ETV Bharat / bharat

Murder in Mumbai : প্ৰেমিকেৰে মিলি পত্নীয়ে হত্যা কৰিলে স্বামীক

author img

By

Published : Dec 3, 2022, 12:31 PM IST

২০২২ চনৰ জুন মাহত যেতিয়া কমলকান্তৰ মাতৃৰ মৃত্যু হয়, জৈন আৰু কবিতাই শ্বাহক হত্যা কৰি তেওঁৰ সকলো সম্পত্তি দখল কৰাৰ পৰিকল্পনা কৰে । তেওঁলোকে কমলাকান্তৰ খাদ্যত আৰ্ছেনিক মিহলি কৰিবলৈ আৰম্ভ কৰে । তেওঁক এনেদৰে একাধিকবাৰ লাহে লাহে বিহ সেৱন কৰাই যোৱাৰ ফলত সময়ৰ লগে লগে তেওঁৰ স্বাস্থ্যৰ গুৰুতৰ অৱনতি ঘটে (Wife and paramour kill Mumbai businessman) ।

murder
murder

নিউজ ডেস্ক, ৩ ডিচেম্বৰ : মুম্বাই অপৰাধ শাখাই (Mumbai Crime Branch) শুকুৰবাৰে এগৰাকী মহিলা আৰু তেওঁৰ অবৈধ প্ৰেমিকক তেওঁৰ স্বামী কমলকান্ত শ্বাহক হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে (woman and paramour murdered husband) । অভিযোগ অনুসৰি, তেওঁ আঢ়ৈ মাহ পূৰ্বে তেওঁৰ স্বামীক বিষ দি হত্যা কৰিছিল । উক্ত হত্যাকাণ্ডৰ অভিযুক্ত হিচাবে কবিতা শ্বাহ আৰু তেওঁৰ প্ৰেমিক হিতেশ জৈন বুলি চিনাক্ত কৰা হৈছে (woman allegedly poisoned husband) ।

আৰক্ষীয়ে জনোৱা মতে, মৃত কমলকান্ত শ্বাহ (৪৫) ছাণ্টাক্ৰুজ পশ্চিমৰ বাসিন্দা আছিল । তেওঁ ২০০২ চনত কবিতাৰ (৪৫) সৈতে বিবাহপাশত আবদ্ধ হৈছিল । অভিযুক্ত হিতেশ জৈন কমলকান্তৰ বন্ধু আছিল । দুয়োৱে পোছাকৰ ব্যৱসায় কৰিছিল । সেই সূত্ৰে কবিতাৰ সৈতে হিতেশৰ পৰিচয় । তাৰ পিছত প্ৰায় এক দশক পূৰ্বে তেওঁৰ সৈতে বিবাহ বহিৰ্ভূত সম্পৰ্কত লিপ্ত হয় কবিতা । ইয়াৰ ফলত পতি-পত্নীৰ মাজত ব্যৱধানৰ সৃষ্টি হয় আৰু তেওঁলোকে সঘনাই কাজিয়াত লিপ্ত হ'বলৈ আৰম্ভ কৰে ।

কিন্তু ২০২২ চনৰ জুন মাহত যেতিয়া কমলকান্তৰ মাতৃৰ মৃত্যু হয়, তেতিয়া জৈন আৰু কবিতাই মিলি শ্বাহক হত্যা কৰি তেওঁৰ সকলো সম্পত্তি হস্তগত কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰে । তেওঁলোকে তেওঁৰ খাদ্যত আৰ্ছেনিক মিহলি কৰিবলৈ আৰম্ভ কৰে । তেওঁ এনেদৰে একাধিকবাৰ লাহে লাহে বিহ সেৱন কৰাই থাকে (wife killed husband by slow poisoning) । যাৰ ফলত সময়ৰ লগে লগে তেওঁৰ স্বাস্থ্যৰ গুৰুতৰ অৱনতি ঘটে । ইয়াৰ পিছত শ্বাহক প্ৰথমতে ২৭ আগষ্টত আন্ধেৰীৰ ক্ৰিটিকেয়াৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ (CritiCare Hospital in Andheri) ।

পিছত তেওঁক ৩ ছেপ্টেম্বৰত ব'ম্বে হস্পিটেললৈ (Bombay Hospital) স্থানান্তৰিত কৰা হয় । আৰু তাতেই ১৯ ছেপ্টেম্বৰত তেওঁৰ মৃত্যু হয় । "চিকিৎসা প্ৰতিবেদনে প্ৰকাশ কৰিছে যে তেওঁৰ শৰীৰত আৰ্ছেনিক আৰু থেলিয়ামৰ উপস্থিতি পোৱা গৈছে । পৰিস্থিতিজনিত, কাৰিকৰী আৰু চিকিৎসা প্ৰমাণৰ ভিত্তিত কবিতা আৰু জৈনক শুকুৰবাৰে হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় ।" আৰক্ষীয়ে এনেদৰে কয় ।

উল্লেখ্য, চিকিৎসালয়খনৰ কৰ্তৃপক্ষই আৰক্ষীক ঘটনাটোৰ বিষয়ে সতৰ্ক কৰি দিছিল । তাৰ ভিত্তিতে আৰক্ষীয়ে শ্বাহৰ ভগ্নী কবিতা লালৱানীৰ ভাষ্য লিপিবদ্ধ কৰে । তেওঁ ভাতৃৰ মৃত্যুত কিবা ৰহস্যৰ গোন্ধ পাইছিল আৰু ঘটনাটোৰ তদন্ত কৰিবলৈ কৈছিল । ইয়াৰ পিছতে চলোৱা এক অনুসন্ধানৰ পিছত পোৱা প্ৰমাণবোৰে অভিযুক্তৰ অপৰাধ প্ৰমাণ কৰে । অৱশেষত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয় । ৰমাকান্ত আৰু কবিতাৰ দুটা সন্তানো আছে । তাৰে এগৰাকী 20 বছৰীয়া কন্যা আৰু এজন 17 বছৰীয়া পুত্ৰ ।

লগতে পঢ়ক :Badaruddin Ajmal controversy : "আজমলৰ মানসিক বিকৃতি ঘটিছে..!"

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.