ETV Bharat / bharat

ক'ভিডৰ ডেল্টা প্লাছ প্ৰকাৰক লৈ কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন ৰাহুল গান্ধীৰ

author img

By

Published : Jun 25, 2021, 2:22 PM IST

Delta plus
ক'ভিডৰ Delta plus প্ৰকাৰকলৈ কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন ৰাহুল গান্ধীৰ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে শুকুৰবাৰে চৰকাৰক প্ৰশ্ন কৰে যে কৰ'ণা ভাইৰাছৰ 'ডেল্টা প্লাছ' প্ৰকাৰৰ বিস্তাৰ পৰীক্ষা আৰু প্ৰতিৰোধ কৰিবলৈ বৃহৎ পৰিমাণৰ পৰীক্ষা কিয় কৰা হোৱা নাই আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিষেধকবোৰ (Vaccine) কিমান কাৰ্যকৰী । বহু বিশেষজ্ঞই ইতিমধ্যে উদ্বেগ প্ৰকাশ কৰি কয় যে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ দ্বাৰা ঘোষণা কৰা ডেল্টা প্লাছ প্ৰকাৰটোৱে দেশত কৰ'ণাৰ তৃতীয় ঢৌ আৰম্ভ কৰিব পাৰে ।

নেশ্যনেল ডেস্ক, ২৫ জুন : দেশত অব্যাহত আছে কৰ'ণাৰ (Corona) সংক্ৰমণ । ইতিমধ্যে কৰ'ণাৰ দ্বিতীয় ঢৌৱে গুৰুতৰ প্ৰভাৱ পেলাইছে দেশত । কিন্তু ইয়াৰ মাজতে বিশেষজ্ঞসকলে বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষাৰ অন্ত উল্লেখ কৰিছে অতি শীঘ্ৰে দেশত আহিব কৰ'ণাৰ তৃতীয় ঢৌ (Third wave)।

সমান্তৰালকৈ বিভিন্ন পৰীক্ষাত কৰ'ণা কেইবাটাও নতুন প্ৰকাৰ ধৰা পৰিছে । যিবোৰ পূৰ্বৰ প্ৰকাৰতকৈও ভয়ংকৰ । ইয়াৰ ভিতৰত ডেল্টা প্লাছ (Delta plus) প্ৰকাৰকলৈ চিন্তিত চিকিৎসক তথা বিশেষজ্ঞসকল । ইয়াৰ মাজতে বিৰোধীয়ে কেন্দ্ৰীয় চৰকাৰক (Central Government) বিভিন্ন ধৰণৰে সমালোচনা কৰা দেখা গৈছে ।

প্ৰতিষেধক আৰু কৰ'ণা প্ৰতিৰোধৰ ক্ষেত্ৰত পুনৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ প্ৰশ্ন কেন্দ্ৰীয় চৰকাৰলৈ ।

  • डेल्टा प्लस वेरिएंट पर मोदी सरकार से प्रश्न-

    - इसकी जाँच व रोकथाम के लिए बड़े स्तर पर टेस्टिंग क्यों नहीं हो रही?

    - वैक्सीन इसपर कितनी प्रभावशाली हैं व पूरी जानकारी कब मिलेगी?

    - तीसरी लहर में इसे नियंत्रित करने का क्या प्लान है?

    — Rahul Gandhi (@RahulGandhi) June 25, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে শুকুৰবাৰে চৰকাৰক প্ৰশ্ন কৰে যে কৰ'ণা ভাইৰাছৰ 'ডেল্টা প্লাছ' (Delta Plus) প্ৰকাৰৰ বিস্তাৰ পৰীক্ষা আৰু প্ৰতিৰোধ কৰিবলৈ বৃহৎ পৰিমাণৰ পৰীক্ষা কিয় কৰা হোৱা নাই আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিষেধকবোৰ (Vaccine) কিমান কাৰ্যকৰী । বহু বিশেষজ্ঞই ইতিমধ্যে উদ্বেগ প্ৰকাশ কৰি কয় যে, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয় (Central Health Ministry)ৰ দ্বাৰা ঘোষণা কৰা ডেল্টা প্লাছ (Delta Plus) প্ৰকাৰটোৱে দেশত কৰ'ণাৰ তৃতীয় ঢৌ আৰম্ভ কৰিব পাৰে । মোডী চৰকাৰক লগতে ৰাহুল গান্ধীয়ে টুইটযোগে প্ৰশ্ন কৰে যে, ডেল্টা প্ৰকাৰৰ বিষয়ে সম্পূৰ্ণ তথ্য কেতিয়া প্ৰকাশ হ'ব আৰু ভাইৰাছৰ তৃতীয় ঢৌত ইয়াক নিয়ন্ত্ৰণ কৰাৰ পৰিকল্পনা কি কৰিছে কেন্দ্ৰীয় চৰকাৰে ।

যোৱা এপ্ৰিল আৰু মে' মাহত মহামাৰীৰ দ্বিতীয় ঢৌৰ (Second wave) দ্বাৰা ভাৰত গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছে ৷ যাৰ ফলত দৈনিক বৃহৎ সংখ্যক লোকে প্ৰাণ হেৰুৱাইছে । বিভিন্ন চিকিৎসালয়ত অক্সিজেন যোগানৰ অভাৱৰ ফলত সমস্যা বৃদ্ধি পাইছিল । অৱশ্যে, ঘটনাৰ সংখ্যা সম্প্ৰতি নিম্নমুখী হৈছে আৰু যোৱা কেইবাদিনো ধৰি আক্ৰান্তৰ হাৰ (Positivity rate) হ্ৰাস পাইছে । দৈনিক ৪ লাখতকৈ অধিক ঘটনাৰ পৰা আৰম্ভ কৰি যোৱা কেইদিনমানত নতুন ক'ভিড (Covid) ৰোগীৰ সংখ্যা প্ৰায় ৫০ হাজাৰ হৈছে ।

লগতে পঢ়ক:কাশ্মীৰৰ সীমানিৰ্ধাৰণ: এনডিএ চৰকাৰ আৰু আঞ্চলিক দলসমূহৰ বাবে এক কাঁইটীয়া বিষয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.