ETV Bharat / bharat

Flipkart Black Friday Sale: iPhone 13ত বৃহৎ ৰেহাই Flipkart ৰ

author img

By

Published : Nov 25, 2022, 6:19 PM IST

Big discount on iPhone 13 in Black Friday Sale chance to save up to Rs 21500
iPhone 13ত বৃহৎ ৰেহাই আগবঢ়াইছে Flipkartয়ে

যদি আপুনি এপলৰ ফোন ক্ৰয় কৰাৰ কথা ভাবিছে, তেন্তে আপোনাৰ আছে এটা ভাল সুযোগ । ফ্লিপকাৰ্টৰ ব্লেক ফ্ৰাইডে চেলত তিনি হাজাৰ টকাতকৈও কম মূল্যত ক্ৰয় কৰক আইফোন ৷

নিউজ ডেস্ক, 25 নৱেম্বৰ: যদি আপুনি এপলৰ ফোন ক্ৰয় কৰাৰ কথা ভাবিছে, তেন্তে আপোনাৰ আছে এটা ভাল সুযোগ । ফ্লিপকাৰ্টৰ ব্লেক ফ্ৰাইডে চেলত আপুনি তিনি হাজাৰ টকা পৰ্যন্ত কম মূল্যত আইফোন ১৩ ক্ৰয় কৰিব পাৰিব(Flipkart Black Friday Sale) । এই অফাৰ বেংক বা এক্সচেঞ্জ অফাৰৰ অধীনত সম্পূৰ্ণৰূপে উপলব্ধ নহয় । ছয় দিনৰ বিক্ৰী চলি আছে ফ্লিপকাৰ্টত । এই বিক্ৰীত বহু ডিভাইচত ডাঙৰ ৰেহাই পোৱা যাব । ইয়াৰ ভিতৰত আছে আইফোন ১৩, আইফোন ১২ আৰু আইফোন ১৪ ।

আইফোন ১৩তো উপলব্ধ এক্সচেঞ্জ অফাৰ

ফ্লিপকাৰ্ট ব্লেক ফ্ৰাইডে বিক্ৰীৰ সময়ত আইফোন ১৩ৰ ১২৮জিবি ষ্ট’ৰেজ মডেলৰ মূল্য ৬২,৯৯৯ টকা । ইয়াৰ পূৰ্বে এই ফোনটো বিক্ৰী হৈছিল ৬৫,৯৯৯ টকাত । অৰ্থাৎ ফ্লিপকাৰ্টৰ এই বিক্ৰীত গ্ৰাহকে আইফোন ১৩ত ৩ হাজাৰ টকাৰ ফ্লেট ৰেহাই লাভ কৰিছে । ইয়াৰ উপৰিও এক্সিছ বেংকৰ ক্ৰেডিট আৰু ডেবিট কাৰ্ডৰ জৰিয়তে ফোনটো ক্ৰয় কৰিলেও এক হাজাৰ টকাৰ অতিৰিক্ত ৰেহাই লাভ কৰিব(Flipkart Black Friday Sale) । আইফোন ১৩ত এই চেলটোত ১৭,৫০০ টকা পৰ্যন্ত এক্সচেঞ্জ অফাৰো উপলব্ধ(iPhone in Flipkart) ।

এতিয়া ধৰি লওক আপুনি এই ফোনটো ৬২,৯৯৯ টকাৰ বিনিময়ত ৩,০০০ টকাৰ ফ্লেট ডিছকাউণ্টত পাইছে। ইয়াৰ বাহিৰেও এতিয়া যদি আপুনি এক্সিছ বেংকৰ ক্ৰেডিট বা ডেবিট কাৰ্ড ব্যৱহাৰ কৰে, তেন্তে আপুনি ফোনত ১০০০ টকাৰ ৰেহাই পাব। অৰ্থাৎ এতিয়া ৬১,৯৯৯ টকাত ফোনটো পাইছে । এতিয়া যদি আপোনাৰ হাতত এটা পুৰণি ফোন আছে আৰু সেইটো বিনিময় কৰিব বিচাৰে, তেন্তে অফাৰৰ অধীনত ১৭,৫০০ টকাৰ অতিৰিক্ত ৰেহাইও পাব । এতিয়া ৬১,৯৯৯ টকাত ফোনটো পাব– (মাইনাছ) ১৭,৫০০ টকা অৰ্থাৎ ৪৪,৪৯৯ টকা ।

আন ই-কমাৰ্চ প্লেটফৰ্ম যেনে আমাজনে আইফোন ১৩ বিক্ৰী কৰিছে যাৰ আৰম্ভণি মূল্য ৬৬,৯০০ টকা । ফ্লিপকাৰ্টত ৭৭,৪০০ টকাৰ ৰেহাইৰ সৈতে আইফোন ১৪ উপলব্ধ। অৱশ্যে এইটো অলপ বেছি । যিসকলে ৬০ হাজাৰ টকাতকৈ অধিক খৰচ কৰিব নোৱাৰে তেওঁলোকে ক্ৰয় কৰিব পাৰিব আইফোন ১২ । ফ্লিপকাৰ্টৰ ব্লেক ফ্ৰাইডে বিক্ৰীৰ সময়ত এই ফোনটোৰ ৬৪জিবি ষ্ট’ৰেজ মডেলৰ মূল্য ৪৮,৯৯৯ টকা । একে সময়তে আইফোন ১২ৰ ১২৮জিবি ষ্ট’ৰেজ ভেৰিয়েণ্ট ফ্লিপকাৰ্টৰ বিক্ৰীত ৫৩,৯৯৯ টকাত উপলব্ধ(iPhone 13 in Black Friday Sale) ।

ফ্লিপকাৰ্টৰ ব্লেক ফ্ৰাইডে বিক্ৰী ৩০ নৱেম্বৰলৈকে চলিব

মনত ৰাখিব যে এপলে এই আইফোনসমূহৰ কোনো এটাৰ সৈতে চাৰ্জাৰ প্ৰদান কৰা নাই। সেয়ে গ্ৰাহকে আইফোনৰ চাৰ্জাৰ পৃথকে কিনিব লাগিব । ইয়াৰ উপৰিও কোম্পানীটোৱে এই আইফোনসমূহৰ সৈতে মাত্ৰ ২০ৱাট ফাষ্ট চাৰ্জিংহে সমৰ্থন কৰিছে। ভাৰতত এপলে বিক্ৰী কৰিছে নিজৰ চাৰ্জাৰটো ১৯০০ টকাত ।

লগতে পঢ়ক: ভাৰতত iPhone-14 নিৰ্মাণে Appleৰ নিৰ্মাণ ক্ষমতাৰ পৰিপক্কতা দেখুৱাইছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.