ETV Bharat / bharat

ত্ৰিপুৰাত চাৰি NLFT সদস্যৰ আত্মসমৰ্পণ

author img

By

Published : Oct 2, 2021, 10:05 AM IST

Four NLFT militants lay down arms at tripura
ত্ৰিপুৰাত চাৰি NLFT সদস্যৰ আত্মসমৰ্পণ

ত্ৰিপুৰাত শনিবাৰে উগ্ৰপন্থী সংগঠন NLFT ৰ চাৰি সদস্যই আত্মসমৰ্পণ কৰে ৷ তেওঁলোকে 2019 চনত বাংলাদেশৰ NLFT কেম্পত অন্য সদস্যসকলৰ সৈতে NLFT(PD) ত ভৰ্তি হৈছিল ৷

আগৰতলা, 2 অক্টোবৰ : ত্ৰিপুৰাক উগ্ৰপন্থী মুক্ত কৰাৰ বাব বদ্ধপৰিকৰ আৰক্ষী ৷ ইয়াৰ বাবে ৰাজ্যখনত ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে ত্ৰিপুৰা আৰক্ষীয়ে ৷ আৰক্ষীৰ এই অভিযানৰ ফলশ্ৰুতিতে শনিবাৰে ত্ৰিপুৰাৰ NLFT (National Liberation Front of Tripura)ৰ চাৰিগৰাকী কেডাৰে অস্ত্ৰ সম্বৰণ কৰে ৷

আৰক্ষীয়ে জাৰি কৰা বিজ্ঞপ্তি অনুসৰি, চাৰিটা NLFT উগ্ৰপন্থী ক্ৰমে ডোবেৰাম ৰিয়াং, শৈলেন্দ্ৰ ৰিয়াং, সাম্প্ৰাই দেৱবৰ্মা, সুভলাল ত্ৰিপুৰাই আত্মসমৰ্পণ কৰে ৷ আত্মসমৰ্পণ কৰাৰ সময়ত তেওঁলোকে এটা আমেৰিকাত নিৰ্মিত পিষ্টল, ফেক্টৰীত নিৰ্মিত বন্দুক, চীনা গ্ৰেনেড, চাৰিজাঁই সজীৱ গুলি, NLFT ৰ সদস্যতাৰ ৰচিদ আৰু 800 বাংলাদেশী টাকা জমা দিয়ে ৷

প্ৰাৰম্ভিক তথ্যত পোহৰলৈ আহিছে যে, তেওঁলোকে 2019 চনত বাংলাদেশৰ NLFT কেম্পত অন্য সদস্যসকলৰ সৈতে NLFT(PD)ত ভৰ্তি হৈছিল ৷ কিন্তু উগ্ৰপন্থী সদস্য হিচাপে বাস্তৱ ক্ষেত্ৰত নামি তেওঁলোকে উপলব্ধি কৰিছিল যে ত্ৰিপুৰাৰ স্বাধীনতাৰ বাবে তেওঁলোকৰ যুদ্ধ সম্পূৰ্ণৰূপে সংক্ষিপ্ত ৷

ফিল্ডত থাকি তেওঁলোকে উপলব্ধি কৰিছিল যে এই হিংসাৰ পথত ভৱিষ্যতৰ কোনো সম্ভাৱনা নাই । আনহাতে, NLFT(PD) গোটে বৰ্তমান এক গুৰুতৰ বিত্তীয়/সাংগঠনিক সংকটৰ সন্মুখীন হৈছে । NLFT সংগঠনৰ বৰ্তমানৰ বিত্তীয় দুৰ্দশা আৰু ত্ৰিপুৰা আৰক্ষীৰ নিৰন্তৰ চাপৰ বাবে হতাশ অনুভৱ কৰি তেওঁলোকক বিদ্ৰোহৰ পথ এৰিবলৈ বাধ্য কৰা বুলি কয় আত্মসমৰ্পণকাৰী সদস্যকেইজনে ৷

লগতে পঢ়ক: ৰাজ্যসভাৰ সদস্যৰূপে শপত ল’লে সৰ্বানন্দ সোণোৱাল আৰু এল মুৰুগানে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.