ETV Bharat / bharat

Charge Sheet Against WFI Chief : ব্ৰীজ ভূষণৰ বিৰুদ্ধে অভিযোগনামা দাখিল দিল্লী আৰক্ষীৰ

author img

By

Published : Jun 15, 2023, 8:30 PM IST

Charge Sheet Against WFI Chief
Charge Sheet Against WFI Chief

দিল্লী আৰক্ষীয়ে অৱশেষত মল্লযোদ্ধাসকলৰ যৌন নিৰ্যাতনৰ গোচৰত বিজেপি সাংসদ তথা ভাৰতীয় কুস্তি ফেডাৰেচনৰ মুৰব্বী ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে । অভিযোগনামাৰ বিষয়ে বিতংকৈ জানিবলৈ পঢ়ক আমাৰ এই প্ৰতিবেদন ।

নিউজ ডেস্ক, ১৫ জুন : কেইবা মাহ ধৰি চলি থকা বিতৰ্কৰ অন্তত অৱশেষত দিল্লী আৰক্ষীয়ে বৃহস্পতিবাৰে বিজেপি সাংসদ তথা ভাৰতীয় কুস্তি ফেডাৰেনৰ মুৰব্বী ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতন আৰু মল্লযোদ্ধাসকলক অনুসৰণ কৰাৰ অপৰাধত অভিযোগনামা দাখিল কৰে ।

বিশেষ চৰকাৰী অধিবক্তা অতুল শ্ৰীবাস্তৱে আদালতৰ বাহিৰত সংবাদ মাধ্যমক জনোৱা মতে, অভিযোগনামাখন ধাৰা ৩৫৪ (মহিলাগৰাকীক তেওঁৰ শালীনতা ভংগ কৰাৰ উদ্দেশ্যৰে আক্ৰমণ বা অপৰাধমূলক বল প্ৰয়োগ), ৩৫৪এ (যৌন নিৰ্যাতন), ৩৫৪ডি (অনুসৰণ) আৰু ৫০৬ (অপৰাধমূলক ভাবুকি) ধাৰাৰ অধীনত দাখিল কৰা হয় ।

অৱশ্যে অভিযোগনামা দাখিল কৰাটো প্ৰতিবাদকাৰী মল্লযোদ্ধাসকলৰ বাবে এক ডাঙৰ সকাহ হিচাপে পৰিগণিত হ'লেও তেওঁলোকে আন এক বিফলতাৰো সন্মুখীন হ'বলগা হয় । কিয়নো আৰক্ষীয়ে সিঙৰ বিৰুদ্ধে এগৰাকী নাবালিকা মল্লযোদ্ধাই দাখিল কৰা অভিযোগ বাতিল কৰাৰ পৰামৰ্শ দিয়ে । এই অভিযোগৰ কোনো যুক্তিগত প্ৰমাণ নাই বুলি উল্লেখ কৰি আদালতে এই অভিযোগ প্ৰত্যাহাৰ কৰে । উল্লেখ্য যে নাবালিকাগৰাকীৰ পিতৃয়ে অলপতে ভাৰতীয় কুস্তি ফেডাৰেচনৰ প্ৰধানগৰাকীৰ বিৰুদ্ধে 'মিছা' যৌন নিৰ্যাতনৰ অভিযোগ দাখিল কৰাৰ কথা স্বীকাৰ কৰিছিল । কিন্তু বহুতে দাবী কৰে যে তেওঁৰ এই বক্তব্য আচলতে তীব্ৰ হেঁচাৰ বাবেহে আহিছিল ।

"আমি পক্সো গোচৰৰ চূড়ান্ত প্ৰতিবেদন দাখিল কৰিছোঁ । পৰৱৰ্তী শুনানিৰ তাৰিখ ৪ জুলাইত হ'ব ।" শ্ৰীবাস্তৱে কয় । উল্লেখ্য, ২৮ এপ্ৰিলত দিল্লী আৰক্ষীয়ে ব্ৰীজ ভূষণ সিঙৰ বিৰুদ্ধে কনট প্লেচ আৰক্ষী থানাত যৌন নিৰ্যাতনৰ দুটা গোচৰ ৰুজু কৰে । আৰক্ষীয়ে বিদেশী ৰাষ্ট্ৰসমূহৰ কুস্তি ফেডাৰেচনসমূহলৈও নিৰ্দিষ্ট বিৱৰণ বিচাৰি পত্ৰ লিখে । কিয়নো এই অভিযোগবোৰ প্ৰায় পাঁচখন দেশত অনুষ্ঠিত বিভিন্ন প্ৰতিযোগিতাৰ সৈতে সম্পৰ্কিত আছিল ।

যিহেতু বিদেশী ফেডাৰেচনবোৰে এতিয়াও ইয়াৰ কোনো সঁহাৰি দিয়া নাই, সেয়ে অভিযোগটোত উল্লেখ কৰা উদাহৰণবোৰৰ সৈতে সম্পৰ্কিত অভিযোগবোৰ বিদেশত সংঘটিত হোৱা বুলি পৰিপূৰক অভিযোগনামাতহে সংযুক্ত কৰা হ'ব বুলি আৰক্ষীয়ে কয় । দিল্লী আৰক্ষীয়ে বিচৰা বিৱৰণত ফেডাৰেচনৰ দ্বাৰা অনুষ্ঠিত প্ৰতিযোগিতাসমূহৰ ফটো আৰু ভিডিঅ'ও অন্তৰ্ভুক্ত আছে । এগৰাকী জ্যেষ্ঠ তদন্তকাৰী বিষয়াৰ মতে, আয়োজকসকলে মল্লযোদ্ধাসকলক প্ৰদান কৰা আবাসৰ ঠাইবোৰৰ চিচি টিভি ফুটেজো বিচাৰিছে আৰক্ষীয়ে ।

১৮০ জনৰো অধিক লোকক সোধাপোছা কৰা হৈছে : ডব্লিউএফআই প্ৰধানৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্তৰ বাবে গঠন কৰা বিশেষ অনুসন্ধানকাৰী দলে এতিয়ালৈকে ১৮০ জনৰো অধিক লোকক সোধাপোছা কৰিছে । এছআইটিয়ে গোণ্ডাস্থিত বিজেপি সাংসদ ব্ৰীজ ভূষণ সিঙৰ বাসগৃহও পৰিদৰ্শন কৰে । তাত সাংসদজনৰ আত্মীয়, সহকৰ্মী, ঘৰুৱা সহায়ক আৰু তেওঁৰ সহযোগীসকলৰ বিবৃতিও লিপিবদ্ধ কৰে ।

আনহাতে, ঘটনাক্ৰমৰ বিষয়ে পুনৰ জানিবলৈ এগৰাকী মহিলা মল্লযোদ্ধাক ৰাষ্ট্ৰীয় ৰাজধানীস্থিত সাংসদজনৰ চৰকাৰী বাসভৱনলৈ লৈ যোৱা হৈছিল, য'ত অপৰাধটো সংঘটিত হোৱা বুলি অভিযোগ কৰা হৈছে ।

লগতে পঢ়ক :Wrestlers protest : ব্ৰীজ ভূষণৰ বিৰুদ্ধে পক্সো গোচৰত চূড়ান্ত প্ৰতিবেদন দাখিল দিল্লী আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.