband-satyawart
"আমাৰ যুঁজ ভাৰতীয় কুস্তি ফেডাৰেশ্যনৰ বিৰুদ্ধেহে, চৰকাৰৰ বিৰুদ্ধে নহয়"-মল্লযুঁজাৰু দম্পতী

নিউজ ডেস্ক, 17 জুন : অলিম্পিক পদক বিজয়ী সাক্ষী মালিক আৰু স্বামী সত্যৱৰ্ত কাদিয়ানে শনিবাৰে ভাৰতীয় কুস্তি ফেডাৰেচন (ডব্লিউএফআই)ৰ অধ্যক্ষ তথা বিজেপি সাংসদ ব্ৰীজভূষণ শৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতন আৰু ভাবুকিৰ অভিযোগ উত্থাপন কৰি এটা ভিডিঅ'যোগে বিবৃতি প্ৰকাশ কৰে ৷ টুইটাৰত পোষ্ট কৰা ভিডিঅ'টোত কাদিয়ানে নিজৰ স্থিতিত অটল থাকি কয় যে, তেওঁলোকৰ প্ৰতিবাদ ৰাজনৈতিকভাৱে উদ্দেশ্য প্ৰণোদিত নহয় আৰু বহু বছৰ ধৰি হাৰাশাস্তিৰ সন্মুখীন হোৱা স্বত্বেও, কুস্তি সম্প্ৰদায়ৰ মাজত একতাৰ অভাৱৰ বাবে তেওঁলোক নীৰৱ হৈ আছিল ৷

টুইটাৰত পোষ্ট কৰা ভিডিঅ'টোত সাক্ষী মালিকৰ স্বামী কাদিয়ানে তেওঁলোকৰ প্ৰতিবাদৰ সন্দৰ্ভত ভুৱা প্ৰচাৰ চলা বুলি কৈ তেওঁলোকৰ উদ্দেশ্য স্পষ্ট কৰে ৷ বিজেপিৰ সৈতে জড়িত দুগৰাকী ব্যক্তি, প্ৰাক্তন মল্লযুঁজাৰু ববিতা ফোগাট আৰু তীৰথ ৰাণাৰ অনুমতি সাপেক্ষে এই প্ৰতিবাদৰ সূচনা কৰা হৈছিল ৷

দম্পতীটোৱে প্ৰতিবাদৰ অনুমতি বিচৰা পত্ৰখন দেখুৱাই কয় যে, " আমি স্পষ্ট কৰি দিওঁ যে আমাৰ প্ৰতিবাদ ৰাজনৈতিকভাৱে উদ্দেশ্য প্ৰণোদিত নহয় ৷ আমি জানুৱাৰীত (যন্তৰ-মন্তৰলৈ) আহিছিলো, আৰু আৰক্ষীৰ অনুমতি বিচৰাৰ লগতে দুগৰাকী বিজেপি নেতাৰ পৰা অনুমতি লৈছিলো ৷"

কাদিয়ানে পুনৰ কয় যে, তেওঁলোকৰ যুঁজ ভাৰতীয় কুস্তী ফেডাৰেচনৰ অধ্যক্ষৰ বিৰুদ্ধে আছিল, চৰকাৰৰ বিৰুদ্ধে নহয় ৷ সাক্ষী মালিকে লগতে কয় যে মল্লযুঁজাৰুসকলৰ মাজত একতাৰ অভাৱৰ বাবে তেওঁলোকে বহু বছৰ ধৰি নীৰৱ হৈ আছিল ৷ কাদিয়ানে ভিডিঅ’টোত 28 মে'ত তেওঁলোকৰ লগত আৰক্ষীয়ে কৰা বৰ্বৰতাৰ বিষয়ে বৰ্ণনা দি কয় যে, এই ঘটনাই তেওঁলোকক যথেষ্ট প্ৰভাৱিত কৰিছিল ৷ মল্লযুঁজাৰুসকলক আটক কৰা হৈছিল আৰু বলপূৰ্বকভাৱে বাছলৈ ঠেলি লৈ যোৱা হৈছিল ৷ অনুমতি অবিহনে নতুন সংসদ ভৱনৰ দিশে যাত্ৰা কৰাৰ সময়ত তেওঁলোকৰ বিৰুদ্ধে আইন-শৃংখলা উলংঘা কৰাৰ বাবে গোচৰ ৰুজু কৰা হৈছিল ৷

ভিডিঅ’টোত লগতে উল্লেখ কৰে যে, "মহিলা সন্মান মহাপঞ্চায়ত"ৰ আহ্বান খাপ নেতাসকলে কৰিছিল ৷ আৰক্ষীৰ বৰ্বৰতাৰ সন্মুখীন হোৱা স্বত্বেও তেওঁলোকে নেতাসকলৰ আদেশ পালন কৰিছিল ৷ এই ঘটনাটোৱে তেওঁলোকক মানসিকভাৱে ভাঙি পেলাইছিল ৷ কাদিয়ানে বৰ্ণনা কৰিছিল যে, তেওঁলোকে প্ৰথমতে হৰিদ্বাৰত তেওঁলোকৰ পদক বিসৰ্জন কৰাৰ পৰিকল্পনা কৰিছিল কিন্তু সাম্ভাব্য হিংসাত্মক পৰিস্থিতিৰ বিষয়ে উদ্বিগ্ন হৈ পুনৰ বিবেচনা কৰিছিল ৷ ইয়াৰ পৰিৱৰ্তে, মল্লযুঁজাৰুসকলে তেওঁলোকৰ পদকসমূহ প্ৰশিক্ষক আৰু অভিভাৱকসকলক অৰ্পণ কৰিছিল ৷

কাদিয়ানে লগতে তেওঁলোকৰ প্ৰতিবাদত সমৰ্থন কৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে অন্যায়ৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ থিয় দি মাত মাতিবলৈ সকলোকে আহ্বান জনায় ভিডিঅ’টো সমাপ্ত কৰিছিল ৷

লগতে পঢ়ক: Wrestlers Protest : সাংসদ ব্ৰীজ ভূষণৰ বাসগৃহৰ পৰা আটক সন্দেহজনক ব্যক্তিক

Last Updated : Jun 17, 2023, 10:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.