ETV Bharat / bharat

আগষ্ট মাহত ভাৰতত ২০.৭ লাখ একাউণ্ট বন্ধ কৰিলে হোৱাটছ এপে

author img

By

Published : Oct 2, 2021, 1:20 PM IST

WhatsApp banned 20.7 lakh accounts in India in August
আগষ্ট মাহত ভাৰতত ২০.৭ লাখ একাউণ্ট বন্ধ কৰিলে হোৱাটছএপে

চলিত বৰ্ষৰ আগষ্ট মাহত ২০.৭ লাখ ভাৰতীয় ব্যৱহাৰকাৰীৰ একাউণ্ট বন্ধ কৰিলে হোৱাটছ এপে(WhatsApp) । তথ্য প্ৰযুক্তি(Intermediary Guidelines and Digital Media Ethics Code) নিয়ম ২০২১ ৰ অধীনত ১-৩১ আগষ্ট পৰ্যন্ত প্লেটফৰ্মটোৰ দ্বিতীয় মাহিলী প্ৰতিবেদনত প্ৰকাশ পোৱা মতে, হোৱাটছ এপে ভাৰতৰ ব্যৱহাৰকাৰীৰ পৰা ডাকযোগে, ই-মেইলযোগে ৪২০ টা অভিযোগ লাভ কৰিছে ।

নেশ্যনেল ডেস্ক, ২ অক্টোবৰ : শুকুৰবাৰে ফেচবুকৰ মালিকানাধীন হোৱাটছ এপে জনাইছে যে, নতুন তথ্য প্ৰযুক্তি নিয়ম ২০২১ অনুসৰি আগষ্ট মাহত ভাৰতত ২০.৭ লাখ একাউণ্ট বন্ধ কৰি দিয়া হৈছে । হোৱাটছএপে ৪১টা অভিযোগৰ ভিত্তিত এই একাউণ্টবোৰ বন্ধ কৰি দিছে ।

তথ্য প্ৰযুক্তি(Intermediary Guidelines and Digital Media Ethics Code) নিয়ম ২০২১ ৰ অধীনত ১-৩১ আগষ্ট পৰ্যন্ত প্লেটফৰ্মটোৰ দ্বিতীয় মাহিলী অভিযোগ নিষ্পত্তি প্ৰতিবেদনত প্ৰকাশ পোৱা মতে, হোৱাটছ এপে ভাৰতৰ ব্যৱহাৰকাৰীৰ পৰা ডাকযোগে, ই-মেইলযোগে ৪২০ টা অভিযোগ লাভ কৰিছে ৷

ইয়াৰ ভিতৰত ৪১ টা অভিযোগৰ ভিত্তিত একাউণ্টসমূহ বন্ধ কৰাৰ সিদ্ধান্ত লয় হোৱাটছ এপে । হোৱাটছ এপৰ মুখপাত্ৰই কৈছে যে, প্লেটফৰ্মটোৰ দ্বিতীয় মাহিলী অভিযোগ নিষ্পত্তি প্ৰতিবেদনত ব্যৱহাৰকাৰীয়ে দিয়া অভিযোগ আৰু হোৱাটছএপৰ দ্বাৰা লোৱা সংশ্লিষ্ট পদক্ষেপৰ বিষয়ে বিষদভাৱে উল্লেখ কৰা হৈছে । লগতে হোৱাটছ এপৰ অপব্যৱহাৰ কৰাসকলৰ বিৰুদ্ধে হোৱাটছ এপে নিজাকৈ প্ৰতিৰোধমূলক পদক্ষেপ গ্ৰহণ কৰিব । ১৬ জুনৰ পৰা ৩১ জুলাইলৈ হোৱাটছএপে নতুন তথ্য প্ৰযুক্তি নিয়ম অনুসৰি, ভাৰতত 30.2 লাখ একাউণ্ট নিষিদ্ধ কৰিছিল ।

হোৱাটছ এপৰ প্ৰথম মাহিলী অভিযোগ নিষ্পত্তি প্ৰতিবেদনত উল্লেখ থকা মতে, প্লেটফৰ্মটোৱে ভাৰতত ২০ লাখ একাউণ্ট নিষিদ্ধ কৰিছিল । এই ব্যৱহাৰকাৰীসকলে সৰ্বাধিক হাৰত ক্ষতিকাৰক অৰ্থাৎ আপত্তিজনক বাৰ্তা প্ৰেৰণ কৰাৰ চেষ্টা কৰিছিল । মুখপাত্ৰগৰাকীয়ে লগতে জনায় যে, অধিক হাৰত আপত্তিজনক বাৰ্তা প্ৰেৰণ কৰাত বাধা দিয়াৰ বাবে আৰু এনে বাৰ্তা প্ৰেৰণ কৰা একাউণ্টবোৰ চিনাক্ত কৰাত হোৱাটছ এপে গুৰুত্ব দি আহিছে ।

লগতে পঢ়ক: ত্ৰিপুৰাত চাৰি NLFT সদস্যৰ আত্মসমৰ্পণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.