ETV Bharat / bharat

Will online games become expensive: 17 ডিচেম্বৰত GST কাউন্সিলে গ্ৰহণ কৰিব সিদ্ধান্ত

author img

By

Published : Nov 27, 2022, 1:35 PM IST

Will playing online games become expensive will be decided in the GST Council meeting on December 17
অনলাইন গেম খেলাটো হ’ব নেকি ব্যয়বহুল? ১৭ ডিচেম্বৰত GST কাউন্সিলে গ্ৰহণ কৰিব এই সিদ্ধান্ত

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত অহা 17 ডিচেম্বৰত পণ্য আৰু সেৱা কৰ পৰিষদৰ 48 সংখ্যক বৈঠক অনুষ্ঠিত হ’ব (GST council meeting)। GST পৰিষদে টুইটাৰযোগে লিখিছে যে, অহা 17 ডিচেম্বৰ, 2022 তাৰিখে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে জি এছ টি কাউন্সিলৰ 48 সংখ্যক বৈঠক অনুষ্ঠিত হ’ব ।

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত অহা 17 ডিচেম্বৰত পণ্য আৰু সেৱা কৰ পৰিষদৰ ৪৮ সংখ্যক বৈঠক অনুষ্ঠিত হ’ব । GST পৰিষদে টুইটাৰযোগে লিখিছে যে, অহা 17 ডিচেম্বৰ, 2022 তাৰিখে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে GST কাউন্সিলৰ 48 সংখ্যক বৈঠক অনুষ্ঠিত হ’ব (Will playing online games become expensive) । এই বৈঠকত কেচিনো, অনলাইন গেমিং আৰু ঘোঁৰা দৌৰৰ ওপৰত GST আৰোপ আৰু GST আপীল ন্যায়াধিকৰণ স্থাপনৰ ক্ষেত্ৰত ৰাজ্যিক বিত্তমন্ত্ৰী গোটৰ প্ৰতিবেদনৰ বিষয়ে আলোচনা কৰা হ’ব(GST Council meeting on December 17)।

ইয়াৰ উপৰিও অপৰাধৰ শ্ৰেণীৰ পৰা GST আইনৰ কিছু বিধান বাদ দিয়াৰ সন্দৰ্ভতো বিষয়া সমিতিৰ প্ৰতিবেদন আলোচনা হোৱাৰ সম্ভাৱনা আছে ।

শুকুৰবাৰে কেন্দ্ৰই ৰাজ্যসমূহক GST ক্ষতিপূৰণ প্ৰদান কৰে

ইয়াৰ পূৰ্বে বিত্ত মন্ত্ৰণালয়ে শুকুৰবাৰে এক বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰি কয় যে, কেন্দ্ৰীয় চৰকাৰে 24 নৱেম্বৰত ৰাজ্যসমূহক পাবলগীয়া 17 হাজাৰ কোটি টকা GST মুকলি কৰি দিছে । GSTৰ এই ক্ষতিপূৰণ 2022 চনৰ এপ্ৰিলৰ পৰা জুনলৈকে । 2022-23 বিত্তীয় বৰ্ষত এই পৰ্যন্ত ৰাজ্যসমূহক 1.15 লাখ কোটি টকাৰ GST বকেয়া প্ৰদান কৰা হৈছে ।

  • The 48th Meeting of the GST Council will be held on 17th December, 2022 by Video Conference .

    — GST Council (@GST_Council) November 25, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

মন্ত্ৰালয়ৰ বিবৃতিত কোৱা হৈছে যে, 2022 চনৰ অক্টোবৰ পৰ্যন্ত GST চেছৰ ৰূপত মাত্ৰ 72,147 কোটি টকাহে সংগ্ৰহ কৰা হৈছে । কিন্তু নিজৰ সম্পদৰ পৰা সংগ্ৰহ কৰি কেন্দ্ৰীয় চৰকাৰে দিছে 43,515 কোটি টকা । এই ধনৰাশি মুকলি কৰাৰ লগে লগে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহক GST ক্ষতিপূৰণৰ অংশ প্ৰদান কৰিছে যিটো 2023 চনৰ মাৰ্চ মাহৰ ভিতৰত সংগ্ৰহ হোৱাৰ সম্ভাৱনা আছে ।

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে মুকলি কৰি দিয়া GSTৰ বকেয়া । ইয়াত মহাৰাষ্ট্ৰৰ সৰ্বাধিক অংশ । মহাৰাষ্ট্ৰৰ একাউণ্টত প্ৰৱেশ কৰিছে 2081 কোটি টকা । একে সময়তে কৰ্ণাটক 1915 কোটি টকাৰ অংশীদাৰিত্বৰে দ্বিতীয় স্থানত আছে । এই চালানত দিল্লীয়ে লাভ কৰিছে 1200 কোটি টকা ।

আনহাতে, উত্তৰ প্ৰদেশে 1202 কোটি আৰু তামিলনাডুৱে লাভ কৰিছে 1188 কোটি টকা । ইয়াৰ উপৰিও পাঞ্জাবে 984 কোটি, পশ্চিম বংগই 814 কোটি, ৰাজস্থানে 806 কোটি আৰু গুজৰাটে 856 কোটি টকা লাভ কৰিছে । GSTব্যৱস্থা প্ৰৱৰ্তন কৰাৰ সময়ত ৰাজ্যসমূহৰ ৰাজহৰ সম্ভাৱ্য লোকচানৰ প্ৰতি লক্ষ্য ৰাখি ক্ষতিপূৰণৰ ব্যৱস্থা কৰা হৈছিল ।

লগতে পঢ়ক: Flipkart Black Friday Sale: iPhone 13ত বৃহৎ ৰেহাই Flipkart ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.