ETV Bharat / bharat

Women’s Day Celebrations: ৰামোজী ফিল্ম চিটীত নাৰী দিৱস উদযাপন

author img

By

Published : Mar 9, 2023, 9:17 PM IST

ৰামোজী ফিল্ম চিটীত নাৰী দিৱসৰ ব্যাপক অনুষ্ঠান (Women’s Day 2023 ) ৷ এইবৰ্ষৰ নাৰী দিৱসৰ থীম আছিল "লিংগ সমতাৰ বাবে ডিজিট অল- ইনোভেশ্যন এণ্ড টেকন'লজী...Embrace Equity" ৷

Women's Day Celebrations at Ramoji Film City
ৰামোজী ফিল্ম চিটীত নাৰী দিৱস উদযাপন

নেশ্যনেল ডেস্ক, 9 মাৰ্চ: 8 মাৰ্চত বিশ্বজুৰি পালন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস (Women’s Day 2023 ) ৷ প্ৰতিবৰ্ষৰ দৰে নাৰী দিৱসৰ লগত সংগতি ৰাখি বুধবাৰ 8 মাৰ্চত ৰামোজী ফিল্ম চিটীত নাৰী দিৱসৰ ব্যাপক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল (Women’s Day Celebrations at Ramoji Film City) ৷ এইবৰ্ষৰ নাৰী দিৱসৰ থীম আছিল "লিংগ সমতাৰ বাবে ডিজিট অল- ইনোভেশ্যন এণ্ড টেকন'লজী...Embrace Equity" ৷

এই বিশাল অনুষ্ঠানত ৰামোজী গোটৰ সকলো মহিলা কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰিছিল ৷ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল IAS বিষয়া স্মিতা সাভৰৱাল (IAS officer Smita Sabharwal) ৷ লগতে নাৰীবাদী আলোচনী 'ভূমিকা'ৰ সম্পাদিকা কোন্দোভিতি সত্যৱতী, ৰামোজী ফিল্ম চিটীৰ এম.ডি. বিজয়েশ্বৰী (RFC MD Vijayeshwari ) আৰু ই.টি.ভি. ভাৰতৰ সঞ্চালক ব্ৰিহটিয়ে (ETV Bharat Director Brihati) অংশগ্ৰহণ কৰে ৷

এই বিশেষ অনুষ্ঠানটোত বন্তি প্ৰজ্বলনৰে নাৰী দিৱসৰ শুভাৰম্ভনি কৰা হৈছিল । আৰ এফ চিৰ এমডি বিজয়েশ্বৰী আৰু ইটিভি ভাৰতৰ সঞ্চালক ব্ৰিহটিয়ে মুখ্য অতিথি স্মিতা সাভৰৱাল আৰু সত্যৱতীক সম্বৰ্ধনা জনায় ।

নাৰী দিৱসৰ অনুষ্ঠানত উপস্থিত থাকি IAS বিষয়া স্মিতা সাভৰৱালে কয়, "প্ৰাৰম্ভিক দিনবোৰত, মই ইনাডুৰ পেপাৰ পঢ়িয়েই তেলুগু শিকিছিলো । তাৰ বাবে মই ইনাডুক ধন্যবাদ জ্ঞাপন কৰিছো । মই যেতিয়া এগৰাকী সহকাৰী আয়ুক্ত হিচাপে কৰ্মৰত আছিলো, মই গোটেই দিনটো গাঁৱত অতিবাহিত কৰিব লগা হৈছিল ৷ নিশা ঘৰলৈ উভতি আহি নৈশ আহাৰ গ্ৰহণৰ পিচতেই মই কমেও আধাঘণ্টা আধ্যয়ন কৰি, ইনাডুৰ পৰাই টোকা প্ৰস্তুত কৰি তেলুগু ভাষাৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিলো ৷ তেলুগু ভাষা শিকাটো মোৰ বাবে ইউ পি এছ চি পৰীক্ষাতকৈ কঠিন আছিল ৷ আমি আশা কৰোঁ যে অনাগত দশকবোৰত ইয়াৰ স্বতন্ত্ৰ আৰু সাহসী সাংবাদিকতাৰ ধাৰা অব্যাহত থাকিব। ইনাডু মানুহৰ মতামত আৰু চিন্তাৰ প্ৰতিফলন । এক স্বাস্থ্যকৰ গণতন্ত্ৰৰ বাবে দায়িত্বৰ প্ৰয়োজন।"

আনহাতে নাৰী দিৱস উপলক্ষে ৰামোজী ফিল্ম চিটীৰ মহিলা কৰ্মচাৰীসকলৰ বাবে সংগীত, নৃত্য, ফেশ্বন শ্ব' আৰু ৰংগোলী প্ৰতিযোগিতা আয়োজন কৰা হৈছিল ৷ এই অনুষ্ঠানত সংগীত, নৃত্য, ফেশ্বন শ্ব' আৰু ৰংগোলী প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীসকলক পুৰস্কাৰ প্ৰদান কৰা হৈছিল ৷ ইয়াৰ লগতে বস্কো নৃত্য় গোষ্ঠীয়ে পৰিৱেশন কৰা নৃত্যই সকলোকে আমোদ দিয়ে ৷ অনুষ্ঠানৰ শেষত কেক কাটি সকলো কৰ্মচাৰীয়ে নাৰী দিৱস উলহ মালহেৰে সমাপন কৰে ৷

লগতে পঢ়ক: Youth beaten up by miscreants: মাৰপিটৰ ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত লাহদৈগড়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.