ETV Bharat / science-and-technology

ভাৰতত Iphone-14 নিৰ্মাণে Appleৰ নিৰ্মাণ ক্ষমতাৰ পৰিপক্কতা দেখুৱাইছে

author img

By

Published : Sep 29, 2022, 9:10 PM IST

মুডীজ ইনভেষ্টৰ চাৰ্ভিচে প্ৰকাশ কৰিছে এক তথ্য প্ৰকাশ কৰি কয় যে, বিশ্বব্যাপী মুকলি কৰাৰ কেইসপ্তাহমানৰ ভিতৰতে ভাৰতত iPhone-14ৰ নিৰ্মাণ আৰম্ভ হোৱাটোৱে দেশত Appleৰ নিৰ্মাণ ক্ষমতাৰ পৰিপক্কতা দেখুৱাইছে(iPhone-14 in market) ।

manufacturing-of-iphone-14-in-india-shows-maturity-of-apples-manufacturing-capabilities-here-moodys
ভাৰতত iPhone-14 নিৰ্মাণে Appleৰ নিৰ্মাণ ক্ষমতাৰ পৰিপক্কতা দেখুৱাইছে- মুডীজ

নেশ্যনেল ডেস্ক, 29 আগষ্ট: মুডীজ ইনভেষ্টৰ চাৰ্ভিচে প্ৰতিবেদনযোগে প্ৰকাশ যে, বিশ্বব্যাপী মুকলি কৰাৰ কেইসপ্তাহমানৰ ভিতৰতে ভাৰতত iPhone-14ৰ নিৰ্মাণ আৰম্ভ হোৱাটোৱে দেশত Appleৰ নিৰ্মাণ ক্ষমতাৰ পৰিপক্কতা দেখুৱাইছে(iPhone-14 in market) । মুডীজৰ জ্যেষ্ঠ উপ-সভাপতি ৰাজ যোশীয়ে কয় যে, স্থানীয়ভাৱে নিৰ্মিত iPhoneৰ সংখ্যা বৃদ্ধিৰ লগে লগে ভাৰতত Appleৰ সম্প্ৰসাৰণৰ কৌশলেও গতি লাভ কৰিব (iPhone-14 in India launch) ।

যোশীয়ে কয় যে, এপলে ভাৰতত iPhone-14ৰ সামগ্ৰী উৎপাদনৰ পৰিকল্পনা অতি ইতিবাচক কাৰণ ইয়াৰ দ্বাৰা বৰ্তমান মূলতঃ চীনত কেন্দ্ৰীভূত হৈ থকা ইয়াৰ উৎপাদন ভিত্তিৰ বৈচিত্ৰ্যতা বৃদ্ধি পাব । মুডীজে কয় যে, স্মাৰ্টফোন বজাৰৰ বৃহৎ আকাৰ আৰু ৫জি নেটৱৰ্ক মুকলি কৰাৰ লগে লগে শক্তিশালী বৃদ্ধিৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ স্মাৰ্টফোন বজাৰখনো “এপলৰ বাবে এক আকৰ্ষণীয় দীৰ্ঘম্যাদী বজাৰ”(iPhone-14 Price in India)।

এপলে ভাৰতত iPhone-14 নিৰ্মাণৰ পৰিকল্পনা সন্দৰ্ভত মন্তব্য কৰি মুডীজে কয় যে, যদিও ২০১৭ চনৰ পৰা Appleয়ে ভাৰতত iPhone নিৰ্মাণ কৰি আহিছে কিন্তু বিশ্বজুৰি iPhone-14 মুকলি কৰাৰ কেইসপ্তাহমানৰ ভিতৰতেই ইয়াৰ নিৰ্মাণৰ সিদ্ধান্তই প্ৰতিফলিত কৰিছে ভাৰতত কোম্পানীটোৰ উৎপাদন ক্ষমতাৰ পৰিপক্কতা ।

শেহতীয়াকৈ এপলে ঘোষণা কৰিছে যে, iPhone-14 ভাৰতত নিৰ্মাণ কৰা হ’ব । ভাৰতত নিৰ্মিত iPhone-14 অহা কেইদিনমানৰ ভিতৰত স্থানীয় গ্ৰাহকৰ বাবে উপলব্ধ হ’ব, লগতে ৰপ্তানিও কৰা হ’ব ।

লগতে পঢ়ক: World Heart Day 2022: হৃদয়খনে কি ক'ব বিচাৰিছে শুনি চাবচোন কেতিয়াবা ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.