ETV Bharat / bharat

ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ সভাপতি হিচাপে নিৰ্বাচিত সঞ্জয় সিং

author img

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 7:31 AM IST

President of Wrestling Federation of India
WFI ৰ নতুন সভাপতি সঞ্জয় সিং

President of Wrestling Federation of India (WFI) : সঞ্জয় সিং হৈছে WFI ৰ নতুন সভাপতি ৷ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত অনুষ্ঠিত হোৱা WFI ৰ নিৰ্বাচনত অনিতা শ্বেওৰাণৰ বিৰুদ্ধে ৪০ টা ভোট লাভ কৰি সঞ্জয় সিং জয়ী হয় ৷

নেশ্যনেল ডেস্ক, ২২ ডিচেম্বৰ : ভাৰতীয় মল্লযুঁজ ফেডাৰেচন চমুকৈ WFI ৰ নতুন সভাপতিৰ বাবে সকলোৱে বহুদিন ধৰি অপেক্ষা কৰি আছিল । মল্লযুঁজ ফেডাৰেচনৰ প্ৰাক্তন সভাপতি ব্রিজ ভূষণ শৰণ সিংহক অপসাৰণ কৰাৰ পাচত মল্লযুঁজ ফেডাৰেচনৰ নির্বাচন অনুষ্ঠিত কৰাত কিছু পলম হৈছিল ৷ যাৰ বাবে মল্লযুঁজ ফেডাৰেচনে কোনো নতুন সভাপতিক সভাপতিত্বৰ দায়িত্ব দিয়া নাছিল ৷

অৱশেষত ২১ ডিচেম্বৰত WFI নিৰ্বাচন সম্পূৰ্ণ হয় । ইতিমধ্যে এই নিৰ্বাচনৰ ফলাফলো ঘোষণা কৰা হৈছে । এই নিৰ্বাচনৰ ফলাফল অনুসৰি সঞ্জয় সিঙে নিৰ্বাচনত জয়লাভ কৰিছে । এতিয়া সঞ্জয় সিং হৈছে WFI ৰ নতুন সভাপতি । তথ্য অনুসৰি, ইউ পি ৰেছলিং এছ’চিয়েশ্যনৰ উপ সভাপতি সঞ্জয় সিঙে কমনৱেলথ গেমছৰ স্বৰ্ণ পদক বিজয়ী অনিতা শ্বেওৰাণৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছিল ৷ তেওঁ বৃহস্পতিবাৰে নিৰ্বাচনত অনিতা শ্বেওৰানক পৰাস্ত কৰিছিল ।

সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ কয়, ‘‘উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত নিৰ্বাচন অনুষ্ঠিত হৈছে । ইয়াৰ বাহিৰে কোনে কি কৈছে আৰু কি নাই তাক লৈ আমি চিন্তা নকৰো । আমি যৎপৰোনাস্তি চেষ্টা কৰিম খেলুৱৈসকলক সহায় কৰাৰ লগতে তেওঁলোকক এটা ভাল পৰিৱেশ দিয়াৰ ব্যৱস্থা কৰিম ।’’

এই নিৰ্বাচনত অনিতা শ্বেওৰাণৰ বিৰুদ্ধে ৪০টা ভোট লাভ কৰি সঞ্জয় সিঙে সভাপতি হয় । অনিতা শ্বেওৰাণৰ দলটোৱেও ২ টা পদত জয়লাভ কৰিছে । দেৱেন্দ্ৰ কাদিয়ানে ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ উপ-সভাপতিৰ পদ লাভ কৰাৰ বিপৰীতে প্ৰেম লোচাবক সন্থাৰ নতুন সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰা হৈছে । ইয়াৰ পূৰ্বে লোচাব ৰে’লৱে ক্ৰীড়া প্ৰচাৰ ব’ৰ্ডৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে ।

মল্লযুঁজাৰুসকল হতাশ হৈ পৰিছিল

এই নিৰ্বাচনৰ ফলাফলৰ পিচত হয়তো ভাৰতৰ শীৰ্ষ মল্লযুঁজাৰু বজৰং পুনিয়া, বিনেশ ফ’গাট আৰু সাক্ষী মালিকে স্তম্ভিত হ’লহেঁতেন । কাৰণ সঞ্জয় সিং ব্রিজ ভূষণৰ ঘনিষ্ঠ ৷ আনহাতে মল্লযুঁজাৰুসকলে বিচাৰিছিল যে সঞ্জয় সিঙৰ কোনো লোকেই নিৰ্বাচনত জয়ী নহ’ব ৷ কাৰণ মল্লযুঁজাৰুসকলে ভয় খাইছিল যে ব্রিজ ভূষণৰ দৰে পুনৰ একেই কাম হ’ব ৷ মহিলা খেলুৱৈৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গোচৰৰ বাবেই পদ হেৰুৱাইছিল ব্ৰিজ ভূষণে ৷

দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰিছে মল্লযুঁজাৰুসকলে । মল্লযুঁজাৰুসকলক ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে আশ্বাস দিয়ে যে ব্রিজ ভূষণৰ কোনো পৰিয়ালৰ সদস্য বা ঘনিষ্ঠ সহযোগীয়ে WFI ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দিয়া নহ’ব ৷ এতিয়া ইয়াৰ হুবহু বিপৰীত। RSS ৰ সৈতে জড়িত সঞ্জয় বাৰাণসীৰ বাসিন্দা আৰু ব্রিজ ভূষণৰ অতি ঘনিষ্ঠ সহযোগী ৷

লগতে পঢ়ক : ৰাজ্যসভাতো গৃহীত তিনি অপৰাধ বিধেয়ক; অপেক্ষা ৰাষ্ট্ৰপতিৰ ছীল-মোহৰলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.