ETV Bharat / bharat

মহুৱা মৈত্ৰক চৰকাৰী বাসগৃহ খালী কৰাৰ নিৰ্দেশ; ৪ জানুৱাৰীত দিল্লী উচ্চ ন্যায়ালয়ত শুনানি

author img

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 3:17 PM IST

Mahua Moitra Plea : তৃণমূল কংগ্ৰেছৰ বহিষ্কৃত সাংসদ মহুৱা মৈত্ৰই তেওঁৰ আবেদনত দিল্লী উচ্চ ন্যায়ালয়ক সম্পত্তি সঞ্চালকালয়ৰ ১১ ডিচেম্বৰৰ আদেশ বাতিল কৰিবলৈ আৰু ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা নোহোৱালৈকে বাসস্থানৰ অধিকাৰ বাহাল ৰাখিবলৈ অনুমতি দিবলৈ আহ্বান জনায় ।

Mahua Moitra plea on official residence
মহুৱা মৈত্ৰক চৰকাৰী বাসগৃহ খালী কৰাৰ নিৰ্দেশ; ৪ জানুৱাৰীত দিল্লী উচ্চ ন্যায়ালয়ত শুনানি

নিউজ ডেস্ক, ১৯ ডিচেম্বৰ : ৪ জানুৱাৰীত তৃণমূল কংগ্ৰেছৰ নেত্ৰী মহুৱা মৈত্ৰৰ চৰকাৰী বাসস্থান খালী কৰাৰ নিৰ্দেশক প্ৰত্যাহ্বান জনোৱা আবেদনৰ শুনানি অনুষ্ঠিত হ'ব । দিল্লী উচ্চ ন্যায়ালয়ে মঙলবাৰে এইকথা জনাইছে । আনহাতে, উচ্চতম ন্যায়ালয়ে লোকসভাৰ পৰা বহিষ্কাৰৰ বিৰুদ্ধে মহুৱাই কৰা আবেদনৰ শুনানি ৩ জানুৱাৰীত হ'ব বুলি উল্লেখ কৰে । এই আবেদনৰ শুনানিৰ বাবে ন্যায়াধীশ সুব্ৰমনিয়াম প্ৰসাদৰ বিচাৰপীঠলৈ অহাৰ পিছত তেওঁ ইয়াক স্থগিত ৰাখিছিল ।

মহুৱা মৈত্ৰৰ অধিবক্তাই আদালতক ৪ জানুৱাৰীৰ পূৰ্বে আবেদনখনৰ উত্তৰ দাখিল কৰিবলৈ সম্পত্তি সঞ্চালকালয়ক নিৰ্দেশ দিবলৈ আহ্বান জনাইছিল । এই সন্দৰ্ভত উচ্চ ন্যায়ালয়ে কয় যে ন্যায়ালয়ে এই বিষয়ত পৰৱৰ্তী তাৰিখতহে বিবেচনা কৰিব । আবেদনখনত আহ্বান জনোৱা হৈছে যে সম্পত্তি সঞ্চালকালয়ৰ ১১ ডিচেম্বৰৰ আদেশটো স্থগিত ৰাখিব লাগে বা বিকল্প অনুসৰি, ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা নোহোৱালৈকে মৈত্ৰক বাসস্থানৰ অধিকাৰ প্ৰদানৰ অনুমতি দিব লাগে ।

মহুৱা মৈত্ৰৰ হৈ উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা পিনাকী মিশ্ৰই কয় যে আবেদনকাৰীয়ে কেৱল ৩১ মে', ২০২৪ লৈকে চৰকাৰী আৱাসত অধিকাৰ ৰাখিব বিচাৰিছিল । সম্পত্তি সঞ্চালকালয়ক অতিৰিক্ত ছলিচিটৰ জেনেৰেল চেতন শৰ্মা আৰু কেন্দ্ৰীয় চৰকাৰৰ স্থায়ী অধিবক্তা অনুৰাগ আহলুৱালিয়াই প্ৰতিনিধিত্ব কৰে ।

উল্লেখ্য যে ব্যৱসায়ী দৰ্শন হিৰানন্দনীৰ পৰা উপহাৰ গ্ৰহণ কৰা আৰু তেওঁৰ সৈতে ইউজাৰ আইডি আৰু পাছৱ'ৰ্ডৰ লগতে সংসদৰ ৱেবছাইটৰ পাছৱ'ৰ্ড শ্বেয়াৰ কৰাৰ অভিযোগত মহুৱাক 'অনৈতিক আচৰণ'ৰ বাবে দোষী সাব্যস্ত কৰা হৈছিল । ইয়াৰ পিছত তেওঁক ৮ ডিচেম্বৰত লোকসভাৰ পৰা বহিষ্কাৰ কৰা হয় । লোকসভাই তেওঁক বহিষ্কাৰ কৰাৰ পৰামৰ্শ দিয়া নৈতিক সমিতিৰ প্ৰতিবেদন গ্ৰহণ কৰাৰ পিছত তেওঁ ইতিমধ্যে উচ্চতম ন্যায়ালয়ত এই বহিষ্কৰণৰ প্ৰত্যাহ্বান জনাইছে । গোচৰটো ২০১৪ চনৰ ৩ জানুৱাৰী তাৰিখে শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছে ।

লগতে পঢ়ক :বহিষ্কৃত বিৰোধী সাংসদৰ নকল সংসদ অধিবেশন; জগদীপ ধনখৰৰ মিমিক্ৰি তৃণমূলৰ কল্যাণ বেনাৰ্জীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.