ETV Bharat / bharat

ৰাজ্যসভাৰ সদস্যৰূপে শপত ল’লে সৰ্বানন্দ সোণোৱাল আৰু এল মুৰুগানে

author img

By

Published : Oct 1, 2021, 6:38 PM IST

Updated : Oct 1, 2021, 7:07 PM IST

ৰাজ্যসভাৰ সাংসদ ৰূপে শপত গ্ৰহণ নৱ নিৰ্বাচিত সাংসদ সৰ্বানন্দ সোণোৱাল আৰু এল মুৰুগানৰ ৷ সৰ্বানন্দ সোণোৱালে অসমীয়াত শপত গ্ৰহণ কৰাৰ বিপৰীতে তামিল ভাষাত শপত লয় এল মুৰুগানে ৷

Sarbananda Sonowal
ৰাজ্যসভাৰ সদস্যৰূপে শপত ল’লে সৰ্বানন্দ সোণোৱাল আৰু এল মুৰুগানে

নিউজ ডেস্ক, 01 অক্টোবৰ : শুকুৰবাৰে ৰাজ্যসভাৰ সাংসদ ৰূপে শপতগ্ৰহণ কৰে নৱ নিৰ্বাচিত সাংসদ সৰ্বানন্দ সোণোৱাল আৰু এল মুৰুগানে ৷ সৰ্বানন্দ সোণোৱাল অসমৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ বিপৰীতে মুৰুগান মধ্যপ্ৰদেশৰ পৰা নিৰ্বাচিত হৈ আহিছে ৷

ৰাজ্যসভাৰ অধ্যক্ষ তথা উপ-ৰাষ্ট্ৰপতি এম ভেংকেয়া নাইডুৱে দুয়োগৰাকী সাংসদক শপতবাক্য পাঠ কৰায় ৷ সৰ্বানন্দ সোণোৱালে অসমীয়াত শপত গ্ৰহণ কৰাৰ বিপৰীতে তামিল ভাষাত শপত লয় এল মুৰুগানে ৷

ইতিমধ্যে কেন্দ্ৰীয় কেবিনেটৰ বন্দৰ, জাহাজ আৰু জলপৰিহবণৰ লগতে আয়ুস দপ্তৰৰ মন্ত্ৰী পদ লাভ কৰিছে সৰ্বানন্দ সোণোৱালে ৷ মুৰুগানে মীন বিভাগৰ ৰাজ্যিক মন্ত্ৰীপদৰ লগতে পশুপালন-দুগ্ধপাম আৰু তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ ৰাজ্যিক মন্ত্ৰীৰ পদ লাভ কৰিছে মোডী মন্ত্ৰীসভাত ৷

সংখ্যালঘু পৰিক্ৰমা দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী মুকতাৰ আব্বাছ নাকভি, ৰাজ্যসভাৰ সচিব প্ৰধান পি পি কে ৰামাচাৰীয়ালু আৰু ৰাজ্যসভা সচিবালয়ৰ আন জ্যেষ্ঠ বিষয়া সকল উপস্থিত থাকে এই শপত গ্ৰহণ অনুষ্ঠানত ৷

উল্লেখযোগ্য যে, বিশ্বজিৎ দৈমাৰীয়ে ৰাজ্যসভাৰ সাংসদ পদ ত্যাগ কৰাত এই আসনখন খালি হৈছিল ৷ বিগত ২৭ ছেপ্টেম্বৰত বিনা প্ৰতিদ্বন্দিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল সৰ্বানন্দ সোণোৱাল । বিৰোধীৰ পৰ্যাপ্ত বিধায়ক নথকাৰ বাবেই এইখন আসনৰ বাবে বিৰোধীয়ে কোনো প্ৰাৰ্থী আগবঢ়োৱা নাছিল । ফলত ৰাজ্যসভালৈ সোণোৱালৰ পথ হৈ পৰিছিল মসৃন ।

লগতে পঢ়ক : নতুন SOP আহিল : ছবি গৃহ মুকলি কৰাৰ অনুমতি ৰাজ্য চৰকাৰৰ

Last Updated :Oct 1, 2021, 7:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.