ETV Bharat / bharat

Mamata Banerjee arrives Amitabh Bachchans residence : অমিতাভ বচ্চনক ৰাখী বান্ধিলে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে

author img

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 10:30 PM IST

Updated : Aug 30, 2023, 10:50 PM IST

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৰাখী বান্ধিবলৈ বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ বাসগৃহত উপস্থিত হয়। এই সময়ছোৱাত তেওঁ জয়া বচ্চন আৰু অন্যান্য সদস্যসকলকো লগ পায়।

Mamata Banerjee arrives Amitabh Bachchans residence
ৰাখী বান্ধিবলৈ বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ বাসগৃহত উপস্থিত মমতা বেনাৰ্জী

নিউজ ডেস্ক, 30 আগষ্ট : পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বুধবাৰে বলীউডৰ অভিনেতা অমিতাভ বচ্চনক মুম্বাইস্থিত তেওঁৰ বাসগৃহত সাক্ষাৎ কৰে ৷ মেগাষ্টাৰ জনক সাক্ষাৎ কৰি পশ্চিম বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাখী বান্ধে ৷ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু বচ্চন পৰিয়ালৰ ছবি এতিয়া চৰ্চালৈ আহিছে ৷

31 আগষ্ট আৰু 1 ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া ভাৰতীয় ৰাষ্ট্ৰীয় উন্নয়নমূলক অন্তৰ্ভুক্ত মিত্ৰজোঁটৰ (INDIA) দুদিনীয়া বৈঠকত অংশগ্ৰহণ কৰিবলৈ মুম্বাই বিমানবন্দৰত উপস্থিত হোৱাৰ পিছত মমতা বেনাৰ্জীয়ে বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ জুহুৰ বাসগৃহত উপস্থিত হয় ৷ মুম্বাই ভ্ৰমণৰ সময়ত অমিতাভ বচ্চনে মমতা বেনাৰ্জীক নিজৰ বাসগৃহত চাহ খাবলৈ নিমন্ত্ৰণ জনাইছিল বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : Karnataka: কংগ্ৰেছ শাসিত কৰ্ণাটকত গৃহ লক্ষ্মী আঁচনি মুকলি; 1 কোটি মহিলালৈ মাহিলি 2 হেজাৰ টকাৰ সাহায্য

অমিতাভ বচ্চনক সাক্ষাৎ কৰাৰ পাছত বংগৰ মুখ্যমন্ত্ৰী গৰাকীৰ এটা ভিডিঅ’ পোহৰলৈ আহিছে ৷ ভিডিঅ’টোত মমতা বেনাৰ্জীয়ে ‘আজি মই সুখী’ বুলি কোৱা দেখা গৈছে ৷ অমিতাভ বচ্চনক লগ পাই ৰাখীও বান্ধি দিলোঁ ৷ এই পৰিয়ালটো মোৰ বৰ ভাল লাগে ৷ ভাৰতৰ এক নম্বৰ পৰিয়াল ৷ তেওঁলোকৰ অৱদানও অপৰিসীম ৷ দুৰ্গা পূজা আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰিবলৈও তেওঁক নিমন্ত্ৰণ জনাইছোঁ বুলিও কয় বংগৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

যোৱা বছৰ কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত অংশ লৈছিল অমিতাভ বচ্চনে ৷ য’ত ভাৰতীয় চিনেমালৈ আগবঢ়োৱা অৱদানৰ বাবে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্ন বঁটা প্ৰদান কৰিবলৈ দাবী জনাইছিল মমতা বেনাৰ্জীয়ে ৷

উল্লেখযোগ্য যে, আজি পৱিত্ৰ ৰাখী পূৰ্ণিমা ৷ পৰম্পৰাগতভাৱে দেশৰ বিভিন্ন প্ৰান্তত আজি উদযাপন কৰা হৈছে ৰাখীবন্ধন ।

লগতে পঢ়ক : PM Candidate for INDIA Bloc : অৰবিন্দ কেজৰিৱাল ইণ্ডয়া মিত্ৰজোঁটৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হওক; আপ মুখপাত্ৰৰ দাবী

Last Updated :Aug 30, 2023, 10:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.